নবেম্বৰ মাহত ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া দলে উত্তৰ-পূবত আয়োজন কৰিব ৰেলী : মন্ত্ৰী ৰামদাস আথাৱালে

Union minister Ramdas Athawale

চলিত বছৰৰ নবেম্বৰ মাহত উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ সমস্যাৰ বিষয়ে বুজ ল’বলৈ ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া দলে এটা ৰেলীৰ আয়োজন কৰিব বুলি দেওবাৰে ডিব্ৰুগড়ত উপস্থিত থকা কেন্দ্ৰীয় ৰাজ্যিক সমাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ৰামদাস আথাৱালেই জানিবলৈ দিয়ে।

সাংবাদিকসকলৰ আগত মন্ত্ৰী আথাৱালাই প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় বিজেপি চৰকাৰৰ লগত মিত্ৰজোঁটত থকা ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া দলে দেশৰ পিছপৰা শ্ৰেণীৰ লোকসকলৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আছে।

‘যিসকল লোকৰ বছৰেকীয়া আয় ১ লাখ টকাৰ তলত সেই লোকসকলৰ সংৰক্ষণৰ বাবে আমি দাবী উত্থাপন কৰি আহিছো’, বুলিও সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

লগতে তেওঁ কয়, ‘আমাৰ দলে সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ সংৰক্ষণৰ বিষয়ে আলোচনা কৰাৰ বাবে ডিব্ৰুগড়ত এই বৈঠকৰ আয়োজন কৰা হৈছে। সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলৰ উন্নয়নৰ বাবে বিজেপিৰ লগতে আমাৰ দলে অহৰহ প্ৰচেষ্টা চলাই আছে’।

ইয়াৰ উপৰি বিজেপিয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন আসনেই দখল কৰিব বুলিও মন্তব্য কৰে ৰামদাস আথাৱালাই।

ৰাজ্যসভাৰ সাংসদ ৰূপে মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰা ৰামদাস আথাৱালেই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক সমাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০১৭ চনৰ ১৯ আগষ্টত প্ৰধান মন্ত্ৰী মোদীক সাক্ষাত কৰি ভাৰতীয় সেনাত পিছপৰা শ্ৰেণীৰ লোকৰ বাবে আসন সংৰক্ষিত কৰাৰ বাবে দাবী জনাইছিল।