সমগ্ৰ দেশৰ লগতে ত্ৰিপুৰাটো সম্পূৰ্ণ ধাৰ্মিক পৰম্পৰাৰে প্ৰভু জগন্নাথৰ ৰথযাত্ৰা উৎসৱ পালন কৰা হয়। প্ৰভু জগন্নাথ, বলৰাম আৰু ভগ্নী সুভদ্ৰাই মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ দিনটোৰ সৈতে ৰজিতা খুৱাই বাৰ্ষিক ৰথযাত্ৰা উৎসৱে প্ৰতীকাত্মকভাৱে মানুহক একতাৰ ডোলেৰে বান্ধ খুৱায়। প্ৰভু জগন্নাথৰ ৰথৰ ৰচী টনাৰ বাবে ৰাজধানী আগৰতলাৰ জগন্নাথ মন্দিৰত হাজাৰ হাজাৰ ভক্ত সমৱেত হয়।
প্ৰণিধানযোগ্য যে ১৯০৫ চনত ত্ৰিপুৰাৰ মাণিক্য ৰাজবংশৰ মহাৰাজ ৰাধা কিশোৰ মাণিক্যই জগন্নাথ মন্দিৰটো নিৰ্মাণ কৰোৱাইছিল। তেওঁৰ ৰাজত্বৰ সময়ৰ পৰাই এই উৎসৱ ত্ৰিপুৰাত পালিত হৈ আহিছে।
উল্লেখ্য যে মাণিক্য ৰাজবংশই ত্ৰিপুৰাত ৫০০ বছৰ ধৰি শাসন কৰিছিল।
এই মন্দিৰটোৰ উপাস্য দেৱ-দেৱীৰ মূৰ্তিসমূহ পুৰীৰ পৰা অনোৱা হৈছিল আৰু ১১৩ বছৰ পূৰ্বেই ইয়াতে ৰথযাত্ৰা উৎসৱ পালন কৰাৰ পৰম্পৰা আৰম্ভ কৰা হৈছিল।
এই উৎসৱত ভক্তবৃন্দই জগন্নাথ, বলৰাম আৰু ত্ওঁলোকৰ ভগ্নী সুভদ্ৰাক উপাসনা আৰু পূজা অৰ্চনা কৰে।
জাতি, ধৰ্ম, বৰ্ণ, বয়স নিৰ্বিশেষে ৰাজ্যখনৰ সকলোৱে এই ৰথযাত্ৰা উৎসৱত অংশগ্ৰহণ কৰে।
এই উৎসৱত অংশগ্ৰহণ কৰাৰ বাবে ৰাজ্যৰ বাহিৰৰ পৰাও মানুহ আহে।
জগন্নাথক সন্তুষ্ট কৰাৰ বাবে শিশুসকলেও চহৰখনৰ ভিন্ন ভিন্ন পথত সৰু সৰু ৰথযাত্ৰা উলিয়ায়।
ৰাজধানী আগৰতলাৰ লগতে মেলাঘৰতো এই উৎসৱ পালন কৰা হয় আৰু এই স্থানত প্ৰভু জগন্নাথৰ ৰথ টনাৰ বাবে হাতী ব্যৱহাৰ কৰা হয়।