নাগা ফ্ৰেমৱৰ্কৰ নামত অসমৰ মাটি এৰি দিয়া নহ’ব: মন্ত্ৰী ৰঞ্জিত দত্ত

ৰঞ্জিত দত্ত
নাগা ফ্ৰেমৱৰ্ক লৈ ৰাজ্যজুৰি সৃষ্টি হৈ অহা উত্তেজনাৰ সময়তে আজি কোকৰাঝাৰত মন্ত্ৰী ৰঞ্জিত দত্তই বিষয়টোক লৈ ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰিছে।
নাগা ফ্ৰেমৱৰ্কৰ নামত অসমৰ মাটি এৰি দিয়া নহ’ব আৰু সেয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইতিপূৰ্বেই ঘোষণা কৰিছে বুলি মন্ত্ৰী দত্তই আজি কোকৰাঝাৰত মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নাগা ফ্ৰেমৱৰ্কত প্ৰকৃততে কি আছে সেই সন্দৰ্ভত ৰাজ্য চৰকাৰ এতিয়ালৈকে জ্ঞাত নহয় যদিও এইক্ষেত্ৰত চৰকাৰ পূৰ্বৰ স্থিতিতেই অটল আছে।
আজি ফেডাৰেশ্যন অৱ ইণ্ডাষ্ট্ৰী এণ্ড কমাৰ্চ অৱ নৰ্থ-ইষ্ট ৰিজন চমুকৈ ফাইনাৰৰ উদ্যোগত বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এডভান্টেজ আছাম – ড্যা আছাম গ্লোৱেল ইনভেষ্টৰছ ছামিট, ২০১৮ ৰ আলোচনাচক্ৰত অংশগ্ৰহণ কৰাৰ অন্তত মন্ত্ৰী ৰঞ্জিত দত্তই সাংবাদিকৰ আগত উক্ত মন্তব্য আগবঢ়ায়।
আনহাতে চিণ্ডিকেট সন্দৰ্ভতো ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰী দত্তই স্পষ্ট কৰি দিয়ে ।
বিটিচিৰ মুখ্য সচিব বি চি ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত মন্ত্ৰী ৰঞ্জিত দত্তই উদ্যোগ অবিহনে নিবনুৱা সমস্যা সমাধান নহয় বুলি মন্তব্য কৰি অসমত উদ্যোগৰ সম্ভাৱনীয়তা আৰু বিনিয়োগ সন্দৰ্ভতো নাতিদীৰ্ঘ বক্তব্য আগবঢ়ায় ।
উক্ত আলোচনাচক্ৰত বিটিচিৰ উপ মুখ্য খাম্ফা বৰগয়াৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰাজীৱ ব্ৰহ্ম, দনেশ্বৰ গয়াৰী, গণেশ কছাৰীৰ লগতে প্ৰতিটো বিভাগৰ বিভাগীয় বিষয়া সকল উপস্থিত থাকে। আলোচনাচক্ৰখনত বিটিএডি এলেকাত কৃষি, উদ্যোগ, পৰ্যটন, ফুড প্ৰচেছিং আদিত সম্ভাৱনীয়তা আৰু বিনিয়োগ সন্দৰ্ভতো আলোচনা কৰা হয় ।