নাগালেণ্ডৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ নিৰ্দেশ শীৰ্ষ আৰক্ষী বিষয়াৰ

RupinSharma-570x320

নাগালেণ্ডৰ নিৰাপত্তা পৰিস্থিতি পুনৰীক্ষণৰ পিছত আৰক্ষী বিভাগে কেতবোৰ নতুন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিবলৈ পদক্ষেপ লৈছে। ইয়াৰ অংশ হিচাপে নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান ৰুপিন শৰ্মাই ডিমাপুৰৰ আৰক্ষীৰ টহলদাৰী দলক কৰ্তব্য যোৱাৰ সময়ত শৰীৰত পিন্ধি ল’ব পৰা কেমেৰা লগাই ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিছে।

এই ব্যৱস্থা তৎকালে কাৰ্য্যকৰী কৰাৰো নিৰ্দেশ দিয়ে সঞ্চালক প্ৰধানজনে। নিৰ্দেশটোত কোৱা হয় যে দলটোৰ অন্ততঃ এজনে হ’লেও কেমেৰা লগাই ল’ব লাগিব।

৫ এপ্ৰিলত ডিমাপুৰস্থিত আৰক্ষী আয়ুক্তৰ মুখ্য কাৰ্য্যালয়ত হোৱা আইন-শৃংখলা আৰু নিৰাপত্তাজনিত পৰিস্থিতি পৰ্য্যালোচনাৰ পিছত আৰক্ষী বিভাগৰ শীৰ্ষতম বিষয়াজনে এই নিৰ্দেশ দিছে। তেওঁ নিৰাপত্তা দিয়াৰ বাবে যোৱা গাড়ীবোৰত আৰু আৰক্ষীৰ চৰকাৰী আৱাসবোৰতো ৯ এপ্ৰিলৰ ভিতৰত কেমেৰা লগাবলৈ নিৰ্দেশ দিয়ে।

৬ এপ্ৰিলত দিয়া এটা প্ৰেছ বিজ্ঞপ্তিযোগে শীৰ্ষ আৰক্ষী বিষয়াজনে জনায় যে খুব কম দিনৰ ভিতৰত ডিমাপুৰত অধিক সংখ্যক চি চি টি ভি কেমেৰা লগোৱা হ’ব। লগতে অন্যান্য নিৰাপত্তামূলক ব্যৱস্থাও লোৱা হ’ব। আৰু এই একে ধৰণৰ ব্যৱস্থা ক’হিমাতো লোৱা হ’ব। বিজ্ঞপ্তিটোত কোৱা হয়।

উল্লেখযোগ্য যে আইন-শৃংখলা আৰু নিৰাপত্তা পৰিস্থিতিৰ এই পৰ্য্যালোচনাৰ সৈতে যোৱা মাহত হোৱা ধন দাবী কৰা লোকে কৰা গুলীচালনাৰ দুটা ঘটনাৰ সম্পৰ্ক আছে। যোৱা ২২ আৰু ২৩ মাৰ্চৰ দুটা পৃথক ঘটনাত ডিমাপুৰত ধন দাবী কৰা দুৰ্বৃত্তই দুজন লোকক গুলীয়াই আহত কৰিছিল। ইয়াৰ এগৰাকী আছিল ৪৫ বছৰীয়া মহিলা। ৰাজ্যখনৰ ডিমাপুৰ আৰু ক’হিমাত মাজে মাজে ধন দাবী আৰু তাৰ সৈতে জড়িত হিংসাত্মক ঘটনা সংঘটিত আহিছে।