• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাগৰিকত্ব বিধেয়ক : ‘পূৰ্ণ সমৰ্থন’ এ বি ভি পিৰ; জাতীয় সংগঠন, বুদ্ধিজীৱীয়ে চলাইছে ‘অপপ্ৰচাৰ’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 25, 2018 11:41 pm
abvp press meet guwahati

এ বি ভি পিৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill )ৰ সৰ্বাত্মক বিৰোধিতা কৰা অসমৰ প্ৰায় সকলো জাতীয় সংগঠনৰে বিপৰীত মেৰুত থিয় দিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ( ABVP )। নাগৰিকত্ব সংশোধন বিধেয়কক লৈ ‘কিছুমান জাতীয়তাবাদী দল-সংগঠন তথা বুদ্ধিজীৱীয়ে’ অপপ্ৰচাৰ চলাইছে বুলি আৰু ‘অপপ্ৰচাৰক গৰিহণা’ দি আজি ২৫ এপ্ৰিলত সংগঠনটোৱে গুৱাহাটী প্ৰে’ছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰে।

ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধন বিধেয়কলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে বিজেপিৰ ছাত্ৰ সংগঠনটোৱে।

এ বি ভি পিৰ সংবাদমেলৰ নৰ্থ ইষ্ট নাৱে কৰা লাইভ ভিডিঅ’ৰ বাবে ক্লিক কৰক।

মুছলমানৰ বিপৰীতে হিন্দু বাংলাদেশী মেজৰিটি হৈ থকা বাবেহে ত্ৰিপুৰা ভাৰতবৰ্ষৰ লগত আছে বুলি দাবী কৰি এ’ বি ভি পিৰ নেতা সীমান্ত দাসে কয় যে ‘যদি মুছলমান সংখ্যাগৰিষ্ঠ হৈ যায়, তেন্তে ত্ৰিপুৰাখন বাংলাদেশৰ সৈতে চামিল হোৱাৰ দাবী উঠিব’।

‘বৰ্তমান ৭০-৮০ লাখ বেঙ্গলী মানুহ অসমত আছে। তাৰে ৩৫ লাখ মানুহ বৰাক ভেলী আৰু ৩৫ লাখ ব্ৰহ্মপুত্ৰ ভেলীত  আছে। ৩৫-৪০ লাখ বঙালী মানুহৰ ভিতৰত ধৰি লওক ২০ লাখ মানুহ ১৯৭১ চনৰ পিছত আহিছিলে’ বুলি উল্লেখ কৰি দাসে ‘এই মানুহখিনিয়ে অসমীয়া ভাষা-সংস্কৃতি ধ্বংস কৰিব নেকি?’ বুলি উঠা প্ৰশ্ন সন্দৰ্ভত কয় যে ‘অসমখন হিন্দু সংখ্যাগৰিষ্ঠ হৈ থাকক। তেতিয়া প্ৰত্যেকটো জাতি-জনজাতিয়ে সুৰক্ষিতভাবে জীয়াই থাকিব পাৰিব।’

তাৎপৰ্য্যপূৰ্ণ যে ছাত্ৰ নেতাজনৰ এই মন্তব্যৰ বিপৰীতে বাঙালীৰ আগ্ৰাসনত ত্ৰিপুৰীসকল সংখ্যালঘুত পৰিণত হোৱাত বৰ্তমান ত্ৰিপুৰাৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰ আই পি এফ টিয়ে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰিছে।

অসমত হাজাৰ হাজাৰ মাদ্ৰাছা স্থাপন কৰাৰ বাবে অসমীয়া সংস্কৃতি ধ্বংসৰ গৰাহত পৰিছে বুলিও দাসে দাবী কৰে।

এ’ বি ভি পিৰ নেতাজনে লগতে কয় ‘১৯৮৫ চনৰ পাছৰ পৰা কেইখন বেঙ্গলী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা হৈছে? অসমৰ বহুতো অসমীয়া বিদ্যালয়ত বেঙ্গলী মানুহৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িছে। কিন্তু তাৰ বিপৰীতে যদি চাওঁ বেংগলী মানুহে ৰাজনৈতিক অধিকাৰ লাভ কৰিবলৈ ৰাজনৈতিক দল গঠন কৰা নাই। কিন্তু তাৰ বিপৰীতে যদি চাওঁ ৭৭,৪২০ একৰ ভূমি বাংলাদেশী মুছলমানে দখল কৰি আছে। আই এম ডি টি বাতিল হোৱাৰ পিছত এ আই ইউ ডি এফ নামৰ এটা পৃথক দল গঠন কৰিছে। ৯০ শতাংশ অপৰাধ বাংলাদেশী মূলৰ মানুহে কৰি আছে। বি টি এ ডি কাণ্ড আৰু গোৱালপাৰা কাণ্ডৰ সৈতে কেৱল বাংলাদেশী মুছলমান জৰিত হৈ আছে। শিলচৰ, কৰিমগঞ্জ, নগাওঁ, কলিয়াবৰকে ধৰি ৬ টা লোকসভা সমষ্টিত বাংলাদেশী মুছলমানে বিবেচনা কৰিব ইয়াত কোন প্ৰাৰ্থী জিকিব?’

নাগৰিকত্ব সংশোধনী বিধেয়কত যিসকল লোক নিষ্পেষিত হৈ ভাৰতলৈ পলাই আহিছে সেইসকলকহে নাগৰিকত্ব দিয়াৰ কথা উল্লেখ আছে বুলি উল্লেখ কৰি দাসে কয় ‘THE IMMIGRANTS (EXPULSION FROM ASSAM) ACT, 1950 আৰু নেহৰু-লিয়াকত চুক্তিতো উল্লেখ আছে যে অদূৰ ভৱিষ্যতে যদি পাকিস্তান আৰু বাংলাদেশৰ পৰা হিন্দুৱেই হওক, বৌদ্ধিষ্ট হওক, জৈন হওক, খ্ৰীষ্টান হওক যদি ধৰ্ম ৰক্ষা কৰি অথবা জীৱন ৰক্ষা কৰি ভাৰতবৰ্ষলৈ পলাই আহে, তেতিয়াহ’লে তেওঁলোকক ভাৰতবৰ্ষত নাগৰিকত্ব দিব লাগিব।’

‘বাংলাদেশৰ পৰা লাখ-লাখ বেঙ্গলী মানুহ আহিব তথা আহিছে বুলি ৰাজ্যৰ গাঁৱে-ভূঞে অপপ্ৰচাৰ চলাই আছে বহুতে’ বুলি দাবী কৰি দাসে ‘এইটো সম্পূৰ্ণ মিছা কথা। ইয়াত ৰাভা আছে, হাচং আছে, হাজং, কোঁচ ৰাজবংশী, চাকমা, জয়ন্তীয়া, বড়ো আৰু বিষ্ণুপ্ৰিয়াকে ধৰি বহুতো লোক আছে’ বুলি মন্তব্য কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

August 25, 2025 8:40 am
বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

August 25, 2025 8:09 am
গ্রীণ টিৰ উপকাৰিতা জানো আহক

গ্রীণ টিৰ উপকাৰিতা জানো আহক

August 25, 2025 6:45 am
বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

August 25, 2025 8:40 am
বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

August 25, 2025 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd