নাগা সমস্যা সমাধানৰ বাবে নাগালেণ্ডত এখন শক্তিশালী চৰকাৰৰ প্ৰয়োজনঃ ৰাম মাধৱ

ৰাম মাধৱ

বিধানসভা নিৰ্বাচনৰ পিছতে সম্পাদিত হোৱাৰ সম্বাৱণা আছে নাগা চুক্তি। নাগা সমস্যা সমাধানৰ বাবে নাগালেণ্ডত এখন শক্তিশালী চৰকাৰৰ প্ৰয়োজন। মঙলবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে ব্যক্তব্য কৰে।

‘নাগা সমস্যা তাৎক্ষণিকভাবে সমাধান কৰিবৰ বাবে ৰাজ্যখনত এখন শক্তিশালী চৰকাৰৰ প্ৰয়োজন। আমি নাগা শান্তি চুক্তি সন্দৰ্ভত শেষ পৰ্যায়ত উপনীত হৈছো, কিছু কিছু নগালেণ্ডৰ গোটে নাগা সমস্যা তথা চুক্তি বিধান সভাৰ পূৰ্বে সম্পাদিত হোৱাটো বিচাৰে। কিন্তু মই স্পষ্ট কৰি দিও যে সকলো সমস্যাৰ সমাধান মাত্ৰ বিধান সভা নিৰ্বাচনেই,’ ৰাম মাধৱে এনেদৰে স্পষ্ট ৰূপত মন্তব্য কৰে।

তেওঁ কয় যে নাগা সমস্যা সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কোনো ধৰণৰ খচৰা প্ৰস্তুত কৰা নাই। ইয়াৰ উপৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰি কয় যে আৰ এছ এছৰ প্ৰবীণ সংগঠক জগদম্বা মলে নাগা চুক্তি সম্বন্ধে এখন খচৰা প্ৰস্তুত কৰিছে।

লক্ষ্যণীয় যে কিছুদিন পূৰ্বে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যে জগদম্বা মলে প্ৰস্তুত কৰা নাগা চুক্তিৰ খচৰাখন বিভ্ৰান্তিকৰ খচৰা। জগদম্বা মলৰ সন্দৰ্ভত ৰাম মাধৱে কয় যে সেয়া এক সম্পূৰ্ণ ব্যক্তিগত অভিপ্ৰকাশ।

‘নাগা শান্তি চুক্তিক লৈ বিভ্ৰান্তিকৰ সৃষ্টি কৰা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব’ এই তাৎপৰ্যমূলক মন্তব্য কৰে ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে।

বিধান সভা নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী মানিক সৰকাৰক আক্ৰমণ কৰাৰ লক্ষ্যৰে ‘মাণিক সৰকাৰ ৰিয়েল এণ্ড ভৰ্চুৱেল’ শীৰ্ষক গ্ৰন্থ এখন প্ৰকাশ কৰি উলিয়াই। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ৰাম মাধৱ উপস্থিত থাকি মাণিক সৰকাৰৰ শাসনাধিষ্ঠ চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা যায়। আৰু কয় যে চি পি আই(এম)ৰ কাৰণে ত্ৰিপুৰাত শান্তি ভংগ হৈছে আৰু মাণিক সৰকাৰে হিংসাৰ ৰাজনীতিৰে শাসন চলায় বুলি উক্ত অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।