নগাঁৱত যৌতুকৰ দাবীত মহিলাক স্বামীৰ পৰিয়ালৰ নিৰ্যাতন : এজাহাৰ দাখিল

যৌতুকৰ

ৰাজ্যখনত যে বৰ্তমান মহিলা, নাবালিকা, কিশোৰী মহিলা সুৰক্ষিত নহয় তাকেই প্ৰমাণ কৰি শুকুৰবাৰে নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ আলিটঙানীৰ পতিয়া পথাৰত এগৰাকী মহিলাক যৌতুকৰ দাবীত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে। ইতিমধ্যে মহিলা গৰাকীয়ে স্বামী গৃহৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে ভুক্তভোগী মহিলা গৰাকী তথা বটদ্ৰৱা থানাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাইডুবিৰ মন্নাছ আলীৰ কন্যা মুছিদা খাতুনে পতিয়া পথাৰৰ আক্কাছ আলীৰ পুত্ৰ মোকছিদুল ইছলামৰ সৈতে সামাজিক ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হৈছিল।

উল্লেখযোগ্য যে বিবাহৰ পিছৰে পৰা মহিলা গৰাকীক স্বমী গৃহৰ পৰিয়ালৰ লোকে যৌতুকৰ দাবী জনাই শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল।

জানিব পৰা মতে দাবী কৰা ধন দিব নোৱাৰাৰ বাবে ইছলামে খাতুনক বিগত বৰ্ষত পিতৃ গৃহলৈ খেদি পঠিয়াইছিল। স্বামী গৃহৰ লোকে দাবী কৰা ধন দিবলৈ সামৰ্থ নথকাৰ আঠ মাহৰ অন্তঃসত্ত্বা খাতুনে উপায়বিহীন হৈ পিতৃ গৃহতে থাকিবলৈ বাধ্য হয়।

ইফালে যৌতুকৰ দাবী কৰি নিজ পত্নীক পিতৃ গৃহলৈ খেদি ইছলামে ৩০ মাৰ্চত পুনৰ গোপনে আন এগৰাকী মহিলাক বিয়া কৰায়।এই কথা জানিব পাৰি গৰ্ভৱতী খাতুনে স্বামী গৃহৰ পৰিয়ালৰ লোকে যৌতুকৰ দাবীত অত্যাচাৰ কৰা বুলি ডুমডুমীয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

ফলত ভুক্তভোগী মহিলাগৰাকীৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৪৯৮ এ/৪৯৪/৫০৬/৩৪ নং ধাৰাৰ অধীনত ১৩৫/১৮ নম্বৰত গোচৰ পঞ্জীয়ন কৰি স্বামী গৃহৰ পৰিয়ালৰ লোকক বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে।

ইফালে ইছলামৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰা বুলি জানিব পাৰি বৰ্তমান পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে অলপতে বিধানসভাৰ মজিয়াত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে উল্লেখ কৰা তথ্যত ২০০৬ চনৰ পৰা ২০১৫ চনলৈকে ৰাজ্যখনত যৌতুকজনিত কাৰণত ১,২৫৩ গৰাকী মহিলাই মৃত্যুক সাবটি লোৱা বুলি প্ৰকাশ পাইছিল।

আৰু ২০১৬ চনৰ পৰা ২০১৮ চনৰ ২৩ মাৰ্চলৈকে সময়ছোৱাত ৩৫৩ গৰাকী মহিলাই যৌতুকজনিত কাৰণত মৃত্যুক সাবটি লোৱা বুলি প্ৰকাশ পাইছিল।

এই তথ্যত ৰাজ্যখনত ২০১৬ চনৰ পৰা ২০১৮ চনৰ ভিতৰত যৌতুকজনিত অপৰাধৰ সংখ্যা বৃদ্ধি পাইছিল বুলিও প্ৰমাণ হৈছিল। তেনে এক সময়তে ৰাজ্যখনত পুনৰ এক যৌতুক জনিত অপৰাধৰ ঘটনা সংঘটিত হোৱাতো উদ্বেগজনক।