দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফল প্ৰকাশ : অচিৰেই ১৪ হাজাৰ শিক্ষক নিযুক্তিৰ কথা ঘোষণা শিক্ষা মন্ত্ৰীৰ

অসমৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুণোৎসৱ সম্পৰ্কে এক সংবাদ মেলৰ আয়োজন কৰে। শিক্ষা মন্ত্ৰীগৰাকীয়ে সংবাদ মেলৰ জৰিয়তে ৰাজ্যত হৈ যোৱা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফল বিতংভাৱে ঘোষণা কৰে। মুঠ ১১.২০ লাখ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত ৰাজ্যৰ ১৬৭২ খন বিদ্যালয়ে A+ গ্ৰেড পাবলৈ সক্ষম হয়। লগতে ৫৪৮০ খন বিদ্যালয়ে A গ্ৰেড, ৬০৪৭ খনে B গ্ৰেড, ৩৬৩৮ খন বিদ্যালয়ে C গ্ৰেড আৰু ১৯৭৪ খন বিদ্যালয়ে D গ্ৰেড পোৱা বুলি সংবাদ মেলত সদৰী কৰে। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত ৰাজ্যখনৰ মুঠ ১২খন জিলাৰ ভিতৰত শিৱসাগৰ জিলা প্ৰথম, তিনিচুকীয়া জিলা দ্বিতীয় আৰু কামৰূপ(ম) জিলাই তৃতীয় স্থানেৰে উন্নতমানৰ ফলাফল আগবঢ়ায়। প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ তুলনাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত বিদ্যালয় সমূহে যথেষ্ট ভাল ফলাফল কৰা বুলি জনায়। উক্ত সংবাদ মেলতে মন্ত্ৰী শৰ্মাই জনায় যে ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অহা বৰ্ষৰ ৩ৰ পৰা ৬জানুৱাৰিৰ ভিতৰত সম্পন্ন কৰা হ’ব । লগতে তেওঁ কয় যে  A+ গ্ৰেড পোৱা বিদ্যালয় সমূহক ফেব্ৰুৱাৰিৰ ভিতৰত গুৱাহাটীত সম্বৰ্ধনা জনোৱা হ’ব।

মন্ত্ৰী শৰ্মাই জনোৱা অনুসৰি ৰাজ্যৰ ৬৫২খন স্কুলত আছে মাত্ৰ এজনকৈ শিক্ষক। আনহাতে তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ পিছত ১৪ হাজাৰ নতুন শিক্ষকক নিযুক্তি দিয়া হ’ব বুলি শিক্ষা মন্ত্ৰীগৰাকীয়ে এই সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰে। ইয়াৰ উপৰি নতুন শিক্ষা বৰ্ষৰ বাবে সকলো বিদ্যালয়লৈ ৫ জানুৱাৰিৰ ভিতৰত কিতাপৰ যোগান ধৰা হ’ব বুলিও জনায়।