নতুন ডিজিপি নিযুক্তিৰ বাবে পাঁচজনীয়া পেনেল প্ৰস্তুত

15-10-17-Guwahati-Mukesh-Sahay-DGP-PMT-2

পৰৱৰ্তী দুই এদিনৰ ভিতৰতে চূড়ান্ত কৰা হ’ব ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধানৰ নাম। সোমবাৰে ৰাজ্যিক সুৰক্ষা আয়োগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অসম আৰক্ষীৰ পৰৱৰ্তী ডি জি পি পদৰ বাবে এখন পাঁচজনীয়া পেনেল প্ৰস্তুত কৰা হয়।

জানিব পৰা মতে কালি প্ৰস্তুত কৰা এই পেনেলখনৰ পৰাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ বাবে নতুন ডি জি পি নিৰ্বাচিত কৰিব।

দিছপুৰত অনুষ্ঠিত ৰাজ্যিক সুৰক্ষা আয়োগৰ উক্ত গুৰুত্বপূৰ্ণ বৈঠকখনত সীমান্ত শাখাৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান তথা অসম পুলিছ হাউছিঙৰ অধ্যক্ষ আৰ এম সিং, অগ্নি নিৰ্বাপক আৰু আপাতকালীন সেৱাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান এ পি ৰাৱট, আইন-শৃংখলা শাখাৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া, বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্য আৰু এ কে ঝাক লৈ নতুন ডি জি পিৰ বাবে পেনেলখন প্ৰস্তুত কৰা হয়। আৰু এই পাঁচজনীয়া পেনেল খনৰ পৰা মুখ্য মন্ত্ৰীয়ে ডি জি পি পদৰ বাবে যোগ্য বিষয়া এগৰাকীক মনোনীত কৰিব।

ইফালে বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সহায়ৰ কাৰ্যকাল অহা ৩০ এপ্ৰিলত অন্ত পৰিব। আৰু সেইসূত্ৰে নতুন ডি জি পি নিৰ্বাচনৰ বাবে শেহতীয়াকৈ দিছপুৰত তৎপৰতা আৰম্ভ হোৱা দেখা গৈছে।

উল্লেখ্য যে ৰাজ্যৰ মুখ্য সচিবকে ধৰি অন্যান্য শীৰ্ষ আমোলাবৰ্গ উপস্থিত থকা ৰাজ্যিক সুৰক্ষা আয়োগৰ উক্ত বৈঠকখনলৈ নিমন্ত্ৰণ নকৰা গভীৰ ক্ষোভ প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

এই ক্ষেত্ৰত শইকীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নিয়ম মতে নতুন ডি জি পি নিৰ্বাচনৰ বাবে ৰাজ্যিক সুৰক্ষা আয়োগৰ বৈঠক অনুষ্ঠিত হ’লে ৰাজ্যৰ বিৰোধী দলৰ দলপতিক সেই বৈঠকলৈ আমন্ত্ৰণ কৰাটো নিয়ম। কিন্তু অসম চৰকাৰে এই নিয়ম ভংগ কৰি অনুষ্ঠিত কৰা বৈঠকখনক শইকীয়াই চৰকাৰৰ এই স্থিতিক অগণতান্ত্ৰিক আৰু ঠেক মনোবৃত্তিৰ চিন্তা-চৰ্চা বুলি অভিহিত কৰে।