নাগা ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টৰ সবিশেষ ৰাজহুৱা কৰিবলৈ মণিপুৰ কংগ্ৰেছৰ দাবী

নাগা চুক্তি সন্দৰ্ভত বিজেপি চৰকাৰৰ স্থিতিক সমালোচনা কৰি  চুক্তিখনে কিবা কাৰণত মণিপুৰৰ ভৌগলিক অখণ্ডতাক হানি কৰিলে  যি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতৰ সৃষ্টি হ’ব পাৰে বুলি কেন্দ্ৰীয় চৰকাৰক মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰাম ইব’বি সিঙে কালি সকীয়াই দিয়ে। তেওঁ কয় যে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ সিদ্ধান্ত সমূহক অান্ধাৰত ৰাখি চুক্তিখনে ৰাজ্যখনৰ ভৌগোলিক অখণ্ডতাত কোনো ক্ষতি নকৰে বুলি দিয়া প্ৰধান মন্ত্ৰীৰ আশ্বাসক জনসাধাৰণে মানি ল’ব পৰা নাই।

পাটছই ব্লক কংগ্ৰেছ কমিটিয়ে ২ ডিচেম্বৰত লৌখাম লেইৰাক কমিউনিটি হলত আয়েজন কৰা এক প্ৰতিবাদী সভাত  অংশ গ্ৰহণ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি আই এমৰ মাজত হোৱা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টক  ৰাজহুৱা কৰিবলৈ দাবী জনায়। বিজেপিয়ে এন এছ চি আই এমক নিৰ্বাচনত জয়ী হোৱাৰ বাবে ব্যৱহাৰ কৰিছে বুলি তেওঁ অভিযোগ কৰে। কংগ্ৰেছে এই বিষয়টোক লৈ কোনো ধৰণৰ ৰাজনৈতিক ইচ্ছ্যু সৃষ্টি কৰা নাই বুলি মন্তব্য কৰি মণিপুৰৰ প্ৰাক্তন উপ মুখ্য মন্ত্ৰী গাইখাংগামে খচৰা চুক্তিখনৰ সিদ্ধান্ত সমূহক ৰাজহুৱা কৰাৰ দাবীক জনসাধাৰণৰ অধিকাৰ বুলি কয়।