• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এন আৰ চি : যুযুধান ৰূপত হিন্দু যুৱ-ছাত্ৰ পৰিষদ বনাম আছু-জনগোষ্ঠীয় সংগঠন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 20, 2018 11:43 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধন বিধেয়কক লৈ অসম তোলপাৰ লাগি থকাৰ পৰতে এন আৰ চি ( NRC )ক লৈ অসমৰ প্ৰায় সকলো জাতীয় সংগঠনৰে বিপৰীত মেৰুত অৱস্থান কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ। আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে ‘ত্ৰুটিহীন’ভাৱে এন আৰ চি উন্নীতকৰণ বিচৰাৰ বিপৰীতে প্ৰক্ৰিয়াটোকে বন্ধ কৰাৰ দাবী জনাইছে হিন্দু যুৱ-ছাত্ৰ পৰিষদে।

আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত দেশৰ উচ্চতম ন্যায়ালয়ৰ ‘নিৰৱচ্ছিন্ন তদাৰকী’ৰ প্ৰতি ‘আস্থা আৰু বিশ্বাস’ দোহাৰাৰ বিপৰীতে হিন্দু যুৱ-ছাত্ৰ পৰিষদে আজি ২০ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ ভূমিকাত ‘ক্ষোভ আৰু অসন্তুষ্টি’ প্ৰকাশ কৰিছে।

Apply Now

আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে আজি এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাক লগ কৰি ‘অবৈধ বাংলাদেশী নামমুক্ত উন্নীত নাগৰিক পঞ্জী অসমৰ খিলঞ্জীয়া মানুহৰ অন্যতম ৰক্ষাকৱচ হ’বগৈ’ বুলি মত প্ৰকাশ কৰাৰ বিপৰীতে এই এন আৰ চি-এ ‘জাতি সুৰক্ষা’ নকৰি ‘ধ্বংস’হে কৰিব বুলি এন ই নাও-ৰ আগত মন্তব্য কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই।

‘অবৈধ বাংলাদেশীয়ে’ এন আৰ চিত নাম সুমুৱাবৰ বাবে অবিৰত ষড়যন্ত্ৰ চলাই থকা বুলি দাবী কৰি আছু-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি দলটোৱে ‘এই ষড়যন্ত্ৰ বন্ধ হ’বই লাগিব’ বুলি উল্লেখ কৰি ‘এজনো অবৈধ বাংলাদেশীৰ নাম যাতে এন আৰ চিত সোমাব নোৱাৰে তাৰ বাবে সকলো ফলপ্ৰসূ পদক্ষেপ ল’বলৈ’ সমন্বয়ক প্ৰতীক হাজেলাক আহ্বান জনায়।

হাজেলাই প্ৰতিনিধি দলটোক ‘১৯৭১ চনৰ পিছৰ কাৰো নাম উন্নীত নাগৰিক পঞ্জীৰ অন্তৰ্ভুক্ত নহয়। ত্ৰুটিমুক্ত নাগৰিক পঞ্জী প্ৰস্তুত কৰিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব’ বুলি আশ্বাস প্ৰদান কৰে।

অসম চুক্তিৰ সাংবিধানিক বৈধতা আৰু অসমৰ পৰা বিদেশী বিতাৰণৰ ভিত্তি বৰ্ষ ১৯৫১ নে ১৯৭১ চন হ’ব তাক লৈ উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰৰ চূড়ান্ত ৰায়লৈ বাট নাচাই ন্যায়াধীশ ৰহিণ্টন নৰিমন আৰু ৰঞ্জন গগৈয়ে এন আৰ চি প্ৰস্তুত কৰাৰ বাবে লগোৱা ‘দৌৰা-দৌৰি’ত ‘সন্দেহ’ প্ৰকাশ কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদে।

হিন্দু যুৱ ছাত্ৰ পৰিষদে আজি গুৱাহাটী প্ৰে’ছ ক্লাবত এক সংবাদমেলত ‘৮৫৫ জন চহিদৰ বিনিময়ত অসম চুক্তি হোৱা বুলি নক’বলৈও সকলোকে আহ্বান’ জনাইছে।

এন আৰ চিত ‘লাখ লাখ বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে’ বুলি দাবী কৰি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নেতা বলেন বৈশ্যই এন ই নাওক কয় যে, ‘প্ৰথমে উচ্চতম ন্যায়ালয়ে কৈছিল যে পঞ্চায়তৰ নথি-পত্ৰ নচলিব। পিছলৈ উজ্জ্বল ভূঞাৰ উচ্চ ন্যায়ালয়ে নহ’ব বুলি ক’লে, কিন্তু চুপ্ৰিম কৰ্টে নহ’ব বুলি কোৱা নাই। তাৰ পিছতে পঞ্চায়তৰ কাগজ-পাতিৰেই লাখ লাখ নাগৰিকৰ নাম সোমাই গৈছে।’

আনহাতে ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব দিয়াৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে অনা নাগৰিকত্ব বিধেয়ক সমৰ্থন কৰা সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীক আছুকে ধৰি বিভিন্ন সংগঠনে সকীয়নি দিয়াৰ বিপৰীতে দেৱগোস্বামীৰ বক্তব্যক ‘সম্পূৰ্ণৰূপে সমৰ্থন’ কৰা বুলিও হিন্দু ছাত্ৰ সংগঠনটোৰ নেতাজনে প্ৰকাশ কৰে।

অসমত বিদেশী নাগৰিকৰ দীৰ্ঘদিনীয়া, ৰক্তক্ষয়ী সমস্যাটোৰ লগত জড়িত এন আৰ চি, নাগৰিকত্ব বিধেয়ক আদি বিষয়ক লৈ আছুকে ধৰি ৰাজ্যৰ প্ৰায়ভাগ দল-সংগঠন সহমতত উপনীত হোৱাৰ বিপৰীতে ৰাজ্যত নতুনকৈ জনাজাত হোৱা হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ এনে সম্পূৰ্ণ বিপৰীত অৱস্থান অসমৰ ভৱিষ্যৎ সমাজ-ৰাজনীতিৰ বাবে তাৎপৰ্য্যপূৰ্ণ বুলি বিবেচিত হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

August 14, 2026 7:52 am
ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

August 14, 2026 7:08 am
কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

August 14, 2026 7:52 am
ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

August 14, 2026 7:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd