কালি বিজেপি চৰকাৰৰ কেবিনেট বৈঠকত আঞ্চলিক দল অগপই নিশ্চুপ হৈ থকাত ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ পাছত বিব্ৰত হৈ আজি সংবাদ মেল অনুষ্ঠিত কৰি চাফাই গালে দলটোৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তই।
অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা আজিৰ সংবাদ মেলখনত ফণীভূষণ চৌধুৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সত্যব্ৰত কলিতা, কমলা কলিতাকে আদি কৰি দলটোৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে।
সংবাদ মেলত অতুল বৰাই কয়— কালি আমি কেবিনেটত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ কথা উত্থাপনৰ বাবে আগবাঢ়িছিলো। কিন্ত মুখ্য মন্ত্ৰীৰ আশ্বাসৰ পাছত আমি বিষয়টো পাছত আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। কিন্তু একাংশ বৈদ্যুতিন মাধ্যমত এই সন্দৰ্ভত বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশন কৰা হৈছে।
বিতৰ্কিত বিধেয়কখন গৃহীত হ’লে চৰকাৰত থাকিব নোৱাৰিম বুলিও আগতেও কৈছিলো বুলি লগতে প্ৰকাশ কৰে অতুল বৰাই।
তেওঁ লগতে কয় যে বিধেয়কখন সন্দৰ্ভত অগপৰ স্থিতি আগৰে পৰাই স্পষ্ট।ইয়াত ৰাইজক অন্ধকৰাত ৰখাৰ কোনো কথা নাহে। আমি কেবিনেটৰ গোপনীয়তা ভংগ নকৰাৰ কথা ভাবিছিলো ৷ কিন্ত দলৰ ভাবমূৰ্তি বিনষ্ট হোৱাৰ আশংকাত আমি কথাখিনি প্ৰকাশ কৰিবলগীয়া হ’ল ৷
বিষয়টো সন্দৰ্ভত আধা ঘন্টাতকৈ অধিক সময় আলোচনা হৈছিল ৷ আমাৰ কথা খিনি লিপিবদ্ধ হোৱা নাই। বৰাই লগতে সকলো কথা এতিয়াই খোলাখুলিকৈ ক’ব নোৱাৰো ৷ কিছু কথা থাকক৷ সময়ত কম বুলি কয়। অগপৰ স্থিতিক লৈ ৰাজ্যবাসীৰ মাজত হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে আঞ্চলিক দলটোৰ মন্তব্য তাৎপৰ্যপূৰ্ণ।