• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ সংসদীয় নিৰ্বাচন কমিটিৰ নতুন সভাপতি নিযুক্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 10:08 pm
387
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে বহুচৰ্চিত তথা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ সংসদীয় নিৰ্বাচন কমিটিৰ নতুন সভাপতি নিযুক্তি দিছে। বিধেয়কখন দীৰ্ঘদিন ধৰি স্থগিত ৰখাৰ পিছত চৰকাৰে হঠাতে সংসদীয় নিৰ্বাচন কমিটিৰ এজন নতুন সভাপতি দিয়াটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

চৰকাৰে যোৱা ২৭ ডিচেম্বৰত মীৰাট লোকসভা সমষ্টিৰ সাংসদ ৰাজেন্দ্ৰ আগৰৱালক উক্ত কমিটিখনৰ সভাপতি হিচাপে নিযুক্তি দিছে। ইয়াৰ পূৰ্বে কমিটিখনৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল সত্যপাল সিঙক। কিন্তু তেওঁ কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰিত্ব লাভ কৰাৰ বাবে উক্ত পদটো ত্যাগ কৰিছিল আৰু তেতিয়াৰ পৰা এই পদটো খালী আছিল।

উল্লেখযোগ্য যে অসমৰ বিজেপিৰ সাংসদ ৰমেন ডেকা আৰু কংগ্ৰেছী সাংসদ সুস্মিতা দেবো উক্ত নিৰ্বাচন কমিটিখনৰ সদস্য হিচাপে আছে।

সূত্ৰসমূহৰ মতে অহা বুধবাৰে এই কমিটিৰ এখন বৈঠক অনুষ্ঠিত হ’ব আৰু ইয়াৰ পিছতে কমিটিখনে অসমৰ মানুহৰ মত ল’বলৈ অসম ভ্ৰমণ কৰাৰ কথা।

‘নিৰ্বাচন কমিটিৰ সদস্যসকলে অসম ভ্ৰমণ কৰিব আৰু অসমৰ ভিন্ন জনসষ্টিৰ পৰা মতামত গ্ৰহণ কৰিব’, এটা সূত্ৰই এইদৰে কয়। বিধেয়কখন সংসদৰ আগন্তুক বাজেট অধিৱেশনৰ সময়ত উত্থাপন হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে নাগৰিকত্ব আইন, ১৯৫৫ৰ গুৰুত্বপূৰ্ণ সালসলনি কৰিবৰ উদ্দেশ্য লৈ কেন্দ্ৰই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ খন যোৱা ২০১৬ চনৰ জুলাইত প্ৰস্তাৱ কৰিছিল। ইয়াৰ পোনপটীয়া উদ্দেশ্য হৈছে বাংলাদেশ, পাকিস্তান তথা আফগানিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টানসকলক নাগৰিকত্ব প্ৰদান কৰাৰ বাট মোকলোৱা।

এইখিনিতে ক’ব পাৰি যে এই প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমৰ ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰত প্ৰচুৰ আলোড়নৰ সৃষ্টি কৰিছে। কৃষকমুক্তি, আছু, সচেতন নাগৰিক সমাজৰ লগতে ৰাজ্যখনত বিজেপিৰ মিত্ৰ দল হিচাপে চৰকাৰত অংশগ্ৰহণ কৰি থকা অগপ দলেও বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে। অসমৰ জনসাধাৰণৰ মূল শংকাটো হ’ল যে এই বিধেয়কে ৰাজ্যখনত থকা লাখ লাখ হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত পৰিণত কৰিলে ৰাতিটোৰ ভিতৰতে খিলঞ্জীয়া লোক সংখ্যালঘুত পৰিণত হ’ব।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd