নগাঁৱৰ বঢ়মপুৰ বৰবাৰীত ৰাইজৰ ৰোষৰ বলি কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোহাঁই

Rajen-Gohian-570x320

নগাঁও জিলাৰ বঢ়মপুৰ বৰবাৰীত মহিলা হিতাধিকাৰীক গেছ বিতৰণ কৰিবলৈ আহি শনিবাৰে কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোহাঁই ৰাইজৰ ৰোষৰ বলি হোৱা ঘটনাই নগাঁৱৰ ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী উজ্বলা আঁ‌চনিৰ সুলভ মুল্যৰ গেছ বিতৰণী সভাত উপস্থিত আছিল মন্ত্ৰীগৰাকী। সভা সময়মতেই আৰম্ভ হৈছিল, সময়তে উপস্থিতো আছিল মন্ত্ৰীগৰাকী। সেইদৰে তেওঁ হেপাঁহ পলুৱাই চৰকাৰী বিভিন্ন আঁ‌চনিৰ গুণ-গৰিমাও গালে।সেইখিনি সময়লৈকে সকলোবোৰ ঠিকেই আছিল।

পিচে, কেনা লাগিল সভাৰ শেষত। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে  কৈছিল বঢ়মপুৰ বৰবাৰীৰ পথটোৰ দুৰৱস্থাৰ কথা। ইয়াতে খৰ্গহস্ত হৈ পৰিল বঢ়মপুৰ বৰবাৰীৰ ৰাইজ। অতিষ্ঠ ৰাইজৰ মাজৰপৰা কেইগৰাকীমানে আহি আগভেটি ধৰি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীক। কাৰণ, মন্ত্ৰীগৰাকীয়ে প্ৰতিবাৰেই ভাষণত ৰাস্তাটো বনাই দিম বুলি ৰাইজৰ পৰা বাহ বাহ লৈ আহিছিল।

উল্লেখযোগ্য যে, ২০১৭ চনৰ জুলাই মাহত ইয়াত অনুষ্ঠিত এখন সভাত মন্ত্ৰীগৰাকীয়ে পথছোৱা নিৰ্মাণৰ বাবে ঘোষণা কৰিছিল ৪০ কোটি  টকা । কিন্তু প্ৰতিবাৰেই মিছা প্ৰতিশ্ৰুতি দিয়াত ক্ষোভিত হয় ৰাইজ। যিহেতু উক্ত পথটো বিগত ২৫ বছৰ ধৰি নিৰ্মাণ হোৱা নাই। বঢ়মপুৰ বৰবাৰীৰ ৰাইজে মন্ত্ৰীগৰাকীক অতিশীঘ্ৰে পথটো নিৰ্মাণ কৰিবলৈ দাবী জনাইছে। অন্যথা আহি থকা লোকসভা নিৰ্বাচনত এশিকনি দিবলৈ বদ্ধপৰিকৰ হৈ পৰিছে ৰাইজ।