দৰঙত বজ্ৰপাতত ২০ বছৰীয়া মহিলাৰ মৃত্যু, দুটি শিশুকে ধৰি আহত ৩ জন

Lightning-570x320

প্ৰতিনিধিত্বমূলক ফটো

দৰং জিলাৰ দলগাওঁ ৰাজহ চক্ৰৰ অধীনৰ শ্যামপুৰ আৰু বৰইপাৰা গাঁৱত সোমবাৰে ৰাতিপুৱা সংঘটিত হোৱা বজ্ৰপাতত ২ নং শ্যামপুৰ গাঁৱৰ চৈয়দা বেগম নামৰ  এগৰাকী ২০ বছৰীয়া মহিলা নিহত হোৱাৰ লগতে দুটি শিশুকে ধৰি তিনিজন লোক গুৰুতৰভাৱে আহত হয়।

আহতসকলক ততাতয়াকৈ জিলাখনৰ খাৰুপেটীয়া ৰাজহুৱা স্থাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।

আহত তিনিজনৰ ভিতৰত ১২ বছৰীয়া ছবিনা খাতুন আৰু ১৪ বছৰীয়া হামিদুৰ ৰহমান ২নং শ্যামপুৰ গাঁৱৰ হোৱাৰ বিপৰীতে আনজন আহত ২৪ বছৰীয়া জৰিণা বেগম হৈছে বৰইপাৰা গাঁৱৰ বাসিন্দা।

শ্যামপুৰত শীতল বৰষুণৰ লগতে হোৱা বজ্ৰপাত গৃহত পৰাৰ বিপৰীতে বৰাইপাৰাত ৰাজহুৱা পথাৰত পৰা বজ্ৰপাতত আক্ৰান্তগৰাকী আহত হৈছিল।

এইখিনিতে উল্লেখযোগ্য যে দেশখনৰ উত্তৰ-পূৰ্বাঞ্চল গোটেই ফেব্ৰুৱাৰি মাহটো শুকান হৈ আছিল। মাহটোৰ দ্বিতীয় সপ্তাহটোত কিছু চিকমিকনি দেখা পোৱা গৈছিল যদিও অঞ্চলটোৰ নামনি ভাগতহে মাত্ৰ বৰষুণ হৈছিল।

অৱশ্যে, যোৱা শুকুৰবাৰৰ পৰা উত্তৰ-পূব ভাৰতৰ কিছু অংশত কিছু বিজুলী প্ৰত্যক্ষ কৰা হৈছিল। কিন্তু এই বৰষুণ প্ৰধানকৈ অঞ্চলটোৰ কেৱল অসম আৰু অৰুণাচল প্ৰদেশতে আৱদ্ধ আছিল।

সোমবাৰে অসমৰ অন্যান্য অংশৰ লগতে দৰং জিলাৰ কেইবাঠাইতো বৰষুণৰ লগতে বজ্ৰপাত পৰে।