নগা মহিলা হ’হ ডিমাপুৰৰ সোণালী জয়ন্তী উদযাপন

২৪ নৱেম্বৰত  ডিমাপুৰৰ ডিডিএছচি ষ্টেডিয়ামত নগা মহিলা হ’হ ডিমাপুৰে (NWHD) “মুক্তিৰ বর্ষ” হিচাপে তেওঁলোকৰ সোণালী জয়ন্তী উদযাপন কৰে।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গ্ৰাম্য উন্নয়ন আৰু অভিযান সঞ্চালক নাগালেণ্ড ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অতিৰিক্ত সচিব এথেল্ অ ল’থায়ে কয় যে মহিলা নেত্ৰীসকলে যি একাগ্ৰতা আৰু অধ্যৱসায়েৰে ৫০ বছৰীয়া মাইলষ্ট’ন প্ৰতিষ্ঠা কৰিলে সেয়া সঁচাই প্ৰশংসনীয় তথা প্ৰেৰণাদায়ক। তেওঁ লগতে কয় যে “ যোৱা দশক কেইটাত NWHD ই অজস্ৰ বাধা অতিক্ৰমী বিভিন্ন জনগোষ্ঠী নির্বিশেষে সমাজৰ সকলো ক্ষেত্ৰৰ মহিলাক একগোট কৰাৰ আকাংক্ষাৰে “একতা আৰু প্ৰগতি”ৰ লক্ষ্যত দৃঢ়তাৰে থিয় হৈ থাকি এক উল্লেখনীয় প্ৰভাৱ বিস্তাৰ কৰিছে । মাতৃ সকলক লৈ গঠন হোৱা এটা শীৰ্ষগোট হিচাপে  NWHD য়ে নগা পৰিষদত ভোটাধিকাৰৰ সৈতে উপদেষ্টা হিচাপে মনোনীত হোৱাৰ লগতে মহিলা সবলীকৰণৰ দিশত নাগালেণ্ড চৰকাৰৰ এটা সহযোগী NGO হোৱাটো যথেষ্ট উৎসাহজনক বুলি তেওঁ লগতে মন্তব্য কৰে।

“মহিলা সকলক মূল শক্তি হিচাপে নোলোৱাকৈ স্থানীয়, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় কোনো প্লেটফ’ৰ্মতে লক্ষ্যণীয় বিকাশ অনাটো সম্ভব নহয়” বুলি কৈ তেওঁ লগতে কয়, “ এক সুষম সমাজ, সবল অর্থনীতি আৰু ভাৰসাম্য বিকাশ গঢ়ি তুলিবৰ বাবে মহিলা সকলক সামাজিক, অর্থনৈতিক সকলো ক্ষেত্ৰতে অংশ ল’ব পৰাকৈ শক্তিশালী কৰি তোলাটো অপৰিহার্য।”

তেওঁ জনাই যে NERLP ৰ ভিতৰত পৰা পেৰেন আৰু টুয়েনচাঙক বাদ দি নাগালেণ্ডত বর্তমান ৩০০০ আত্মসহায়ক গোট আছে। এই গোটবিলাকৰ জৰিয়তে চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগতে মহিলাসকলৰ অর্থনৈতিক সবলীকৰণৰ দিশত কাম কৰি আছে।