নাগালেণ্ডত মিত্ৰজোঁট চৰকাৰে অসৎ পন্থাৰে কৃতিত্ব বোটোলাৰ অভিযোগ এন পি এফৰ

বিৰোধী দল নাগা পীপলছ ফ্ৰণ্টে অভিযোগ তুলিছে যে নেইফিউ ৰিঅ’ৰ নেতৃত্বত গঠন হোৱা পীপলছ ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰখনে  ইয়াৰ কোনো অৰিহণা নথকা কামৰ বাবে অন্যায়ভাৱে কৃতিত্ব বোটোলাৰ ‍প্ৰচেষ্টা চলাই আছে।  বিৰোধী দলটোৱে আৰু অভিযোগ তুলিছে যে নৱগঠিত চৰকাৰখনে অত্যন্ত স্বাৰ্থপৰতাৰে যুক্তিহীনভাৱে  মনোযোগৰ কেন্দ্ৰ হৈছে।

উল্লেখ্য যে ৰিঅ’ নেতৃত্বাধীন পিডিএ চৰকাৰখনে নাগালেণ্ড লোকসেৱা আয়োগৰ নিয়োগ আৰু গঠন নীতিৰ কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিব বুলি ঘোষণা কৰাৰ পিছতে এন পি এফ দলে এটা বিবৃতি যোগে এই অভিযোগ আনিছে।

দলটোৱে বিবৃতিটোত কয় যে এন পি এছ চিৰ নিয়োগ নীতিৰ ক্ষেত্ৰত কৰা সংশোধনী আৰু সংস্কাৰৰ প্ৰক্ৰিয়াটো কাৰ নেতৃত্বত জন্ম লাভ কৰিছিল তাক বুজাটো অত্যন্ত জৰুৰী।

বিবৃতিটোত কোৱা হৈছে যে, যুৱ আৰু উদ্যমী, নাগালেণ্ড লোকসেৱা আয়োগৰ প্ৰাৰ্থিত্ব প্ৰয়াসী (পিএছএএন) গোটোৱে এনপিএছচিৰ নিযুক্তি নীতিৰ পৰিৱৰ্তন সাধন কৰাৰ বাবে দাবী কৰি আহিছিল। গোটটোৰ এই আহ্বানৰ প্ৰতি সঁহাৰি দিয়েই নাগালেণ্ডৰ তদানীন্তন মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে ২০১৭ চনৰ ডিচেম্বৰত এখন কেবিনেট বৈঠকত বহু প্ৰত্যাশিত লোকায়ুক্ত বিল : ২০১৫ আৰু নাগালেণ্ড লোকসেৱা আয়োগৰ নিয়োগ নীতিৰ সংস্কাৰ সাধন কৰিছিল।

এনপিএফে নৱগঠিত চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, ‘এতিয়া নিৰ্লজ পিডিএ চৰকাৰখনে পূৰ্বৰ চৰকাৰৰ ভাল কামবোৰৰ কৃতিত্ব চুৰ কৰিছে যিটো খুব উদ্বেগপূৰ্ণ কথা। দলটোৱে নিজৰ বিবৃতিটোত আৰু কৈছে যে ৰাজ্যখনৰ উচ্চতম নিয়োগৰ ক্ষেত্ৰখনত নিকা আৰু মেধাতন্ত্ৰ বাহাল ৰখাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে ভূতপূৰ্ব মুখ্য মন্ত্ৰী জেলিয়াং আৰু নাগালেণ্ডৰ লোকসেৱা আয়োগৰ প্ৰাৰ্থিত্ব প্ৰয়াসীসকলৰ (পিএছএএন) গোটটো প্ৰশংসাৰ যোগ্য আৰু তেওঁলোকৰ প্ৰচেষ্টা উলাই কৰিব নোৱাৰি।

‘এতিয়ালৈকে দপ্তৰ বিতৰণৰ ক্ষেত্ৰত হৈ থকা অন্তৰ্কলহৰ নিষ্পত্তি নোহোৱাকৈ আৰু এখনো কেবিনেট বৈঠকত এই বিষয়টো আলোচনা নকৰাকৈ পিডিএ নেতৃত্বাধীন চৰকাৰে এনে এটা সংস্কাৰ সাধন কৰিবলৈ সক্ষম বুলি ভবাটো যুক্তি-বুদ্ধিসম্পন্ন লোকৰ কল্পনাৰো অগোচৰ।‘ এন পি এফে বিবৃতিটোত এইদৰে কয়।

‘নিজে নকৰা কামৰ বাবে কৃতিত্ব চুৰ কৰাটো এৰি পি ডি এই নিজৰ ‘পৰিৱৰ্তন আহি আছে’ মন্ত্ৰটো বাস্তৱত ৰূপায়িত কৰি দেখুৱাব লাগে’ বুলি প্ৰত্যাহ্বন জনাইছে এনপিএফ দলটোৱে।

এনপিএফে বিবৃতিটোত আৰু কৈছে যে দলটোৱে এটা গঠনমূলক বিৰোধী দলৰ ভূমিকা ল’বলৈ সাজু আছে আৰু পি ডি এ চৰকাৰে ৰাইজৰ প্ৰয়োজন আৰু ইচ্ছাৰ সৈতে তাল মিলাই চলিব বিচাৰে নে নাই সেয়া দলটোৱে জানিব বিচাৰে।

বিবৃতিটোত আৰু কোৱা হৈছে,’এজন পুতলা নেতাই ৰাইজক নেতৃত্ব দিব নোৱাৰে, যিটো ৰিঅ’ চৰকাৰ গঠনৰ বেলিকা সুস্পষ্ট হৈ পৰিছে।‘

নিজৰ দলৰ কল্যাণৰ বাবে আনৰ দলৰ ক্ষতি কৰা নেতাৰ স্বভাৱ গ্ৰহণ কৰা ৰিঅ’য়ে নিজৰ দলক তোষামোদ কৰা  আৰু পিছলৈ ঘূৰি নোচোৱাকৈ সমুখৰ পৰা নেতৃত্ব দিয়াৰ নীতি গ্ৰহণ কৰিছে যাৰ ফলত এদিন তেওঁৰ অনুগামীসকলে তেওঁক সম্পূৰ্ণ ত্যাগ কৰিব বুলি বিবৃতিটোত কোৱা হৈছে।