৬টা ভিন্ন দাবী লৈ সদৌ অসম স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সংস্থাৰ উত্তাল প্ৰতিবাদ

Teachers protest at Dispur Lastgate

মঙলবাৰৰ পৰা চলি থকা সোণোৱাল চৰকাৰৰ বাজেট অধিৱেশনৰ সময়তে চৰকাৰবিৰোধী শ্ল’গানেৰে সদৌ অসম স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সংস্থাই বুধবাৰে বিভিন্ন দাবী লৈ দিচপুৰ লাষ্টগেইটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সংস্থাই ৩১৫০খন বিদ্যালয়ক পূৰ্বৰ আইনৰ দৰে প্ৰাদেশিকীকৰণ কৰা, ২০১৭ চনত প্ৰাদেশিকীকৰণ আইনৰ অন্তৰ্ভুক্ত সকলো বিদ্যালয়ৰ শিক্ষকক ফিক্সড পেৰ পৰিৱৰ্তে দৰমহাৰ স্কেল দিয়া, ছিডিউল চি ছেক্সন ৮ (৩)ত থকাৰ দৰে ৫জন শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰা,  ‘ইছ্যু’ তাৰিখৰ ঠাইত ‘এফেক্ট’ তাৰিখক গণ্য কৰি বিদ্যালয়ৰ পদ প্ৰাদেশিকীকৰণ কৰা, ২০০৯-১০ বৰ্ষৰ ডাইচ কোড নথকা সকলো বিদ্যালয়ৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰা তথা যিসকল শিক্ষকে বিদ্যালয় প্ৰতিষ্ঠাৰ পৰাই পাঠদান কৰাই পদসমূহ প্ৰাদেশিকীকৰণ নোহোৱাকৈ বিনাবেতনে অৱসৰগ্ৰহণ কৰিছিল সেইসকল শিক্ষককো আৰ্থিক সাহায্য দিয়াকে ধৰি মুঠ ৬টা দাবী জনায়।

আনহাতে বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো তেওঁলোকৰ সমস্যাৰ প্ৰতি কোনোধৰনৰ কাণসাৰ নিদিয়া চৰকাৰখনে যদি উক্ত দাবীসমূহ চলিত বিধানসভাত উহ্থাপন নকৰে তেন্তে অহা ৫ মাৰ্চত পুনৰ দিচপুৰ লাষ্টগেটত আৰু অধিক জোৰদাৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি সংস্থাৰ মুখ্য সম্পাদক মনোহৰ হুছেইনে জানিবলৈ দিয়ে।