নাগৰিকত্ব সংশোধনী বিধেয়ক : কংগ্ৰেছ, বিজেপিৰ মিত্ৰদল অগপই কৰিব বিৰোধ, আঁতৰি থাকিব ৰাজ্যিক বিজেপি

Citizenship-Amendment-Bill-2016

প্ৰতিনিধিত্বমূলক ফটো

বহু চৰ্চিত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক প্ৰসংগত গা এৰা মনোভাৱ গ্ৰহণ কৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বই। ৰাজ্যৰ বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ লগতে বিশিষ্ট বৃদ্ধজীৱীসকলে বিধেয়কখনৰ বিৰোধিতাত সৰৱ হৈ পৰাৰ সময়ত ৰাইজৰ ৰোষৰ সন্মুখীন হোৱাৰ আশংকাত ৰাজ্যিক বিজেপিৰ নেতৃত্বই যুটীয়া সংসদীয় সমিতিৰ মতামত গ্ৰহণ প্ৰক্ৰিয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰিবলগীয়া বিধেয়কখনৰ ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ কোনো মত বিৰোধ নাই যদিও জনৰোষৰ ভয়ত এতিয়া তেওঁলোকে বিধেয়কখনৰ সমৰ্থনত মুকলিকৈ ওলাই যোৱাৰ সাহস কৰিব পৰা নাই।

উল্লেখযোগ্য যে আজিৰ পৰা অসমত মতামত ল’বলৈ অহা ৰাজেন্দ্ৰ আগৰৱালা নেতৃত্বাধীন যুটীয়া সংসদীয় সমিতিৰ ওচৰত বিভিন্ন দল-সংগঠনে বিধেয়কখন সম্পৰ্কত মতামত দিব। ৰাজ্যত থকা বিজেপি মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ দল অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত স্থিতি পূৰ্বতে স্পষ্ট কৰি থৈছে। দলটোৱে ইতিপূৰ্বে যুটীয়া সংসদীয় কমিটীৰ ওচৰত মতামতো দাখিল কৰিছে। আনকি প্ৰয়োজনত মন্ত্ৰিত্ব এৰিবলৈ সাজু বুলি অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ঘোষণা কৰিছিল।

আজি অগপই পুনৰ যুটীয়া সংসদীয় কমিটীৰ ওচৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি স্মাৰক-পত্ৰৰ লগতে শুনানিত উপস্থিত থাকি মতামত দাখিল কৰিব। অগপৰ দহজনীয়া প্ৰতিনিধি দলটোক নেতৃত্ব দিব সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু দলটোৰ জ্যেষ্ঠ নেতা, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।

তাপৰ্পূৰ্ণভাৱে, মিত্ৰজোঁটৰ অংশীদাৰ দল অগপই বিধেয়কখনৰ বিৰোধিতা কৰাৰ দৰে বিৰোধী কংগ্ৰেছেও বিধেয়কখনৰ বিৰোধিতা কৰিব। কংগ্ৰেছৰ দলটোক নেতৃত্ব দিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। কেন্দ্ৰত ক্ষমতাত থকা বিজেপি নেতৃত্বাধীন চৰকাৰে হিন্দু বাংলাদেশী সংস্থাপনৰ বাবে বিধেয়ক উত্থাপন কৰাৰ প্ৰচেষ্টা চলোৱাৰ পাছতো ৰাজ্যিক বিজেপিয়ে বিধেয়কখনৰ সমৰ্থনত মতামত দিবলৈ সাহস নকৰাটোৱে দলটো অস্বস্তিত পৰাটোকে সূচাইছে।

আজি চাহ জনগোষ্ঠীৰ নেতা ভগীৰথ কৰণৰ নেতৃত্বত চাহ জনজাতি সুৰক্ষা কমিটী, আদিবাসী বিকাশ কমিটী, চাহ জনজাতি মহিলা সমিতি, চাহ জনজাতি যুৱ-ছাত্ৰ সন্থা আৰু চাহ জনজাতি কলা-সংস্কৃতি সংঘই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব আৰু লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ সপক্ষে বা বিপক্ষে মতামত প্ৰদান কৰিব।