• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসমত শুনানি গ্রহণৰ দাবী কৃষক মুক্তিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2018 8:56 am
Citizenship_Bill_Protest

Representational image

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সন্দৰ্ভত অসমৰ মানুহক তেওঁলোকৰ মত তথা স্থিতি অৱগত কৰাৰ গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কৌশল অৱলম্বনেৰে ইয়াৰ পুনৰীক্ষণৰ বাবে গঠন কৰি দিয়া যুটীয়া সংসদীয় সমিতিয়ে নিজৰ স্থিতি বাৰে বাৰে সলনি কৰি অহাৰ অভিযোগ তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

উল্লেখযোগ্য যে বিষয়টোত বিভিন্ন পক্ষৰ মত ল’বলৈ যুটীয়া সংসদীয় সমিতিয়ে অহা ২০-২১ ফেব্ৰুৱাৰিত দিল্লীত শুনানিৰ দিন ধাৰ্য্য কৰিছিল যদিও এয়া অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা বুলি জানিব পৰা গৈছে।

আনহাতে প্ৰথমতে, এই শুনানি প্ৰক্ৰিয়া অসমত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও সেই স্থিতিৰ পৰা যুটীয়া সংসদীয় সমিতিখন আঁতৰি আহি পিছত দিল্লীত শুনানি লোৱাৰ কথা প্ৰকাশ কৰিছিল। কিন্তু এতিয়া শুনানি প্ৰক্ৰিয়াকে স্থগিত ৰখাৰ সিদ্ধান্তই স্বাভাৱিকতে ৰাজ্যখনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এই সন্দৰ্ভত মঙলবাৰে এখন সংবাদ মেলত গণমুক্তি সংগ্ৰাম, অসমৰ আহ্বায়ক তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰ, হুছেইন মহম্মদ শ্বাহজাহান আৰু যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাই কয় যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু আৰ এছ এছৰ দ্বাৰা পৰিচালিত হৈ যুটীয়া সংসদীয় সমিতিখনে অসমৰ জনসাধাৰণৰ মতামতক উপেক্ষা কৰি বাৰম্বাৰ ৰাজ্যৰ বুদ্ধিজীৱী আৰু দল-সংগঠনক শুনানি প্ৰক্ৰিয়াৰ পৰা ষড়যন্ত্ৰমূলকভাৱে আঁতৰাই ৰাখিছে। ইয়াৰ জৰিয়তে অসমৰ মানুহক তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লগতে অসমক দুই কোটি হিন্দু বাংলাদেশীৰ স্থায়ী ভোটবেংকত পৰিণত কৰিব বিচাৰিছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে বাংলাদেশ, পাকিস্তান, আফগানিস্তান আদি দেশৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা সংশ্লিষ্ট দেশবোৰৰ ধৰ্মীয় সংখ্যালঘু হিচাপে চিহ্নিত হিন্দু, খ্ৰীষ্টান, বৌধ, শিখ আদি ধৰ্মীয় সম্প্ৰদায়ৰ লোকসকলক নাগৰিকত্ব দিয়াৰ বাবে এখন বিধেয়ক আনিব খুজিছে। এই বিষয়টোত দেশৰ বিভিন্ন অংশৰ সচেতন নাগৰিক তথা দল-সংগঠনৰ মত ল’বলৈ চৰকাৰে ডঃ সত্যপাল সিঙৰ অধ্যক্ষতাত এখন যুটীয়া সংসদীয় সমিতি গঠন কৰি দিছে।

কিন্তু সমিতিখনে এই বিধেয়কখনৰ পৰা সৰ্বাধিক প্ৰভাৱিত হ’ব পৰা অসমৰ মানুহক এতিয়াও তেওঁলোকৰ মত প্ৰকাশ কৰাৰ প্ৰকৃত সুযোগ দিয়া নাই। তাৰ পৰিৱৰ্তে সমিতিখনে অসমৰ মানুহক কৌশলেৰে তেওঁলোকৰ মত প্ৰদানৰ পৰা আঁতৰাই ৰাখিছে। যোৱা প্ৰায় ডেৰ বছৰ পূৰ্বে ৰাজ্যখনৰ জাতীয়তাবাদী আৰু প্ৰগতিশীল দল-সংগঠনক মতামত দিয়াৰ পৰা বঞ্চিত কৰিবলৈ নিৰ্বাচিত কিছুমান সংগঠনক আমন্ত্ৰণ কৰি দিল্লীত আলোচনা কৰিছিল।

কিন্তু সেয়া আছিল বিধেয়কখনৰ সপক্ষে থকা তথা অসমীয়া মানুহক সঠিকভাৱে প্ৰতিনিধিত্ব নকৰা একাংশ লোক। ইয়াকে লৈ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ফলত সমিতিয়ে পুনৰ শুনানি গ্ৰহণৰ প্ৰতিশ্ৰুতি দিবলৈ বাধ্য হয়। সেইমৰ্মে অহা ২০-২১ ফেব্ৰুৱাৰিত শুনানিৰ দিন ধাৰ্য কৰা হৈছিল।

এই শুনানিলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিক প্ৰথমতে আমন্ত্ৰণ জনোৱা নাছিল যদিও আইনৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়াত, ১২ ফেব্ৰুৱাৰিত ই-মেইলযোগে ২০ ফেব্ৰুৱাৰিৰ শুনানিৰ বাবে আমন্ত্ৰণ জনায়। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে মঙলবাৰে দিনৰ ১২ বজাত আমন্ত্ৰণ জনায় যদিও সন্ধিয়া ৫ বজাত শুনানি প্ৰক্ৰিয়া বাতিল কৰা বুলি ঘোষণা কৰি যুটীয়া সংসদীয় সমিতিয়ে পত্ৰ প্ৰেৰণ কৰে।

এনে কাৰ্যৰে সমিতিয়ে অসমৰ দল-সংগঠন তথা বিশিষ্ট ব্যক্তিকো অপমান কৰিছে বুলি উল্লেখ কৰি কৃষক মুক্তিয়ে অতি শীঘ্ৰে সমিতিখনে অসমলৈ আহি ৰাজ্যখনৰ জনগণ আৰু দল-সংগঠনসমূহৰ মতামত গ্ৰণ কৰিবলৈ আহ্বান জনায়। অন্যথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হাত সাবটি বহি নাথাকে বুলি লগতে সকীয়াই দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd