নগাঁও জিলাৰ লংকাৰ কাকী অঞ্চলত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি কাকীৰ ২ নং লক্ষীপথাৰত কালি সংঘটিত হোৱা এই হত্যাকাণ্ডটোত নিজ পুত্ৰৰ হাততে প্ৰাণ হেৰুৱাব লগা হয় জন্মদাতা পিতৃয়ে ৷ অৱশ্যে কালি নিশাৰ ভাগতে সংঘটিত ঘটনাটোৰ কথা আজি পুৱাৰ ভাগতহে পোহৰলৈ আহে ৷ ঘটনাৰ সন্দৰ্ভত স্থানীয় লোকসকলৰ পৰা জানিব পৰা মতে কাকীৰ ২ নং লক্ষীপথাৰত যোৱা কালি এটা গাহৰি পোৱালীক কেন্দ্ৰ কৰি পিতৃ সুগ্ৰীৱ কোচৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয় পুত্ৰ চবিন কোচে ৷ প্ৰথমতে দুয়োজনৰ মাজত তৰ্কা-তৰ্কি হয় যদিও পিছলৈ কাজিয়াখনে হতাহতিৰ ৰূপ লয় ৷ সুৰাৰ ৰাগিত মাতাল হৈ থকা নিজ পিতৃক হিতাহিত জ্ঞান হেৰুৱাই পুত্ৰ চবিন কোচে কোৰৰে আক্ৰমণ কৰে। পুত্ৰৰ উপযুৰ্পৰি কোৰৰ ঘাপত পিতৃ সুগ্ৰীৱ কোচ মাটিত ঢলি পৰাৰ লগতে থিতাতে মৃত্যু হয় ৷ আনহাতে চবিন কোচে আজি পুৱাৰ ভাগত লংকা আৰক্ষী থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰাত সমগ্ৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহে ৷ লংকা আৰক্ষীয়ে জানিবলৈ দিয়া মতে ইতিমধ্যে চবিন কোচক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে৷
নগাঁৱৰ কাকীত লোমহৰ্ষক হত্যাকাণ্ড
-
By NE NOW NEWS
- Categories: অসম
Related Content
ভূ-লুণ্ঠিত মানৱতা! ভগ্নীৰ ধৰ্ষণৰ ন্যায় বিচাৰি যোৱা ভাতৃক নৃশংসভাৱে হত্যা কৰিলে অপৰাধীৰ পৰিয়ালে
By
এন ই নাও নিউজ
May 19, 2024 4:05 pm
সোমবাৰে পঞ্চম পৰ্যায়ত ৪৯টা সমষ্টিত ভোটগ্ৰহণ; দৃষ্টি আকৰ্ষণ কৰা কোন কোন তাৰকা প্ৰাৰ্থী?
By
এন ই নাও নিউজ
May 19, 2024 3:10 pm
কুম্ভকৰ্ণৰ সন্ধানত! দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ল টোপনিৰ প্ৰতিযোগিতা
By
এন ই নাও নিউজ
May 19, 2024 1:05 pm
যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে
By
এন ই নাও নিউজ
May 19, 2024 1:03 pm
বিকল্প নাই! বিক্ৰী হ’ব কোম্পানী, আৰ বি আইৰ পৰা ১০ দিনৰ সময় বিচাৰিলে অনিল আম্বানীয়ে
By
এন ই নাও নিউজ
May 19, 2024 11:55 am
ডক্টৰেট ডিগ্ৰী লাভ কৰিলে মেকুৰীয়ে; কিয় দিয়া হ’ল এই সন্মান?
By
এন ই নাও নিউজ
May 19, 2024 10:16 am