নগাঁৱত সাংবাদিকক দেখি মান-সন্মান যোৱাৰ ভয়ত কান্দিলে ব্ৰাউন ছুগাৰসহ আটক যুৱকে

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ, ব্ৰাউন ছুগাৰ তথা নিচাজাতীয় ব্যৱসায়ৰ এক ৰমৰমীয়া ব্যৱসায় গঢ়ি উঠাৰ সময়তে শুকুৰবাৰে নিশা নগাঁও জিলাৰ আৰক্ষীয়ে এজন ব্ৰাউন ছুগাৰৰ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে নগাঁও জিলাৰ হয়বৰগাঁও আৰক্ষীয়ে শুকুৰবাৰে নিশা নগাঁও চহৰৰ তেলীয়াপট্টিত এক গোপন সূত্ৰৰ আধাৰত এক অভিযান চলাই ৰব্বু আমিন নামৰ যুৱক জনক আটক কৰে।

প্ৰাপ্ত তথ্য মতে এ এছ ০২ এল ৭৭৪৩ নম্বৰৰ এখন মাৰুতি জেনত ব্ৰাউন ছুগাৰখিনি বিক্ৰীৰ বাবে আনিছিল। কিন্তু আৰক্ষীয়ে সেই সময়তে অভিযান চলাই জেনখনৰ পৰা ৩৫ পেকেট ব্ৰাউন ছুগাৰ জব্দ কৰে। আটকাধীন ৰব্বু আমিনৰ ঘৰ নগাঁৱৰ ধিং গেটত বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

আনহাতে ৰব্বু আমিনক আটক কৰাৰ খবৰ পোৱাৰ পিছতে একাংশ সাংবাদিকে বাতৰি সংগ্ৰহৰ বাবে ঘটনাস্থলীত উপস্থিত হয়। কিন্তু সেই সময়তে ৰব্বু আমিনে সাংবাদিকক দেখা মাত্ৰকে আৰম্ভ কৰে কান্দিবলৈ। কাৰণ সাংবাদিকে ফটো তোলাৰ লগে লগে ৰব্বু আমিনৰ মান-সন্মান যাব। সেয়েহে আমিনৰ সাংবাদিকক অনুৰোধ ফটো নুতুলিবলৈ।