ৰাজ্যখনত ক্ৰমাৎ বাঢ়ি অহা হাতী-মানুহৰ সংঘাতে চাৰিওফালে এক অন্য ৰূপ ধাৰণ কৰিছে। বনৰীয়া হাতীৰ দ্বাৰা ক্ষতিগ্ৰস্ত মানুহৰ খং-ক্ষোভ কেৱল হাতীৰ ওপৰতেই নহয়, বনবিভাগৰ মানুহৰ ওপৰতো হৈছেগৈ। ফলত কেতিয়াবা কেৱল বনৰীয়া হাতীকে নহয়, বন বিভাগৰ মানুহৰ ওপৰতো জনসাধাৰণ লোক খৰ্গহস্ত হয়। তেনে এটা ঘটনাই ঘটিছিল নগাওঁ জিলাৰ কন্দলি অঞ্চলত। জানিব পৰামতে কালি দুপৰীয়া খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা ১৫০ টা মান বনৰীয়া হাতীৰ পালক খেদিবলৈ যোৱা বনকৰ্মীক একাংশ লোকে প্ৰহাৰ কৰি আহত কৰে। উক্ত ঘটনা সন্দৰ্ভত আজি নগাওঁ আৰক্ষীয়ে এগৰাকী মহিলা সহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজন ননৈ আৰক্ষী চকীৰ অন্তৰ্গত ছোটকন্দলী অঞ্চলৰ সোমেশ্বৰ দৈমাৰী, ৰানুমাই দৈমাৰী, সঞ্জয় মিলিক আৰু সঞ্জয় টেৰন বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে জনোৱা মতে, নগাঁৱৰ কন্দলি, চাপানলা, বালিজুৰি, কলিয়াবৰ আদি অঞ্চলত যোৱা বহুদিনৰ পৰা বনৰীয়া হাতীয়ে চলাই অহা তাণ্ডৱত অঞ্চলবাসী আতংকিত হৈ আহিছে। এই সন্দৰ্ভত ভুক্তভোগী ৰাইজে বন বিভাগক বাৰম্বাৰ অৱগত কৰি অহাৰ পিছতো বন বিভাগে কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিল। ইয়াৰ ফলত স্থানীয় ৰাইজ ক্ষুভিত হৈ আছিল। আনহাতে কালিও বনৰীয়া হাতীৰ পাল কন্দলি অঞ্চললৈ অহাৰ খবৰ লাভ কৰি বনবিভাগৰ কৰ্মীয়ে অঞ্চলটোত উপস্থিত হয়। কিন্তু পূৰ্বৰে পৰা বন বিভাগৰ ওপৰত ক্ষুভিত স্থানীয় একাংশ উত্তেজিত লোকে কালি বনৰীয়া হাতী খেদিবলৈ যোৱা বনকৰ্মীকে আক্ৰমণৰ লক্ষ্য কৰি লয়। উত্তেজিত লোকৰ আক্ৰমণত কবীন মহন্ত, গুলকান্ত হাজৰিকা, ৰূপজ্যোতি বৰা নামৰ বনকৰ্মী কেইজন আহত হোৱাৰ লগতে আলী হুছেইন নামৰ এজন বনকৰ্মী গুৰুতৰভাৱে আহত হোৱাত সম্প্ৰতি চিকিৎসাধীন হৈ আছে। ঘটনা সন্দৰ্ভত কালিয়েই নগাঁও জিলা বন সংমণ্ডল বিষয়াই ননৈ আৰক্ষীচকীত এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰ ভিত্তিত আৰক্ষীয়ে আজি অভিযান চালাই উল্লিখিত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উক্ত ঘটনাৰ খবৰ লাভ কৰি আজি পুৱা বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই নগাঁৱলৈ আহি নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লত চিকিৎসাধীন হৈ থকা আলী হুছেইন নামৰ বনকৰ্মীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ঘটনা সন্দৰ্ভত বনবিভাগৰ বিষয়া কৰ্মচাৰীৰ লগত আলোচনাত মিলিত হয়। আনহাতে বনমন্ত্ৰী গৰাকীয়ে কালিৰ ঘটনা সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও মন্তব্য কৰে।
নগাঁৱৰ বনকৰ্মীক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত ৪ জনক গ্ৰেপ্তাৰ
-
By NE NOW NEWS
- Categories: অসম
Related Content
ব্লেকত বিক্ৰী হৈছে আই পি এলৰ টিকট বিক্ৰী : কলা বজাৰৰ লগত জড়িত আছে কিশোৰ
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 6:19 pm
ভূ-লুণ্ঠিত মানৱতা! ভগ্নীৰ ধৰ্ষণৰ ন্যায় বিচাৰি যোৱা ভাতৃক নৃশংসভাৱে হত্যা কৰিলে অপৰাধীৰ পৰিয়ালে
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 4:05 pm
সোমবাৰে পঞ্চম পৰ্যায়ত ৪৯টা সমষ্টিত ভোটগ্ৰহণ; দৃষ্টি আকৰ্ষণ কৰা কোন কোন তাৰকা প্ৰাৰ্থী?
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 3:10 pm
কুম্ভকৰ্ণৰ সন্ধানত! দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ল টোপনিৰ প্ৰতিযোগিতা
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 1:05 pm
যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 1:03 pm
বিকল্প নাই! বিক্ৰী হ’ব কোম্পানী, আৰ বি আইৰ পৰা ১০ দিনৰ সময় বিচাৰিলে অনিল আম্বানীয়ে
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 11:55 am