নাগা পীপলছ ফ্ৰণ্টৰ আন দুজন বিধায়কৰ বিধানসভা তথা দলৰ পৰা পদত্যাগ

NPF-570x320

নিৰ্বাচন অভিমুখে গৈ থকা তথা সঘন ৰাজনৈতিক পটপৰিৱৰ্তন এক স্বাভাৱিক ঘটনাত পৰিণত হোৱা নাগালেণ্ডত আজি নাগা পীপলছ ফ্ৰণ্টৰ আন দুজন বিধায়কে চলিত বিধানসভাৰ লগতে দলৰ পৰাও পদত্যাগ কৰিছে। ইয়াকে ধৰি দ্বাদশ বিধানসভাৰ পৰা পদত্যাগ কৰা বিধায়কৰ সংখ্যা ১৫জন হ’লগৈ। তাৰে ১৩ জনেই হ’ল এন পি এফৰ। আজি পদত্যাগ কৰা দুজন হ’ল ক্ৰমে ২৯ নং জাংপেটকং সমষ্টিৰ ড০ লংৰিনেকেন আৰু ৫৭ নং থনকন্যু সমষ্টিৰ এল খুমৌ খিয়ামনিউগান।

আজি সন্ধিয়াৰ এখন জাননীৰ দ্বাৰা নাগালেণ্ড বিধানসভাৰ আয়ুক্ত আৰু সচিব এন বেঞ্জামিন নিউমায়ে কয় যে অধ্যক্ষ ড০ ইমতিৱাপাঙে তেওঁলোকৰ পদত্যাগপত্ৰ গ্ৰহণ কৰিছে আৰু দুয়োখন আসন খালী বুলি ঘোষণা কৰে।

এই পদত্যাগৰ জোৱাৰ উঠাৰ ফলত ৬০জনীয়া নাগালেণ্ড বিধানসভাত সদস্যৰ সংখ্যা ৪৪ লৈ নামে। এখন আসন যোৱা বছৰৰ ডিচেম্বৰ মাহত এজন সদস্যৰ মৃত্যুৰ ফলত খালী হৈছিল।

আনহাতে আজি কিফিৰে জিলাৰ নিৰ্বাচনী ব্যয় পৰ্য্যৱেক্ষক ড০ এছ পেৰিয়ান্নানে বিভি্নন ব্যয় নিৰীক্ষণ গোটবোৰৰ কামকাজ পৰিদৰ্শন কৰে। ইয়াৰ ভিতৰত ফ্লায়িং স্কোৱাড, ষ্টেটিক ছাৰ্ভিলেন্স টীম, ভিডিঅ’ ছাৰ্ভিলেন্স টীম, ভিডিঅ’ ভিউয়িং টীম, মিডিয়া চাৰ্টিফিকেইশ্যন এণ্ড মনিটৰিং কমিটি, কণ্ট্ৰল ৰূম ইত্যাদিবোৰ আছে।

পৰিদৰ্শনৰ পূৰ্বে নিৰ্বাচনী ব্যয় পৰ্য্যৱেক্ষকে নিৰ্বাচনী ব্যয় পৰ্য্যৱেক্ষণৰ বিভিন্ন অংশীদাৰী গোটবোৰৰ সৈতে এটা আলোচনাত মিলিত হয়।