দুৰ্নীতিৰে এ পি এচ চিৰ চাকৰি লোৱাৰ অভিযোগত আৰু ৫ গৰাকী বিষয়াক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

Assam-Public-Service-Commission-Logo

দুৰ্নীতিৰে এ পি এচ চিৰ চাকৰি লোৱাৰ অভিযোগত মঙলবাৰে নিশা ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই অসমৰ বিভিন্ন ঠাইত কৰ্মৰত ৫ গৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা বিষয়াকেইগৰাকী হৈছে দক্ষিণ শালমাৰাৰ ২৬নং বেটেলিয়নৰ সহকাৰী আৰক্ষী অধীক্ষক কৌশিক কলিতা, নলবাৰীৰ কৰ পৰিদৰ্শক বৰ্ণালী দেৱী, ঢকুৱাখনাৰ চক্ৰ বিষয়া ঋতুৰাজ গগৈ, মাজুলীৰ সহকাৰী নিয়োগ বিষয়া সত্যজিত্‍ সৰকাৰ আৰু ৰঙিয়া মহকুমা আবকাৰী পৰিদৰ্শক অভিষেক বৰবৰা।

মহানগৰীৰ কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাত আটাইকেইজন বিষয়াকে মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

এ পি এচ চি গোচৰৰ তদন্ত চলাই থকা অসম আৰক্ষী্যে এইবাৰ ২০১৩ বৰ্ষৰ বিষয়াসকলৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৭ ফেব্ৰুৱাৰিত কালি গ্ৰেপ্তাৰ কৰাসকলকো ধৰি মুঠ ৯গৰাকী বিষয়াক চমন জাৰি কৰি কাহিলীপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ মাতি আনি হস্তাক্ষৰ চিহ্নৰ নমুনা সংগ্ৰহ কৰিছিল তদন্তকাৰী আৰক্ষীয়ে৷ হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰোঁতে তেওঁলোকক বোলে আৰক্ষীয়ে সোধ-পোচো কৰিছিল।

অভিশিখা বৰুৱা, ঋতুৰাজ গগৈ, জয়দীপ মহন্ত, কৌশিক কলিতা, সত্যজিত্‍ সৰকাৰ, বৰ্ণালী দেৱী, অভিষেক বৰবৰা, সঞ্জন ফুকন, দেবব্ৰত দে’ক আৰক্ষীয়ে চমন জাৰি কৰিছিল৷