নাগালেণ্ডত সাংবিধানিক প্ৰক্ৰিয়াক সন্মান জনাই ২২জন প্ৰাৰ্থীৰ মনোনয়নপত্ৰ দাখিল

ভাবুকি তথা দোদুল্যমান ৰাজনৈতিক পৰিস্থিতিৰ মাজতে নাগালেণ্ডত আজি ২২জন প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’বৰ বাবে মনোনয়নপত্ৰ দাখিল কৰিছে। এই কথা নিশ্চিত কৰিছে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াই। নাগা ট্ৰাইবেল হোহো আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰ তথা বিদ্ৰোহী সংগঠনৰ কঠোৰ স্থিতিৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ বিশেষ তাৎপৰ্য্যপূৰ্ণ বিবেচিত হৈছে। সূত্ৰটোৱে জনোৱা মতে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীকেইজন ক্ৰমে নৱগঠিত এন ডি পি পিৰ লগতে শাসনাধিষ্ঠিত এন পি এফ, এন ডি পি পিৰ সৈতে মিত্ৰতা কৰা বিজেপি আৰু জে ডি (য়ু)ৰ। মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ, অৰ্থাৎ ৭ ফেব্ৰুৱাৰি অন্তিম দিন।

উল্লেখযোগ্য যে নাগালেণ্ডত অহা ২৭ ফেব্ৰুৱাৰিত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। কিন্তু দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিছতে নাগা হোহো আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিয়ে নিৰ্বাচনৰ পূৰ্বেই নাগা ৰাজনৈতিক সংকট সমাধান কৰাৰ দাবী জনাই নিৰ্বাচন বৰ্জনৰ আহ্বান জনাইছিল। এই পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ আটাইবোৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে এক যৌথ বিবৃতিৰ জৰিয়তে নিৰ্বাচন বৰ্জনৰ কথা ঘোষণা জনাইছিল। কিন্তু পিছত বিজেপিকে ধৰি এন পি এফ, কংগ্ৰেছে এই স্থিতিৰ পৰা আঁতৰি আহি নিৰ্বাচনত অংশগ্ৰহণৰ কথা ঘোষণা কৰে।

ইয়াৰ লগতে এন এছ চি এনে (আই এম)-ও নাগা ৰাইজৰ আহ্বানক অৱমাননা কৰিলে বিষম পৰিণতিৰ সন্মুখীন হ’ব বুলি কঠোৰভাৱে সকীয়াই দিছিল।

এনে পৰিপ্ৰেক্ষিততে মনোনয়ন দাখিলৰ পঞ্চম দিন পৰ্য্যন্ত এখনো মনোনয়নপত্ৰ পৰা নাছিল।

আজি মনোনয়নপত্ৰ দিয়া প্ৰাৰ্থীসকলৰ ভিতৰত এন ডি পি পিৰ ক’হিমাৰ পৰা চাৰিজনে, ফেকৰ পৰা দুজনে, জুনেবোটোৰ পৰা দুজনে, বিজেপিৰ ডিমাপুৰৰ পৰা ছজনে, ফুংঘোবোটোৰ পৰা এজনে, ফেকৰ পৰা এজনে, জুনেবোটোৰ পৰা দুজনে আৰু ওষাৰ পৰা এজনে, এন পি এফৰ ফেকৰ পৰা তিনিজনে, জুনেবোটোৰ পৰা এজনে, ওখাৰ পৰা দুজনে আৰু টুৱেনচাঙৰ পৰা এজনে আৰু জে ডি (য়ু)ৰ ওখাৰ পৰা এজনে মনোনয়নপত্ৰ দাখিল কৰিছে।

আনহাতে কংগ্ৰেছে যদিও ২৩জন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে, তেওঁলোকৰ এজন প্ৰাৰ্থীয়েও এই পৰ্য্যন্ত মনোনয়নপত্ৰ দাখিল কৰা নাই।

আজি নিজৰ কাৰ্য্যালয়ত নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই এখন সংবাদমেল পাতি জনাইছে যে পাঁচখন জিলাৰ পৰা এজনো প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল কৰা নাই। জিলাকেইখন হ’ল- মন, লংলেং, কিফিৰে, পেৰেন আৰু মোককচাং।

জানিব পৰামতে ৭ ফেব্ৰুৱাৰি মনোনয়নপত্ৰ দাখিলৰ অন্তিম তাৰিখ হোৱাৰ বিপৰীতে ৮ ফেব্ৰুৱাৰিত স্ক্ৰুটিনি তথা ১২ ফেব্ৰুৱাৰি মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন।

আনহাতে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াজনে জনাইছে যে ৰাজ্যৰ বাহিৰত মনোনয়নপত্ৰ দাখিল কৰিব নোৱাৰিব। আৰু যদি মনোনয়নপত্ৰ দাখিলত বাধা দিয়া হৈছে তেন্তে প্ৰাৰ্থীজনে নিৰ্বাচন প্ৰাধিকাৰী (ৰিটাৰ্নিং অফিচাৰ), জিলা নিৰ্বাচন বিষয়া আৰু আৰক্ষী অধীক্ষকক অৱগত কৰিব পাৰে। তেওঁ সকলোকে নিৰ্বাচন প্ৰক্ৰিয়াটোক সন্মান জনাবলৈ আহ্বান জনায়।