দেশৰ ভিতৰতে পৰিষ্কাৰ জৈৱিক গাওঁ হিচাপে গঢ়াৰ অভিযান আৰম্ভ কৰিছে ছিকিমৰ চালামথাঙ গাওঁখনে

c-1-570x320

দক্ষিণ ছিকিমৰ এখন গাওঁ চালামথাঙে ৰাজ্যৰ লগতে দেশৰ ভিতৰতে এখন পৰিষ্কাৰ জৈৱিক গাওঁ হিচাপে তুলিবলৈ এমাহজোৰা এক অভিযান আৰম্ভ কৰিছে।

স্থানীয় পঞ্চায়ত, আত্মসহায়ক গোটৰ সদস্যসকল, বিদ্যালয়ৰ শিক্ষক আৰু গাওঁবাসীয়ে সোমবাৰে আৰম্ভ কৰা অভিযানটোত উৎসাহেৰে অংশগ্ৰহণ কৰিছে। দক্ষিণ ভীম লাখেৰ উপাধ্যক্ষ আৰু টেমিৰ খণ্ড উন্নয়ন বিষয়া কৃষ্ণ কলা গুৰুং অভিযানৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে।

টেমি নামফিং সমষ্টিৰ অন্তৰ্গত গাওঁখনত প্ৰায় ২২২ টা পৰিয়াল আছে আৰু মুঠ জনসংখ্যা ১,০৭১ জন।

টেমি চাহ বাগিচাৰ পৰিচালন সঞ্চালক মৃণালিনী শ্ৰীবাস্তৱে জনায় যে চালামথাং ভ্ৰমণকাৰীৰ থকা স্থান হিচাপে বিখ্যাত। কিন্তু পৰ্যটকসকলে প্ৰায়েই গাওঁখনৰ আকৰ্ষণ সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰে। সেয়েহে আমি ইয়াক এখন পৰিচ্ছন্ন জৈৱিক গাওঁ হিচাপে গঢ়ি তোলাৰ কথা চিন্তা কৰিছো।

‘’আমি লগতে ভৱিষ্যতে ইয়াত এটা পৰম্পৰাগত নিৰাময় কেন্দ্ৰ আৰু আৰোগ্য স্পা স্থাপনৰ পৰিকল্পনা কৰিছো যাৰ বাবে অতি সোনকালেই ইটালিয়ান ঔষধীয় প্ৰশিক্ষক এগৰাকী ইয়ালৈ আহিব। আমি য়ুনেস্কোক এই গাওঁখন অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান জনাইছো,’’-তেওঁ কয়।

গাওঁবাসীৰ সহযোগিতা আৰু কঠোৰ পৰিশ্ৰমে আমাক আমাৰ লক্ষ্যত উপনীত হোৱাত নিশ্চিতভাৱে সহায় কৰিব বুলিও তেওঁ আশা ব্যক্ত কৰে।

চালামথাং পঞ্চায়তৰ সদস্য ৰেণুকা শৰ্মাই কয়, ‘’আমি আমাৰ গাওঁখন এটা বিখ্যাত পৰ্যটনস্থলী কৰি গঢ়ি তুলিব বিচাৰো। আমাৰ ইতিমধ্যে ১০ টা চৰকাৰী নিবাস আছে আৰু আমি ব্যক্তিগত নিবাস গঢ়ি তোলাৰ বাবে চিন্তা কৰিছো। ইয়াত ১৬ টা আত্মসহায়ক গোট আছে য’ত মহিলাসকলক তেওঁলোকৰ আয় বৃদ্ধি কৰা আৰু স্বাৱলম্বী কৰি তোলাৰ শিক্ষা দিয়া হয়।’

”এই অভিযানৰ জৰিয়তে আমি আমাৰ ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিব বিচাৰো আৰু এটা দৃষ্টান্ত প্ৰতিষ্ঠা কৰিব বিচাৰো,’’-তেওঁ কয়।