• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2025 4:39 pm
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নির্বাচনী শপতনামাত সম্পত্তিৰ তথ্য লুকুৱাই এক আকস্মিক আৰু ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈছে বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো। পত্নী পাৰুল ভৰালী বড়োৰ নামত ৯ টা স্থানত থকা ভূ-সম্পত্তিৰ তথ্যই জোকাৰণি তুলিছে বিটিআৰৰ ৰাজনীতিত।

নির্বাচনী শপতনামাত এই ভূ-সম্পত্তিৰ তথ্য লুকুওৱাৰ বাবে জনপ্রতিনিধি আইন, ১৯৫১ ৰ অধীনত প্রমোদ বড়োৰ মনোনয়ন পত্ৰ খাৰিজ কৰাৰ দাবী উত্থান কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

Apply Now

উল্লেখ্য যে বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে নির্বাচনী শপতনামাত ভূ-সম্পত্তিৰ তথ্য গাপ দিয়াৰ চাঞ্চল্যকৰ এক তথ্য শেহতীয়াকৈ প্রকাশ পাইছে। নিয়ম অনুসৰি নিৰ্বাচনী শপতনামাত প্রার্থীয়ে নিজৰ আৰু পৰিয়ালৰ নামত থকা সকলো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ তথ্য দাখিল কৰিব লাগে। কিন্তু প্রাপ্ত তথ্য অনুসৰি বড়োলেও টেৰিট’ৰিয়েল কাউন্সিলৰ এইবাৰৰ নিৰ্বাচনত ২৮ নং গয়বাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে পত্নীৰ নামত থকা কেইবাটাও ভূ-সম্পত্তিৰ তথ্য গোপন কৰিছে।

প্রমোদ বড়োৱে তেওঁৰ নিৰ্বাচনী শপতনামাত পত্নী পারুল ভৰালী বড়োৰ নামত মুঠ ৩ বিঘা ১০ লেচা কৃষি ভূমি থকাৰ তথ্য সদৰী কৰিছে। এই আটাইখিনি ভূমি আছে ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কছাৰী শ’লমাৰী গাঁৱত। কিন্তু প্রমোদ বড়োৱে তেওঁৰ পত্নীৰ নামত থকা কমেও আন ৯ টা স্থানৰ ভূ-সম্পত্তিৰ ঠিকনা শপতনামাত উল্লেখ কৰা নাই।

নির্বাচনী শপতনামাত প্রমোদ বড়োৱে তেওঁৰ পত্নীৰ নামত যিসমূহ ভূ-সম্পত্তিৰ তথ্য সদৰি কৰিছে, তাৰ বিৱৰণ এনে ধৰণৰ- (ক) ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কছাৰী শ’লমাৰী গাঁৱৰ দাগ নং ২২৭/২৪২, পট্টা নং ২০২, (খ) দাগ নং ৩৯০, পট্টা নং ২০২,(গ) দাগ নং ২২৭, পট্টা নং ২০২, (ঘ) দাগ নং ২২৭, পট্টা নং ২০২, (ঙ) দাগ নং ৩৯১, পট্টা নং ১৬৭, (চ) দাগ নং ৩৯০, পট্টা নং ২০২, আৰু (ছ) দাগ নং ৩১৮, পট্টা নং ১০৫৯। এইয়া হ’ল ঘোষিত ৩ বিঘা ১০ লেচা ভূমিৰ তথ্য।

অথচ সেই একেটা ৰাজহ চক্ৰত আৰু একেখন গাঁৱৰ অনেক স্থানত প্রমোদ বড়োৰ পৰিয়ালৰ নামত অনেক ভূ-সম্পত্তি আছে। ৰঙিয়া ৰাজহ চত্ৰৰ ভিতৰত আৰু কমেও ৯ টা স্থানত বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৰ পত্নী পাৰুল ভৰালী বড়োৰ নামত ভূ-সম্পত্তি আছে। যি তথ্য তেওঁ নির্বাচনী শপতনামাত গাপ দিছে।

সেই ভূ-সম্পত্তিৰ বিৱৰণ এনে ধৰণৰ- (ক) ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সাহান গাঁৱৰ ৫৬ নং পট্টাৰ ৫০৪ নং দাগৰ ১ কঠা ৮ লেচা, (খ) ৪৯৯ নং দাগৰ ১৩ লেচা, (গ) ৫০০ নং দাগৰ ১৩ লেচা, (ঘ) ৫০১ নং দাগৰ ১৩ লেচা, (ঙ) ৫০৪ নং দাগৰ ১৪ লেচা আৰু (চ) একেটা দাগতে আৰু ১ কঠা ৯ লেচা ভূমি, (ছ) কছাৰী শ’লমাৰী গাঁৱৰ ৩৩৯ নং পট্টাৰ ১০৮৫ দাগৰ ৩ কঠা প্রথম শ্ৰেণীৰ বাৰী মাটি, (জ) কছাৰী শ’লমাৰীৰ ৬০ নং পট্টাৰ ৪৫০ নং দাগৰ ৩ কঠা ৬ লেচা আৰু (বা) কছাৰী শ’লমাৰী গাঁৱৰ ৯০ নং পট্টাৰ ২২৮ নং দাগৰ ৪ কঠা ভূমি।

মন কৰিবলগীয়া কথাটো হ’ল, নির্বাচনী শপতনামাত সাহান গাঁৱৰ নামেই উল্লেখ কৰা নাই প্রমোদ বড়োরে। কিন্তু অসম চৰকাৰৰ ৰাজহ বিভাগৰ তথ্য অনুসৰি পাৰুল ভৰালীৰ লগতে ডাঃ হিতেন্দ্র কলিতা, দিগন্ত ডেকা, অলিন্দা শর্মা, অনুপম শর্মা, পাৰুল ভৰালী আৰু দীপক কুমাৰ বাজাজৰ নামত সাহান গাঁৱত ৬ টা স্থানত ভূ-সম্পত্তি নামজাৰী হৈ আছে। এই ভূমিখিনি ২০২৩ চনৰ ১ ডিচেম্বৰ আৰু ২০২৪ চনৰ ২২ জানুৱাৰীত ক্ৰয় কৰা বুলি চৰকাৰী নথিত উল্লেখ আছে। একেদৰে কছাৰী শ’লমাৰীত পাৰুল ভৰালীৰ নামত থকা আন ২ বিঘা ৬ লেচা মাটিৰ তথ্যও প্রমোদ বড়োৰ শপতনামাত উল্লেখ নাই। এইয়া জনপ্রতিনিধি আইন, ১৯৫১ ৰ গুৰুতৰ উলংঘন। প্রমোদ বড়োৰ এই জালিয়াতিক লৈ নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। অখিল গগৈয়ে নির্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰি প্রমোদ বড়োৰ প্ৰাৰ্থিত্ব খাৰিজ কৰাৰ দাবী উত্থাপন কৰে। তেওঁ কয় যে সম্পত্তিৰ তথ্য লুকুৱাই প্রমোদ বড়োৱে কেৱল তেওঁৰ ক’লা আৰু গোপন অধ্যায় গাপ দিয়াই নহয়, বিটিআৰবাসীকো চৰম প্ৰতাৰণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

September 15, 2026 12:48 pm
মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

September 15, 2026 12:31 pm
দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

September 15, 2026 12:03 pm
NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

September 15, 2026 12:48 pm
মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

September 15, 2026 12:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd