নাগালেণ্ড আৰক্ষীৰ বাধাত নীপকোৰ প্ৰকল্প মহাপ্ৰৱন্ধকক গ্ৰেপ্তাৰত ব্যৰ্থ হ’ল অসম আৰক্ষী

প্রিয়ব্ৰত দাস

নীপকোৱে কোনো আগজাননী নিদিয়াকৈ হঠাতে নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত জলপ্ৰলয়ৰ সৃষ্টি কৰি কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগত বিস্তৰ ক্ষতিসাধন হয়।

নীপকোৰ এনে অবিবেচকী কাৰ্যত ক্ষুণ্ণ হৈ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই নীপকোৰ বিৰুদ্ধে ক্ষতিপূৰণৰ দাবী তুলি গোলাঘাট আৰক্ষী থানাত ৫৭৮/১৮ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল।

উক্ত গোচৰৰ ভিত্তিত গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াৰ নেতৃত্বত মেৰাপানী, বৰপথাৰ আৰু বোকাখাত আৰক্ষীৰ এটা দলে শনিবাৰে নগালেণ্ডৰ উখা জিলাৰ দৈয়াঙত থকা নীপকো জলবিদ্যুৎ প্ৰকল্পৰ মহাপ্ৰবন্ধক প্ৰিয়ব্ৰত দাসক আটক কৰি আনে যদিও নাগালেণ্ড আৰক্ষীয়ে বাধা দিয়াৰ বাবে আদবাটতে প্ৰকল্প মহাপ্ৰৱন্ধকগৰাকীক মুকলি কৰি দিবলৈ বাধ্য হয়।

জানিব পৰা মতে শনিবাৰে পুৱা আৰক্ষীৰ দলটোৱে নীপকোৰ মহাপ্ৰবন্ধক কাৰ্যালয়ত উপস্থিত হৈ কৌশলপূৰ্ণভাৱে প্ৰবন্ধকজনক আটক কৰি আনি থাকোঁতেই নাগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষীৰ এটা দলে বাধা প্ৰদান কৰাৰ লগতে  প্ৰিয়ব্ৰত দাসক মুকলি কৰি নিয়ে। তদুপৰি,নাগালেণ্ড আৰক্ষীয়ে অসম আৰক্ষীৰ দলটোক প্ৰিয়ব্ৰত দাসৰ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত কোনো গ্ৰেপ্তাৰী পৰোৱানা নথকাৰ অভিযোগ তুলি দুৰ্ব্যৱহাৰ কৰি খেদি পঠায়।

অৱশ্যে, গোলাঘাট আৰক্ষীয়ে প্ৰকল্প মহাপ্ৰৱন্ধকগৰাকীক গ্ৰেপ্তাৰৰ বাবে আজি পুনৰ অভিযান চলাব বুলি জানিব পৰা গৈছে।