• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত অৱহেলিত অৱস্থাত পৰি আছে মাধ্যম আন্দোলনৰ চহিদ অনিল বৰাৰ স্মৃতি সৌধ

মিণ্টু দাস by মিণ্টু দাস
August 8, 2018 11:54 am
80af903a-d21a-4780-9c6d-c592cecd0a90

এইদৰে পৰি আছে মাধ্যম আন্দোলনৰ চহিদ অনিল বৰাৰ পবিত্ৰ স্মৃতি সৌধ। ফটো: মিণ্টু দাস

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৭২ চনৰ মাধ্যম আন্দোলনৰ চহিদ অনিল বৰাৰ পবিত্ৰ স্মৃতিত নগাঁও নেহৰুবালিৰ কাষতে নিৰ্মাণ কৰা হৈছিল এটা স্মৃতি সৌধ। কিন্তু আজিলৈকে যে আমি জাতীয় চহিদ সকলক প্ৰাপ্য সন্মান দিয়া নাই তাকেই পুনৰ প্ৰমাণ কৰি দিছে চহিদ অনিল বৰাৰ স্মৃতি সৌধটোৰ দুখলগা দৃশ্যই।

উল্লেখযোগ্য যে নগাঁও চহৰৰ দাঁতিকাষৰীয়া পলাশনিত জন্মগ্ৰহন কৰা অনিল বৰাৰ ১৯৭২ চনৰ ৭ অক্টোবৰত মৃত্যু হৈছিল। অসম বিৰোধী চক্ৰই হোজাইত নিষ্ঠুৰভাবে হত্যা কৰিছিল অনিল বৰাক।

অসমত অসমীয়া ভাষা শিক্ষাৰ মাধ্যম হ’ব লাগে বুলি সবল প্ৰতিবাদ কৰি তথা আন্দোলনত জপিয়াই পৰি আত্মবলিদান দিয়া অনিল বৰাক পৰবৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাই চহিদ হিচাপে ঘোষণা কৰিছিল।

চহিদ অনিল বৰাৰ স্মৃতিত নগাঁও চহৰৰ নেহৰুবালিৰ কাষতে সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি আৰু নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ তৎপৰতাত এটা স্মৃতিসৌধও নিৰ্মাণ কৰা হৈছিল। কিন্তু বৰ্তমান এই স্মৃতিসৌধটোৰ অৱস্থা পুতৌলগা।

উল্লেখ্য যে চদিহজনৰ মৃত্যুৰ দিনা ছাত্ৰ সন্থাৰ কৰ্মীসকলে স্মৃতিসৌধটো পৰিস্কাৰ কৰি বন্তি প্ৰজ্বলন কৰে আৰু বছৰৰ বাকী সময়খিনি এনেদৰেই অৱহেলিত হৈ থাকে স্মৃতি সৌধটো।

লক্ষণীয় কথা, এই স্মৃতিসৌধটোৰ পৰা মাত্ৰ ৩০-৪০ মিটাৰ মান নিলগতে নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়। তদুপৰি চহিদ অনিল বৰাৰ স্মৃতিসৌধৰ সন্মুখতে অসম গণ পৰিষদ দলৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয়। এই দুয়োটা কাৰ্যালয়লৈকে দল-সংগঠন দুটাৰ জিলা পৰ্যায়ৰ নেতাসকলৰ লগতে কেন্দ্ৰীয় পৰ্যায়ৰ শীৰ্ষ নেতাসকলৰো সঘন আহ যাহ। তথাপিও কিন্তু জৰাজীৰ্ণ আৰু অপতৃণৰে ভৰি পৰা স্মৃতিসৌধটো পৰিস্কাৰ কৰি মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

33c18199-0cc3-4503-b9cb-ce0934212993

উল্লেখ্য, চহিদ অনিল বৰা সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদকৰ দায়িত্বত থকাৰ লগতে নগাঁও মহাবিদ্যালয়ৰো ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল। নগাঁও মহাবিদ্যালয়ৰ হৈ থকা মহাৰজত জয়ন্তীত অৱশ্যে চহিদগৰাকীৰ এটা আবক্ষমূৰ্তি আটকধুনীয়াকৈ ৰাখিছে মহাবিদ্যালয় কৰ্তৃপক্ষই। ইয়াৰ উপৰি মহাবিদ্যালয় কৰ্তৃপক্ষই এটা প্ৰেক্ষাগৃহো চহিদগৰাকীৰ নামত উৎসৰ্গা কৰি ৰাখিছে।

কিন্তু ছাত্ৰ সন্থাৰ তৎপৰতাত নগাঁও নেহৰুবালিৰ কাষত নিৰ্মিত স্মৃতিসৌধটোৰ বৰ্তমানৰ জৰাজীৰ্ণ অৱস্থাই ব্যাথিত কৰি তুলিছে অসম আন্দোলনৰ লগত জড়িত নগাঁৱৰ বহু বিশিষ্ট ব্যক্তিক।

বিশিষ্ট শংকৰী সাহিত্যৰ গৱেষক তিলক চন্দ্ৰ মজুমদাৰে এই প্ৰসংগত নৰ্থ-ইষ্ট নাওৰ আগত কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতৰ ক্ষেত্ৰত অসমৰ ৰাজ্য, ভাষা আন্দোলন, বিশ্ববিদ্যালয়ৰ মাধ্যম আন্দোলন আৰু অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ চহিদসকলৰ ত্যাগক সোঁৱৰিবই লাগিব। কিন্তু এই চহিদসকলৰ ত্যাগৰ বিনিময়ত কৰিবলগীয়াখিনি আমি আন্তৰিকতাৰে কৰা নাই। অসমৰ জাতীয় বিপৰ্যয়ৰ সময়তহে সেই সকলৰ নাম আৰু ত্যাগৰ কথা বক্তৃতাত প্ৰকাশ পায়। আমি সদায় দেখি থকা অনিল বৰাৰ স্মৃতিসৌধৰ অৱস্থাও পুতৌলগা। সংশ্লিষ্ট পক্ষই এই স্মৃতিসৌধটো মেৰামতি কৰি ধুনীয়া কৰাৰ বাবে আহ্বান জনাইছো।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

August 28, 2025 4:05 pm
অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

August 28, 2025 3:55 pm
সকলো ধৰ্মৰ ওপৰত ‘ধৰ্ম প্ৰতিষ্ঠা’, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকীত বিশ্ব শান্তিৰ আহ্বান মোহন ভাগৱতৰ

সকলো ধৰ্মৰ ওপৰত ‘ধৰ্ম প্ৰতিষ্ঠা’, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকীত বিশ্ব শান্তিৰ আহ্বান মোহন ভাগৱতৰ

August 28, 2025 3:50 pm
ন্যায়িক হস্তক্ষেপৰ অভিযোগ: এনচিএলএটি গোচৰত তদন্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

ন্যায়িক হস্তক্ষেপৰ অভিযোগ: এনচিএলএটি গোচৰত তদন্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

August 28, 2025 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

August 28, 2025 4:05 pm
অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

August 28, 2025 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd