নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ক আৰু আগ নবঢ়াবলৈ  প্ৰধান মন্ত্ৰীক আহ্বান এজিপিৰ

Narendra

মঙলবাৰে অসম গণ পৰিষদে নাগৰিকত্ব  সংশোধনী বিধেয়ক-২০১৬ক অসমৰ জনসাধাৰণৰ বাবে নেতিবাচক হ’ব বুলি প্ৰধান মন্ত্ৰীক অৱগত কৰিছে। এই বিধেয়কখনক কেন্দ্ৰ কৰি ইতিমধ্যে অগপ আৰু বিজেপিৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে।

সংসদ ভৱনত প্ৰধান মন্ত্ৰীৰ ওচৰলৈ প্ৰেৰণ কৰা ৯ দফীয়া স্মাৰকপত্ৰখনত অতুল বৰা আৰু কেশব মহন্তকে আদি কৰি অগপৰ নেতাসকলে কৈছে যে এই বিধেয়কখনে অসমৰ জনসাধাৰণৰ অৰ্থনৈতিক, সামাজিক-সাস্কৃতিক জীৱনকে ধৰি মানুহৰ অস্তিত্ব ওপৰত বিৰাট প্ৰভাৱ বিস্তাৰ কৰিব। দুয়োগৰাকী নেতাই প্ৰধান মন্ত্ৰীক কয়,’ আমি অসমীয়াৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আপোনাক এই বিধেয়কখন আৰু অধিক আগ নবঢ়াবলৈ আহ্বান কৰিছো।‘

অগপৰ নেতাসকলে কৈছে যে যি সময়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সৰ্বোচ্চ ন্যায়ালয়ৰ তত্বাৱধানত ১৯৭১ক ভিত্তি পৰ্ষ হিচাপে লৈ প্ৰস্তুত কৰি থকা হৈছে সেই সময়ত চুবুৰীয়া ৰাজ্যৰ কেন্দ্ৰীয়  হিন্দু আৰু অন্য সংখ্যালঘূ সম্প্ৰদায়ৰ নাগৰিকক  নাগৰিকত্ব দিবলৈচৰকাৰে নাগৰিক আইন-১৯৫৫ খন সংশোধনীৰ বাবে বিধেয়ক উত্থাপন কৰিব বিছাৰিছে।

অগপৰ নেতা দুজনে প্ৰধান মন্ত্ৰী মোদীলৈ আবেদন জনাইছে যাতে তেওঁ জৰুৰীভাৱে অসমক এখন সুকীয়া ৰাজ্য হিচাপে ঘোষণা কৰে।

অগপৰ নেতাদুজনে নগাওঁ আৰু কাচাৰৰ কাগজ কলদুটাৰ প্ৰতি কেন্দ্ৰই জৰুৰীভাৱে  মনোযোগ দিবলৈ  আহ্বান জনাইছে।

বৰা আৰু মহন্ত দুয়োগৰাকীয়ে ৬টা জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াৰ বাবেও আবেদন জনায়।