নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত বিশ্বনাথত বিশাল গণ বিক্ষোভ

নাগৰিকত্ব

ৰাজ্য জুৰি প্ৰতিবাদ অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত। ইয়াৰ সমান্তৰালভাৱে আজি বিশ্বনাথ মহকুমা ছাত্ৰ সন্থা আৰু বিশ্বনাথ চাৰিআলি, পাভৈ,  জিনজিয়া,  বিহালী আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,বিশ্বনাথ জিলা যুৱ ছাত্ৰ পৰিষদ, এবছু,  কাৰ্বি ছাত্ৰ সন্থা, সদৌ অসম চাওতালি ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আৰু কেইবাটাও সংগঠন আৰু ৰাইজৰ সহযোগত বিশাল গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ হয়।

বিশ্বনাথ চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় চৌহদৰ পৰা বিশ্বনাথৰ বিভিন্ন দল সংগঠন, বিশ্বনাথ চাৰিআলি মুছলমি সমাজ, সদৌ অসম ভোজপুৰী পৰিষদ, মহিলা সংগঠন, জাতীয় সংগঠন তথা প্ৰায় ২০ হাজাৰ প্ৰতিবাদকাৰীৰ উপস্থিতিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে হিন্দু শৰণাৰ্থীক অসমত সংস্থাপিত কৰি যি জাতি ধ্বংসী কাৰ্য হাতত ল’ব বিচাৰিছে তাৰ প্ৰতিবাদ জনায়। প্ৰতিবাদকাৰী সকলে বিশ্বনাথৰ ৰাজপথত প্ৰতিবাদী সমদল ওলিয়াই বৃহৎ গণ বিক্ষোভ কাৰ্যসূচীৰে বিশ্বনাথৰ আকাশ বতাহ কঁপাই তোলে।

‘আহ ঐ আহ ওলাই আহ, অসম চুক্তিক অৱমাননা কৰা সহ্য কৰা নহ’ব, অসম চৰকাৰ হায় হায়, বাংলাদেশী গ’ বেক’ ইত্যাদি শ্ল’গানেৰে সমগ্ৰ বিশ্বনাথ কঁপাই তোলে।

প্ৰতিবাদী সমদলৰ অন্তত পৰৱৰ্তী পৰ্যায়ত প্ৰতিবাদকাৰী সকলে বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ বিশ্বনাথৰ উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।