বাৰ্মিজ সেনাৰ নৃশংস আক্ৰমণত দিশহাৰা হৈ ‘ন’ মেনছ লেণ্ড’ত বাস কৰি থকা ৬,০০০ ৰহিঙিয়া মুছলমান শৰণাৰ্থীয়ে নাগৰিকত্ব আৰু নিৰাপত্তাৰ নিশ্চয়তা অবিহনে ম্যানমাৰলৈ উভতি যাবলৈ অস্বীকাৰ কৰিছে।
মঙলবাৰে বাংলাদেশ আৰু ম্যানমাৰৰ বিষয়ববীয়াই ৰহিঙিয়া শৰণাৰ্থীসকলক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তন কৰাক লৈ এক আলোচনাত মিলিত হোৱাৰ পিছতে শৰণাৰ্থীসকলে উক্ত মন্তব্য কৰে বুলি মিজিমা নিউজ ত ওলোৱা এ এফ পি(Agence France-Presse)ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।
উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্টত ম্যানমাৰৰ মুছলমান সংখ্যালঘুৰ ওপৰত বাৰ্মিজৰ আক্ৰমণত দেশখনৰ পৰা পলায়ন কৰা প্ৰথম ভাগৰ ৰহিঙিয়াসকলৰ ভিতৰৰ উক্ত ৬,০০০ শৰণাৰ্থীসকল অন্যতম।
তেতিয়াৰে পৰা তেওঁলোকে দেশদুখনৰ মাজৰ এটুকুৰা দখলবিহীন ভূখণ্ডত অস্থায়ী শিবিৰ পাতি বাস কৰি আছে।
আনহাতে, যদিহে তেওঁলোক ‘ন’ মেনছ লেণ্ড’ত থাকে তেন্তে ইয়াৰ ‘পৰিণাম’ ভোগ কৰিব লাগিব বুলি ম্যানমাৰৰ এগৰাকী মন্ত্ৰীয়ে দিয়া সকীয়নিৰ পৰিপ্ৰেক্ষিতত যোৱা কিছু সপ্তাহ ধৰি ৰহিঙিয়া শৰণাৰ্থীসকল পুনৰ ঘূৰি যোৱাৰ চাপৰ সন্মুখীন হৈছে।
অৱশ্যে সম্প্ৰদায়টোৰ নেতা দিল মহম্মদে কয় যে নাগৰিকত্ব, নিৰাপত্তা আৰু হেৰোৱা সম্পত্তিৰ ক্ষতিপূৰণৰ নিশ্চয়তা অবিহনে তেওঁলোক ঘূৰি নাযায়।
তেওঁ কয়, ‘আমাৰ দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত আমি আমাৰ ঘৰ আৰু গাঁৱলৈ উভতি নাযাওঁ। আমাক নাগৰিকত্ব লাগে, সকলো অধিকাৰ, আমাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা আৰু ক্ষতিপূৰণ লাগে।’
শৰণাৰ্থীসকলৰ লগত ‘ন’ মেনছ লেণ্ড’ত কথা পতাৰ পূৰ্বে মঙলবাৰে দুয়োখন দেশৰ বিষয়ববীয়াই উক্ত ৬,০০০ শৰণাৰ্থীৰ ভাগ্য নিৰ্ধাৰণৰ বাবে আলোচনাত মিলিত হৈছিল।
বাংলাদেশৰ প্ৰতিনিধি দলটোৰ মুৰব্বী আব্দুল মান্নানে কয়, ‘আমি কথা পতা প্ৰত্যেকজন ব্যক্তিয়ে কয় যে যদিহে তেওঁলোকে নিৰাপত্তা পাই তেন্তে তেওঁলোক নিজ ঘৰলৈ উভতি যাব।’
আনহাতে এ এফ পিৰ প্ৰতিনিধি কেৰলিন গ্লোকে কয়, ‘ন’ মেনছ লেণ্ড’ত থকা গোটটোৰ কিছু সংখ্যক সদস্যই কয় যে তেওঁলোক ঘৰলৈ উভতি যোৱাক লৈ শংকিত হৈ আছে আৰু বাংলাদেশতে আশ্ৰয়ৰ নিৰাপত্তা বিচাৰিছে।’
তেওঁ লগতে কয়, ‘আমি বাংলাদেশ কৰ্তৃপক্ষক তেওঁলোকে বিচৰা ধৰণে থাকিবলৈ অনুমতি দিবলৈ আহ্বান জনাইছো। একে সময়তে, যি সকলে স্বইচ্ছাৰে উভতি যাব খোজে তেওঁলোকৰ নিৰাপদ আৰু বৈধ প্ৰতাবৰ্তনৰ কাৰণে ম্যানমাৰে অনুকূল পৰিবেশ সুনিশ্চিত কৰিব লাগে।’