• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2025 8:38 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ চনৰ ডিচেম্বৰ মাহত তেওঁ টেষ্ট দলৰ নেতৃত্বৰ ভাৰ গ্ৰহণ কৰিছিল। ২০২২ চনৰ জানুৱাৰী মাহত তেওঁৰ হাতৰ পৰা নেতৃত্বৰ দায়িত্ব আঁতৰি যায়।

তেওঁৰ সময়খিনি ভাৰতীয় টেষ্ট ক্ৰিকেটৰ সোণালী যুগ বুলি ক’লেও অতিৰঞ্জিত কৰা নহয়। মহেন্দ্ৰ সিং ধোনীৰ পৰা নেতৃত্বৰ দায়িত্ব লয় কোহলীয়ে।

Apply Now

আক্ৰমণাত্মক, ফিটনেছ আৰু জয় – এনেদৰে বৰ্ণনা কৰিব পাৰি কোহলীৰ যুগটোক। কিন্তু তেওঁ দেশৰ সফল অধিনায়কসকলকো অতিক্ৰমি গৈছে। অন্ততঃ অধিনায়ক কোহলীৰ টেষ্ট পৰিসংখ্যাই সেইটোৱে কয়। কোহলীৰ নেতৃত্বত ভাৰতৰ জয়ৰ হাৰ আছিল ৫৮.৮২ শতাংশ।

কোহলীৰ নেতৃত্বত ৬৮খন টেষ্ট মেচৰ ভিতৰত ৪০খনত জয়লাভ কৰে ভাৰতে। ১৭ খনত পৰাস্ত আৰু ১১ খনত ড্র। ঘৰৰ মাটিত কোহলীৰ জয়ৰ পৰিসংখ্যা সঁচা অৰ্থত ঈৰ্ষণীয়। তেওঁৰ অধিনায়কত্বত ঘৰুৱা খেলপথাৰত ৩১খন খেলৰ ভিতৰত ২৪খন খেলত জয়লাভ কৰিছে ভাৰতে। ঘৰৰ মাটিত টেষ্ট ফৰ্মেটত ভাৰতৰ আধিপত্য ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে।

বিদেশত খেলা ৩৬খন টেষ্টৰ ভিতৰত ১৬খন টেষ্টত জয়লাভ কৰিছে কোহলীয়ে। ইয়াৰ উপৰিও তেওঁ দেশৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীকো চেৰ পেলাইছিল। সৌৰভৰ নেতৃত্বত ভাৰতে বিদেশত ১১খন টেষ্টত জয়লাভ কৰিছিল।

মহেন্দ্ৰ সিং ধোনীয়ে ৬০ খন টেষ্টত দলটোক নেতৃত্ব দিয়ে। তেওঁৰ নেতৃত্বত ভাৰতে ২৭ খনত জয়, ১৮ খনত পৰাজয় আৰু ১৫ খনত ড্ৰ কৰে। বিজয়ৰ হাৰ ৪৫ শতাংশ। ধোনীৰ নেতৃত্বত ভাৰত ঘৰৰ মাটিত এক ভয়ংকৰ শক্তি হৈ পৰিছিল। কিন্তু ধোনীয়ে বিদেশত ৬ খন টেষ্টতহে জয়লাভ কৰিছে। এইক্ষেত্ৰত তেওঁ কোহলীৰ তুলনাত বহু পিছ পৰি আছে।

সৌৰভ গাংগুলীয়ে ভাৰতীয় দলত যুঁজৰ মানসিকতা জগাই তুলিছি। তেওঁৰ নেতৃত্বত ৪৯ খন টেষ্ট মেচৰ ভিতৰত ২১ খন খেলত জয়লাভ কৰিছে ভাৰতে। সৌৰভৰ টীম ইণ্ডিয়াই ১৩ খনত পৰাস্ত হোৱাৰ বিপৰীতে ১৫ খনত ড্ৰ’ কৰে। সৌৰভৰ নেতৃত্বত টেষ্ট ক্ৰিকেটত ভাৰতৰ জয়ৰ হাৰ আছিল ৪২.৮৬ শতাংশ। বিদেশৰ মাটিত এঘাৰখন টেষ্ট জয় এসময়ত আছিল অভিলেখ। পিছত কোহলীয়ে সেই অভিলেখ ভংগ কৰে।

মহম্মদ আজহাৰুদ্দিনে ভাৰতীয় দলটোক ৪৭খন টেষ্ট মেচত নেতৃত্ব দিয়ে। এই ৪৭খন টেষ্টৰ ভিতৰত ১৪খনত ভাৰতে জয়লাভ কৰে। ১৪খনত পৰাজয় আৰু ১৯ খনত ড্ৰ’ হয়। বিজয়ৰ হাৰ ২৯.৭৮ শতাংশ। ঘৰৰ মাটিত তেওঁ অধিকাংশ জয় লাভ কৰিছে। বিদেশত অতি কম সংখ্যক মেচতহে জয়ী হৈছে আজহাৰ।

কপিল দেৱে ৩৪ খন টেষ্টত দেশক নেতৃত্ব দিছিল। মাত্ৰ ৪ খনত জয়, ৭ খনত পৰাজয়, আৰু ২২ খন ড্ৰ’ কৰিছিল। জয়ৰ হাৰ ১১.৭৬ শতাংশ। কপিলৰ নেতৃত্বত ভাৰতে বিশ্বকাপ জয় কৰে। কিন্তু টেষ্টত তেওঁৰ অভিলেখ উল্লেখযোগ্য নহয়।

সেইদৰে, ৪৭খন টেষ্টত সুনীল গাভাস্কাৰৰ নেতৃত্বত জয়ৰ হাৰ ১৯.১৪ শতাংশ। আনহাতে, ২৫খন টেষ্টত শচীন টেণ্ডুলকাৰৰ নেতৃত্বত জয়ৰ হাৰ ১৬ শতাংশ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd