নাগালেণ্ডত মেঘালয়-ভিত্তিক নেশ্যনেল পীপলছ পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ

Conrad

নাগালেণ্ডত নেশ্যনেল পীপলছ পাৰ্টি (এন পি পি)-ৰ ৰাষ্ট্ৰীয় সভাপতি কনৰাড চাংমাই কালি সাংবাদিকৰ আগত দলটোৱে ৰাজ্যখনৰ সমাগত নিৰ্বাচনত সফলতাৰ মুখ দেখিব বুলি দাবী কৰে। মণিপুৰৰ বিগত বছৰৰ বিধান সভা নিৰ্বাচনত দলটোৱে চাৰিখনকৈ আসন লাভ কৰিবলৈ সক্ষম হোৱাটোক এক উৎসাহজনক দিশ বুলি উল্লেখ কৰে ৰাষ্ট্ৰীয় সভাপতিজনে। মেঘালয়-ভিত্তিক ৰাষ্ট্ৰীয় ৰাজনৈতিক দল নেশ্যনেল পীপলছ পাৰ্টি (এন পি পি)-ৰ নাগালেণ্ডৰ নিৰ্বাচনত সফলতাৰ সম্ভাৱনা সম্পৰ্কত তেওঁ কয় যে ৰাজ্যখনত নতুন প্ৰজন্ম আৰু অভিজ্ঞ দুয়োটা স্তৰৰ লোকে দলটোত যোগদান কৰাটো যথেষ্ট আশাব্যঞ্জক। দলটোৰ নাগালেণ্ড গোটটোৱে কঠোৰ পৰিশ্ৰম কৰা বুলিও তেওঁ কয়। নাগালেণ্ডৰ মানুহে ৰাজ্যখনৰ দুৰ্নীতিৰ গ্ৰাসৰ পৰা উদ্ধাৰ পাব বিচাৰিছে আৰু এই ক্ষেত্ৰত এন পি পিক এক বিকল্প হিচাপে লৈয়ে দলটোত যোগদান কৰিছে। দলটোৱে নাগালেণ্ডৰ মানুহৰ কল্যাণৰ বাবে এখন মঞ্চ দিয়া বুলিও দাবী কৰে মেঘালয়ৰ সাংসদজনে।

আনহাতে তেওঁ মেঘালয়ত কংগ্ৰেছৰ পাঁচজনকে ধৰি বৰ্তমানৰ আঠজনকৈ বিধায়কে পদত্যাগ কৰি দলটোত যোগদান কৰাটোৱে দলটোৰ শক্তিশালী স্থিতিকে প্ৰমাণ কৰে বুলিও উল্লেখ কৰে। তেওঁ লগতে কয় যে উত্তৰ-পূবৰ মানুহৰ বাবে মাত মাতিব পৰাকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এনেকুৱা এটা দলৰ প্ৰয়োজন আছে।

উল্লেখযোগ্য যে লোকসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পূৰ্ণ এ চাংমাই গঠন কৰা নেশ্যনেল পীপলছ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ল তেওঁৰ পুত্ৰ তথা বৰ্তমান লোকসভাৰ সাংসদ কনৰাড চাংমা। মণিপুৰত এন পি পিয়ে বিজেপিৰ মিত্ৰ দল হিচাপে চৰকাৰ গঠনত ভাগ লৈছে। আনহাতে নাগালেণ্ডত নাগা পীপলছ ফ্ৰণ্টৰ চৰকাৰত বিজেপি মিত্ৰ দল হিচাপে আছে। গতিকে এন পি পিয়ে নাগালেণ্ড চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগেৰে নিৰ্বাচনী প্ৰচাৰ কৰাটো তাৎপৰ্য্যপূৰ্ণ।