নাগালেণ্ডত এন ডি পি পি-বিজেপিৰ মিত্ৰজোঁটে চৰকাৰ গঠনৰ দাবী তুলিলে

Neiphiu-Rio-Ram Madhav

ৰাজ্যপাল পি বি আচাৰ্য্যক সাক্ষাৎ ৰিঅ' বাহিনীৰ।

নাগালেণ্ডত এন ডি পি পি-বিজেপিৰ মিত্ৰজোঁটে চৰকাৰ গঠনৰ দাবী লৈ আজি ৰাজ্যপাল পি বি আচাৰ্য্যক সাক্ষাৎ কৰে। এটা সূত্ৰই জনোৱামতে মিত্ৰজোঁটটোৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ আৰু একমাত্ৰ নিৰ্দলীয় বিধায়ক টংপাং অ’জুমুক আৰু জে ডি (য়ু)ৰ একমাত্ৰ বিধায়ক কেইটো আয়েক লগত লৈ ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি নিজৰ পক্ষত ৩২জন বিধায়ক থকা বুলি দাবী কৰি তেওঁক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ কৰিব লাগে বুলি দাবী কৰে।

সাক্ষাতৰ সময়ত তেওঁৰ সৈতে ৩২জন বিধায়ক থকাৰ কথা ৰিঅ’ই দৃঢ়তাৰে কয়।

সাক্ষাতৰ পিছতে ৰাজ্যপাল আচাৰ্য্যই কয় যে এন ডি পি পিৰ নেতাজনৰ লগত সংখ্যাগৰিষ্ঠতা আছে, গতিকে তেওঁ চৰকাৰ গঠন কৰিব লাগে। ৰাজ্যপালজনে ৰিঅ’ক তেওঁৰ সৈতে থকা ৩২জন বিধায়কৰ চহী সোমবাৰৰ ভিতৰত জমা দিবলৈও কয়।

উল্লেখযোগ্য যে এন ডি পি পি (Nationalist Democratic Progressive Party) হ’ল ৰাজ্যখনত নতুনকৈ গঠিত ৰাজনৈতিক দল। নিৰ্বাচনৰ মাত্ৰ কেইটামান দিনৰ পূৰ্বেহে দলটো গঠন কৰা হৈছিল পূৰ্বৰ তিনিবাৰকৈ মুখ্য মন্ত্ৰী হোৱা নেইফিঅ’ ৰিঅ’ৰ নেতৃত্বত। বিজেপিয়ে ইয়াৰ পূৰ্বৰ মিত্ৰ শাসনাধিষ্ঠিত এন পি এফক এৰি এই নৱগঠিত দলটোৰ সৈতে মিত্ৰতা কৰাই নহয় নতুন দলটোক ৪০ খন আসন এৰি দি নিজলৈ ২০খন আসন ৰাখিছিল। নাগালেণ্ডৰ ৰাজ্যিক কমিটি এই সিদ্ধান্তত ক্ষুণ্ণ হৈছিল যদিও শেষ পৰ্য্যন্ত বিজেপিৰ কৌশলে কামত দিয়া দেখা গ’ল। শেহতীয়া নিৰ্বাচনত বিজেপিয়ে ১২খন আসন পোৱাৰ লগতে মিত্ৰ এন ডি পি পিয়ে লাভ কৰে ১৭ খন আসন। ফলত ২৯খন আসন হয় মিত্ৰজোঁটটোৰ। চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় দুখন আসনৰ বাবে তেওঁলোকে একমাত্ৰ নিৰ্দলীয় বিধায়কজন আৰু জে ডি (য়ু)ৰ বিধায়কজনক লগত লৈছে।

উল্লেখযোগ্য যে কালি ঘোষণা কৰা নিৰ্বাচনী ফলাফলত সামান্য বিসংগতি হোৱা বাবে এন ডি পি পিয়ে ১৬খন আসন পোৱা বুলি প্ৰকাশ পাইছিল। টেনিং সমষ্টিৰ পৰা এন পি এফৰ প্ৰাৰ্থী এন আৰ জেলিয়াঙক বিজয়ী ঘোষণা কৰা হৈছিল। কিন্তু আজি সেই ভুলৰ শুধৰণি ঘটাই নিৰ্বাচন আয়োগে ঘোষণা কৰে যে এন ডি পি পিৰ নামৰি চাঙে ৭,০১৮টা ভোট পোৱাৰ বিপৰীতে এন পি এফৰ প্ৰাৰ্থী এন আৰ জেলিয়াঙে ৬,৮৫০ টা ভোটহে লাভ কৰিছে। গতিকে এন ডি পি পিৰ নামৰি চাং জয়ী হৈছে। নিৰ্বাচন আয়োগৰ সচিব অৰবিন্দ কুমাৰ স্বাক্ষৰিত এক বিজ্ঞপ্তিত এই কথা জনা গৈছে।

এই সালসলনি সত্ত্বেও এন পি এফেই হ’ল ৰাজ্যখনৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা দল। নাগা পীপল ফ্ৰণ্টছে ২৬খন আসন লাভ কৰে।

আনহাতে নাগালেণ্ড কংগ্ৰেছৰ সভাপতি কে থেৰিয়ে তেওঁৰ ফেচবুক পেইজত ক্ষোভ প্ৰকাশ কৰি দেওবাৰে লিখিছে, ‘৮২% শিক্ষিতৰ হাৰ থকা খ্ৰীষ্টান প্ৰধান ৰাজ্যখনৰ ৰাইজে সন্মুখত ক’লা ধনক আদৰি লোৱাটোৱে মানুহবোৰৰ নিম্ন বিচাৰবোধকে সূচাইছে।’

উল্লেখযোগ্য যে কংগ্ৰেছে ৰাজ্যখনত এখনো আসন লাভ কৰিব নোৱাৰিলে। নাগালেণ্ডৰ লগতে ত্ৰিপুৰাতো কংগ্ৰেছে এখনো আসন নাপালে।

মন কৰিব লগীয়া যে ত্ৰিপুৰাৰ চৰকাৰ গঠন নিশ্চিত হোৱাৰ পিছত মেঘালয়তো বিজেপি চৰকাৰৰ অংশীদাৰ হোৱাটো ইতিমধ্যে নিশ্চিত হৈছে। মেঘালয়ত কনৰাড চাংমাৰ এন পি পিয়ে বিজেপি, য়ু ডি পি, পি ডি পি আৰু পি ডি এফৰ সৈতে লগ লাগি চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে।