নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এ জে ৱাই চি পিৰ প্ৰধান মন্ত্ৰীক প্ৰতীকী ঘেৰাও

গোলাঘাট

গোলাঘাটত আজি অসম জাতীয়াতাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰতীকী প্ৰধান মন্ত্ৰী ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰাপ্ত খবৰ অনুসৰি উক্ত প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহ-সম্পাদক জিতুল ৰাজখোৱাই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আদিৰ পৰা অহা শৰণাৰ্থী সকলক নাগৰিকত্ব দিবলৈ চলোৱা প্ৰচেষ্টাক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ এই কাৰ্যই অসমৰ খিলঞ্জীয়া লোক সকলক আৰ্থিক, শৈক্ষিক আৰু সামাজিকভাৱে কোঙা কৰি পেলাব। যদি উক্ত বিধেয়কখন গৃহীত হয় তেন্তে অসম তথা ইয়াৰ খিলঞ্জীয়া লোকসকলৰ পৰিস্থিতি ত্ৰিপুৰাৰ দৰে হ’ব বুলি মন্তব্য কৰি নেতা গৰাকীয়ে কয় যে অসমত অবৈধ শৰণাৰ্থীৰ ভাৰ জাপি দিব খোজাটোক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও সহ্য নকৰে। গোলাঘাট জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আব্দুল হাছিম, উপ-সভাপতি মৃনাল হাজৰিকা, বাবুল দত্ত, সাধাৰণ সম্পাদক নিকুঞ্জ মেধি, জয়ন্ত শইকীয়া, জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী ৰঞ্জু দাস আদিয়ে অংশ লোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী সকলে কেন্দ্ৰীয় চৰকাৰ তথা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল’গান দিয়ে।

যোৰহাট

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ ওলোৱাৰ প্ৰতিবাদত আজি যোৰহাটতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বাৰা প্ৰধান মন্ত্ৰী মোদীৰ প্ৰতীকী ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰা হয়। সংগঠনটোৰ জিলা সমিতিৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ কৰ্মীসকলএ বেনাৰ, প্লেকাৰ্ড আদি লৈ কেন্দ্ৰীয় চৰকাৰৰ উক্ত পদক্ষেপৰ বিৰুদ্ধে নিজৰ ক্ষোভ উজাৰে।

 

 

বঙাইগাঁও

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ ওলোৱাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যৰ বিভিন্ন স্থানত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে আজি বঙাইগাঁও  জিলাটো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে এক অনুৰূপ কাৰযসূচী গ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত সংগঠনটোৰ কৰ্মীসকলে প্ৰধান মন্ত্ৰী মোদীৰ প্ৰতীকী ঘেৰাও কৰাৰ লগতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।