• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী বিধেয়ক অসমীয়াই মানি নলয় বুলি অগপই স্পষ্ট কৰি দিলে গৃহ মন্ত্ৰী ৰাজনাথ সিঙক

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
May 23, 2018 8:23 am
AGP_Rajnath

নতুন দিল্লীত ২২ মে'ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে অগপৰ সভাপতি আৰু কাৰ্য্যকৰী সভাপতিয়ে।

116
VIEWS
Share on FacebookShare on Twitter

প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখন অসমৰ বাবে জাতিধ্বংসী আৰু সেইবাবে এইখন অসমীয়াই মানি ল’ব নোৱাৰে। – গৃহ মন্ত্ৰী ৰাজনাথ সিঙক এইদৰে স্পষ্ট কৰি দিলে অগপই।

২২মে’ত সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসমৰ জনমতক সন্মান জনাই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰি অসমৰ জনসাধাৰণৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিধেয়কখন প্ৰত্যাহাৰ কৰিবলৈ দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

দলটোৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি দুয়োগৰাকীয়ে তাৰ পিছতে নতুন দিল্লীত এখন সংবাদমেলো সম্বোধন কৰে।

নেতাদ্বয়ে কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰীজন যিহেতু ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ ন’ডেল বিভাগৰো দায়িত্বত আছে, গতিকে তেওঁক সাক্ষাৎ কৰি বিধেয়কখন বাতিলৰ দাবী পুনৰ উত্থাপন কৰা হৈছে, যাতে বিজেপিৰ সৈতে থকা অগপৰ মিত্ৰতা অক্ষুণ্ণ ৰখাত তেওঁ ইতিবাচক ভূমিকা লয়। অসম চুক্তিৰ সকলো দফাৰ ৰূপায়ণৰ ওপৰতে দুয়োটা দলৰ মিত্ৰতাৰ ভেটিটো থিয় হৈ আছে বুলি নেতা দুজনে সিঙক কয়।

তেওঁলোকে লগতে কয় যে অসমে চুক্তিখনৰ জৰিয়তে ইতিপূৰ্বে ১৯৭১ চনৰ ২৪ মাৰ্চলৈকে বিদেশীৰ বোজা ল’লে। এই বাবেই অসম চুক্তিখনৰ ৬ নং দফাত ৰাজ্যখনৰ বাবে সাংবিধানিক ৰক্ষাকৱচৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে। কিন্তু এই পৰ্য্যন্ত তাৰ বাবে একো কৰা হোৱা নাই। অসম নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা হ’ব পৰা অতিৰিক্ত বোজা বহন কৰিবলৈ অক্ষম।  বিধেয়কখন গৃহীত হ’লে অসমৰ জনগাঁথনি ব্যাপক পৰিৱৰ্তন হ’ব আৰু অসমৰ ভাষা-সাহিত্য-সংস্কৃতি সম্পূৰ্ণৰূপে বিপদাপন্ন হৈ পৰিব। এই বিধেয়কখন অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ।

আনহাতে সাংবাদিকৰ আগত নেতা দুজনে কয় যে মেঘালয় আৰু বিহাৰৰ মুখ্য মন্ত্ৰীয়েও বিধেয়কখনৰ বিৰোধিতা কৰিছে।

উল্লেখযোগ্য যে মেঘালয়ৰ ৰাজ্য চৰকাৰে কেবিনেট বৈঠকৰ আলোচনা মৰ্মে এই বিধেয়কখনৰ স্পষ্ট বিৰোধিতা কৰিছিল। লগতে বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰেও আছুৰ প্ৰতিনিধিক অসমত হৈ থকা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতালৈ সমৰ্থন আগ বঢ়াইছিল। আনহাতে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালেও বিধয়েকখনৰ বিৰোধিতা কৰিছিল।

Recent News

টিচিএছৰ ১২ হাজাৰ কৰ্মচাৰী বৰ্খাস্তৰ পৰিকল্পনা: এআই প্ৰযুক্তিৰ ব্যৱহাৰত চিন্তিত কেন্দ্ৰ

টিচিএছৰ ১২ হাজাৰ কৰ্মচাৰী বৰ্খাস্তৰ পৰিকল্পনা: এআই প্ৰযুক্তিৰ ব্যৱহাৰত চিন্তিত কেন্দ্ৰ

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

পহলগামলৈ সন্ত্ৰাসবাদী কিয় আহিল? সংসদত গৰ্জন গৌৰৱ গগৈৰ

পহলগামলৈ সন্ত্ৰাসবাদী কিয় আহিল? সংসদত গৰ্জন গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd