নগাঁৱৰ মৰেল পুলিচিং : মহিলা-পুৰুষক নিৰ্বিচাৰ প্ৰহাৰ কৰা ৮ জনক আটক

নগাঁও জিলাৰ কঠিয়াতলীৰ জুমৰমুৰত এহাল পুৰুষ-মহিলাৰ মাজত অবৈধ সম্পৰ্ক থকা সন্দেহত শনিবাৰে ওৰে নিশা স্থানীয় একাংশ লোকে অকথ্য নিৰ্যাতন চলোৱা ঘটনাৰ লগত জড়িত ৮ জন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে যোৱা নিশা নগাঁও আৰক্ষীৰ লগতে কামপুৰ, কঠীয়াতলী আৰু ৰাঙলু আৰক্ষীয়ে অভিযান চলাই ঘটনাৰ লগত জড়িত ৮ জনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোক কেইজন হৈছে ক্ৰমে জুমৰমুৰ অঞ্চলৰে অতুল বৰুৱা, সুৰেন দাস, দীপ দাস, কীৰ্তিনাথ হাজৰিকা, ভবেন দাস, যাদৱ বৰুৱা, দেবেন চন্দ্ৰ দাস আৰু কৃষ্ণ মোহন নাথ।

ধৃত আটাইকেইজনকে কামপুৰ আৰক্ষী থানাত ৰুজু হোৱা ১৫৮/১৮ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয়। আজি নগাঁৱত সংবাদমেলৰ জৰিয়তে এই কথা সদৰী কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে।

সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰা অনুসৰি ধৃত অতুল বৰুৱা, সুৰেন দাস আৰু দীপ দাসৰ নেতৃত্বতে আইন হাতত তুলি লৈ মহিলাগৰাকীৰ লগতে আব্বাল উদ্দিলা নামৰ ব্যক্তিগৰাকীৰ ওপৰত অঞ্চলটোৰ একাংশ লোকে অমানুষিক অত্যাচাৰ চলাইছিল। যাৰবাবে নগাঁও আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ আঠজনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। লগতে আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত এই ঘটনাৰ লগত ধনদাবীৰ কাৰণ আৰু আখেজ থকাৰ সম্ভাৱনাও ব্যক্ত কৰিছে।

ইফালে সংবাদমেলতে নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে এনেদৰে আইন হাতত তুলি লোৱা লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে।

আনহাতে আজি নগাওঁ কঠিয়াতলী আৰক্ষী থানাত জুমুৰমুৰ গাঁৱৰ অৰ্ধ শতাধিক পুৰুষ-মহিলাই কঠিয়াতলীৰ জুমৰমুৰত সংঘটিত ঘটনা সন্দৰ্ভত আটকাধীন ৮ জনক নিৰ্দোষী বুলি দাবী কৰি মুক্তিৰ আহ্বান জনাই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।