নলবাৰীৰ উন্নয়ন মূলক কাম-কাজ তথা আইন-শৃংখলাৰ বুজ ল’লে ৰাজ্যপাল জগদীশ মুখীয়ে

Assam Governor Prof. Jagdish Mukhi in a review meeting at the Circuit House at Nalbari on Thursday

অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী বৃহস্পতিবাৰে নলবাৰী জিলাত উপস্থিত হৈ জিলা উপায়ুক্তৰ লগতে বিভিন্ন বিভাগৰ চৰকাৰী বিষয়াসকলৰ লগত এক আলোচনাত মিলিত হয়। ৰাজ্যপালগৰাকীয়ে জিলাখনৰ আইন-শৃংখলা দিশটোৰ লগতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়ন মূলক আঁচনিৰ কাম কাজ সম্পৰ্কে পৰ্যালোচনা কৰে। প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা সদৰী কৰে।

আলোচনাৰ সময়ত নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে ৰাজ্যপালগৰাকীক আশ্বাস প্ৰদান কৰি কয় যে জিলাখনৰ সকলো পৰ্যায়ৰ লোকে চৰকাৰী আঁচনিৰ সুবিধা সমূহ গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে।

আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ কাম চলি থকা সময়ত জিলাখনত যাতে কোনো ধৰণৰ আইন-শৃংখলা জনিত সমস্যা নহয় তাৰ প্ৰতি নজৰ ৰাখিবলৈ জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতীয়াক নিৰ্দেশ দিয়ে।

ৰাজ্যপালগৰাকীৰ প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষক চেতিয়াই কয় যে কোনো ধৰণৰ আইন-শৃংখলা জনিত সমস্যাৰ উদ্ভৱ হোৱা নাই আৰু সম্প্ৰতি জিলাখনত সম্পূৰ্ণ শান্তি-সম্প্ৰতি পৰিৱেশে বিৰাজ কৰিছে।

নলবাৰী আৱৰ্ত ভৱনত চলা পৰ্যালোচনামূলক সভাখনত জিলাখনৰ সকলো বিষয়াকে ৰাজ্যপাল মুখীয়ে ৰাস্তা-ঘাট, শিক্ষা, স্বচ্চতা, খোৱা পানী, স্বাস্থ্য তথা কৃষি ক্ষেত্ৰত বিশেষভাবে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি জিলাখনৰ কৃষকসকলৰ আয় বৃদ্ধি তথা বিভিন্ন আঁচনি প্ৰৱৰ্তন কৰিবলৈ কৃষি বিষয়া সকলক আহ্বান জনায় ৰাজ্যপাল মুখীয়ে। লগতে খেতিয়কসকলে যাতে সকলো ধৰণৰ পৰ্যাপ্ত সুবিধা লাভ কৰে তাৰ বাবে জিলা উপায়ুক্তগৰাকীক তদাৰক কৰিবলৈ অনুৰোধ জনায়।

এই আলোচনাতে জিলাখনৰ এন আৰ চি প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ বিসংগতি নহয় তাৰ প্ৰতিও নজৰ ৰাখিবলৈ জিলা প্ৰশাসনক আহ্বান জনায়।

আনহাতে ৰাজ্যপাল মুখীয়ে জিলাখনত উজ্জলা আঁচনিৰ সফল ৰূপায়ন দেখি সন্তুষ্টি প্ৰকাশ কৰাও দেখা গ’ল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছতা অভিযানৰ প্ৰসংগ টানি ৰাজ্যপালগৰাকীয়ে সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান,শিক্ষানুষ্ঠানৰ লগতে চিকিৎসালয় সমূহত স্বচ্ছতা বজাই ৰাখিবলৈ অনুৰোধ জনোৱাৰ লগতে স্বচ্ছতাৰ দিশত উপায়ুক্তগৰাকীক বিশেষভাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

আলোচনাৰ অন্তত প্ৰফেছৰ মুখী নলবাৰীৰ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ৰোগীসকলৰ লগত মত-বিনিময় কৰা দেখা যায়।

ভ্ৰমণ কালৰ অন্তত শেষ কাৰ্যসূচী হিচাপে ৰাজ্যপালগৰাকীয়ে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় পৰিদৰ্শন কৰে বুলি প্ৰছ বিজ্ঞপ্তিত প্ৰকাশ কৰে।