• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2025 11:08 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ব পাৰে এগৰাকী মহিলা নেত্ৰী? নিৰ্মলা সীতাৰমনক লৈ ব্যাপক চৰ্চা চলিছে। ‘ইণ্ডিয়া টুডে’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি জগত প্ৰকাশ নাড্ডাৰ পিছত বিজেপিৰ শীৰ্ষ নেতাসকলে এগৰাকী মহিলা নেত্ৰীক দলৰ দায়িত্ব দিবলৈ বিচাৰিছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে তিনিগৰাকীৰ নাম চৰ্চালৈ আহিছে। তেওঁলোক হ’ল নিৰ্মলা সীতাৰমণ, ডি পুৰন্দেশ্বৰী আৰু বানাথি শ্ৰীনিবাসন। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘইও দলৰ দায়িত্ব এগৰাকী মহিলা নেত্ৰীক গতাই দিয়াৰ ক্ষেত্ৰত ইতিবাচক মনোভাৱ দেখুৱাইছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

Apply Now

দলটোৰ এটা অংশই দাবী কৰিছে যে জে পি নাড্ডাৰ পাছত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি হোৱাৰ দৌৰত নিৰ্মলাৰ যথেষ্ট সম্ভাৱনা আছে। সূত্ৰ অনুসৰি শেহতীয়াকৈ তেওঁ বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ত দলৰ নেতা বি এল সন্তোষ আৰু জে পি নাড্ডাৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছিল। নিৰ্মলা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ দীৰ্ঘদিনীয়া সদস্য। দলৰ দীৰ্ঘদিনীয়া সৈনিক। সেয়ে দলৰ দায়িত্ব নিৰ্মলাৰ কান্ধত পৰিব নেকি তাক লৈ প্ৰশ্ন উত্থাপন হয়।

ইপিনে, অন্ধ্ৰ প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি ডি পুৰন্দেশ্বৰীৰ নামো ৰাষ্ট্ৰীয় সভাপতি হিচাপে চৰ্চালৈ আহিছে। তেওঁ বহুভাষী। ‘অপাৰেচন সিন্দুৰ’ৰ পৰিপ্ৰেক্ষিতত পাক সন্ত্ৰাসবাদৰ প্ৰকৃত মুখখন বিশ্বৰ আগত দাঙি ধৰিবলৈ ভাৰতৰ পৰা বিদেশলৈ যোৱা প্ৰতিনিধি দলৰ অংশও আছিল ডি পুৰন্দেশ্বৰী।

আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে বানাথী শ্ৰীনিবাসনৰ নামো বিবেচনা কৰা বুলি গেৰুৱা শিবিৰত চৰ্চা হৈছে। তামিলনাডুৰ এইগৰাকী অধিবক্তাই ১৯৯৩ চনত বিজেপিত যোগদান কৰিছিল। তেওঁ দলৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত দায়িত্ব চম্ভালিছে। ২০২০ চনত বিজেপিৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ লগতে ২০২২ চনত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্যও হয়।

সূত্ৰ অনুসৰি, আৰ এছ এছে দলৰ শীৰ্ষ পদত এগৰাকী মহিলা মুখ নিৰ্বাচন কৰিবলৈ সন্মতি প্ৰদান কৰিছে। শেহতীয়াকৈ মহাৰাষ্ট্ৰ, দিল্লী, হাৰিয়ানাৰ দৰে বিভিন্ন নিৰ্বাচনত বিজেপিৰ বিজয়ৰ আঁৰত মহিলা ভোটাৰে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। মন কৰিবলগীয়া যে বিজেপিৰ নিয়ন্ত্ৰণ আগতে কেতিয়াও কোনো মহিলা নেত্ৰীক গতাই দিয়া হোৱা নাছিল। যদি কোনো মহিলাই এই পদটো গ্ৰহণ কৰে তেন্তে ইতিহাস ৰচিত হ’ব।

প্ৰসংগক্ৰমে ২০২৩ চনৰ জানুৱাৰী মাহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে জে পি নাড্ডাৰ কাৰ্যকাল শেষ হয়। কিন্তু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি দলটোৱে তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। কিন্তু এইবাৰ কোন হ’ব নাড্ডাৰ উত্তৰাধিকাৰী? তাক লৈয়ে এতিয়া জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd