নতুন বছৰক আদৰাৰ বাবে বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰিছেহি তেজপুৰৰ বনভোজস্থলী

নতুন বছৰৰ পহিলা দিনটো ব্যতিক্ৰম ৰূপত উদযাপন কৰাৰ বাবে বিভিন্ন লোক নিজৰ নিজৰ পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে এসাজ খোৱাৰ লক্ষ্যৰে তেজপুৰৰ বিভিন্ন বনভোজস্থলীত ভিৰ কৰা পৰিলক্ষিত হৈছে।

প্ৰাকৃতিক সৌন্দৰ্যতাৰে চহকী তেজপুৰ চহৰৰ গণেশ ঘাট, ভোমোৰাগুৰি, বেছেৰিয়া, ৰুদ্ৰ পথ, গাভৰু নদী, ছুটী পথাৰ, ভালুকপুঙ, নামেৰী আদি ঠাইত আজিৰ দিনটোত লোকে লোকাৰণ্য হৈ পৰা দেখা গৈছে। বিগত কিছু বছৰৰ পৰা অসম তথা বাহিৰৰ পৰা বহু যাত্ৰী নতুন বছৰ উদযাপন কৰিবলৈ তেজপুৰৰ এই মনোমোহা ঠাই সমূহলৈ আহে।

আনহাতে যাত্ৰী সকলক তেজপুৰলৈ আকৰ্ষিত কৰাৰ কিছু কাৰণ আমি দেখিবলৈ পাওঁ। কিয়নো ঐতিহাসিক অগ্নিগঢ় উদ্যান, চিত্ৰলেখা উদ্যান, ঔগুৰি পাহাৰ, ভৈৰৱী মন্দিৰ, দেৱী সিঙ ঘাট আদিৰে তেজপুৰ পৰিপুষ্ট। এই সমূহ ঐতিহাসিক প্ৰসিদ্ধ ঠাইলৈ যাত্ৰী সকলক আকৰ্ষিত কৰাৰ বাবে তেজপুৰ পৰিৱেশ সংস্থাই সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰে। লগতে শিশু সকলে খেল ধেমালী কৰাৰ বাবে তথা যাত্ৰীসকলৰ সুবিধাৰ বাবে তাত এখন সুন্দৰ সেউজীয়া ঘাহঁনি খেলপথাৰো ব্যৱস্থা কৰি দিছে। নতুন বছৰৰ পহিলা দিনটো উদযাপন কৰা লক্ষ্যৰে অহা যাত্ৰীসকলে তেজপুৰৰ মন মুহিত কৰা ঠাই সমূহক ভালদৰে সংৰক্ষণ তথা নিৰীক্ষণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়।