ভাৰাতীয়া শিক্ষকেৰে পাঠদান কৰাই ৰঙাঘৰত প্ৰধান শিক্ষকসহ ৩ শিক্ষক

Dhubri-story-1-570x320

টেট শিক্ষকৰ পৰা ভাৰ-ভেটী খাই ভাৰাতীয়া শিক্ষকেৰে শিক্ষাদান কৰাই, সম্প্ৰতি ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে এজন প্ৰধান শিক্ষক। লগতে গ্ৰেপ্তাৰ হৈছে ভেটী দিয়া টেট শিক্ষকজন আৰু আৰু  ভাৰাতীয়া শিক্ষকজনো। সোমবাৰে ধুবুৰী আৰক্ষীয়ে  দক্খষিণ শালমাৰা খণ্ড শিক্ষা বিষয়াৰ পৰা লাভ কৰা এক অভিযোগৰ ভিত্তিত এই শিক্ষক ৩ জনক গ্ৰেপ্তাৰ কৰিছে। সীমা সুৰক্ষা বাহিনীৰ সহযোগত ধুবুৰী আৰক্ষীয়ে এই ৩ জনক আটক কৰিছে বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণি মতে, নলবাৰী জিলাৰ হাজো অঞ্চলৰ বাসিন্দা আয়ুবুদ্দিন আলীয়ে ধুবুৰীৰ ১৪৮০ নং কাতিয়াৰ আলগা বিদ্যালয়ত টেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল। পিছে নিযুক্তিৰ পাছৰ পৰা এদিনো  দিনৰ পৰা এদিনো বিদ্যালয়ত উপস্থিত থকা নাছিল। মাহেকীয়া ভিত্তিত টকা-সিকা ভেটী দি প্ৰধান শিক্ষক নুৰ মহম্মদক সৈমান কৰাই আয়ুবুদ্দিন আলীয়ে তেওঁৰ ঠাইত মফিজুল হক নামৰ এজন ব্যক্তিক  মাহেকত ৫,০০০ টকা দি ভাৰাতীয়া শিক্ষক হিচাপে নিযুক্তি দিছিল।

দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া (বি এ ই অ’) দেৱাশীষ সিনহাই চালাকুৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১৪৮০ নং কাতিয়াৰ আলগা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৩ জন শিক্ষকৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দিয়ে।

শিক্ষা বিভাগে এই বিষয়ত তথ্য লাভ কৰিছিল। তাৰোপৰি, এই বিদ্যালয়খনৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ খাদ্যৰ লগতে অন্যন্য দৈনন্দিন নানা বিষয়ত অনিয়মৰ তথ্য লাভ কৰিছিল বুলি খণ্ড শিক্ষা বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

গোটেইকেইজন অভিযুক্তকে প্ৰথমতে ধুবুৰী আৰক্ষী থানালৈ অনা হয় কিন্তু সংশ্লিষ্ট বিদ্যালয়খন দক্ষিণ শালমাৰা আৰক্ষী থানাৰ এক্তিয়াৰৰ ভিতৰুৱা হোৱা বাবে তেওঁলোকক পাছত দক্ষিণ শালমাৰা আৰক্ষী থানালৈ লৈ যোৱা হয়।