নতুন দিল্লীত স্বাক্ষৰিত ব্ৰু শৰণাৰ্থীক মিজোৰামলৈ প্ৰত্যৰ্পণৰ ঐতিহাসিক চুক্তি

Bru-repatriation-570x320

নতুন দিল্লীত আজি ব্ৰু শৰণাৰ্থীসকলৰ প্ৰত্যাৱৰ্তনৰ এখন ঐতিহাসিক চুক্তি স্বাক্ষৰিত হৈছে। এই চুক্তিয়ে উদ্বাস্তু ব্ৰু প্ৰব্ৰজনকাৰীক ত্ৰিপুৰাৰ পৰা মিজোৰামলৈ প্ৰত্যৰ্পণ কৰাৰ বাট মুকলি কৰিলে।

এই ঐতিহাসিক চুক্তিৰ জড়িয়তে প্ৰায় ২২ বছৰৰ পাছত ব্ৰু শৰণাৰ্থীসকলক মিজোৰামলৈ প্ৰত্যৰ্পণ কৰোৱা হ’ব। চুক্তি অনুসৰি চলিত বছৰৰ ৩০ ছেপ্টেম্বৰৰ আগতে ব্ৰু শৰণাৰ্থীসকলক প্ৰত্যৰ্পণ কৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। উত্তৰ ত্ৰিপুৰাত থকা সকলো কেইটা অস্থায়ী শিবিৰ অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা বন্ধ কৰি দিয়া হ’ব।

প্ৰত্যেকটো পৰিয়ালকেই পুনৰ্বাসনৰ বাবে ৪ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। প্ৰত্যৰ্পণৰ প্ৰথম মাহৰ ভিতৰতে পৰিয়ালৰ মুৰব্বীজনৰ নামত পৰিয়ালটোৰ বাবে ৪ লাখ টকাৰ ফিক্সড ডিপ’জিট কৰোৱা হ’ব। এই ধনখিনি ২ বছৰৰ বাবে ফিক্সড ডিপ’জিট কৰি ৰখাৰ পাছত তৃতীয় বছৰত এই ধনখিনি তেওঁলোকক প্ৰদান কৰা হ’ব। মন কৰিবলগীয়া যে মিজোৰামত একেৰাহে ৩ বছৰ বাস কৰাৰ পাছতহে ধনখিনি তেওঁলোকক প্ৰদান কৰা হ’ব।

প্ৰত্যক্ষ হিত বিনিময়ৰ প্ৰক্ৰিয়াৰ মাজেৰে প্ৰতিটো পৰিয়ালকেই ৫,০০০ টকাকৈ প্ৰতি মাহে আৰ্থিক সহায়তা প্ৰদান কৰা হ’ব আৰু এই সাহায্য দুবছৰ ধৰি প্ৰদান কৰা হ’ব। আনহাতে প্ৰতিটো পৰিয়ালকেই ঘৰ নিৰ্মাণৰ বাবে ১.৫ লাখকৈ টকাৰ আৰ্থিক সহায়ত তিনিটা কিস্তিত প্ৰদান কৰা হ’ব।

পুনৰ্বাসনৰ পেকেজত আছে দুবছৰৰ বাবে বিনামূলীয়া ৰেছন আৰু বিনামূলীয়া পৰিবহণৰ সুবিধা ।

উল্লেখযোগ্য যে এই চুক্তিত স্বাক্ষৰ কৰিছে ত্ৰিপুৰাৰ মুখ্য সচিব, মিজোৰামৰ প্ৰধান গৃহ সচিব, গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ (আভ্যন্তৰিণ নিৰাপত্তা) বিশেষ সচিব, আৰু মিজোৰাম ব্ৰু উদ্বাস্তু লোকৰ ফ’ৰামৰ সভাপতিয়ে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং, ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব আৰু মিজোৰামৰ মুখ্য মন্ত্ৰী লালথানৱালাৰ উপস্থিতিত ব্ৰু প্ৰত্যৰ্পণ চুক্তিত স্বাক্ষৰ গ্ৰহণ কৰা হৈছে।