নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা, বাদপৰা চল্লিচ লাখ আৰু সংখ্যাৰ জল্পনা-কল্পনা

INPT

যোৱা ৩০ জুলাই তাৰিখে নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পালত দেখা গ’ল যে অসমত বিদেশীৰ সংখ্যা ৪০ লাখতকৈ কম হ’ব পাৰে, কিন্তু বেছি কদাপি নহয়। কাৰণ খচৰাৰ পৰা বাদ পৰা ৪০,০৭,৭০৭জন মানুহৰ বহুতেই উপযুক্ত নথি-পত্ৰ দাখিল কৰি চূড়ান্ত নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ৪০ লাখৰ সংখ্যাটোক লৈ কেতবোৰ দল-সংগঠন দুই ধৰণে অসন্তুষ্ট হোৱা দেখা গৈছে।

কিছুমানৰ মতে সংখ্যাটো অপ্ৰত্যাশিতভাৱে ডাঙৰ আৰু আন কিছুমানৰ মতে ই অপ্ৰত্যাশিতভাৱে সৰু। সংখ্যাটো সৰু হৈছে বুলি ভবাসকলে তাহানি হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ, ৰাজ্যপাল এছ কে সিনহা আদি নানান মুনিয়ে বেকত কৰি থৈ যোৱা নানান সংখ্যাৰ কথা উল্লেখ কৰি, আজিৰ তাৰিখত সেই সংখ্যাৰ বিপুল বৃদ্ধিৰ হিচাপ কৰি, নাগৰিকপঞ্জীৰ খচৰাই দেখুওৱা সংখ্যাটোক খাৰিজ কৰিব বিচাৰিছে। এনে প্ৰশ্ন উঠিছে : ১৯৯১ চনতে যদি বাংলাদেশী-বিদেশীৰ সংখ্যা ৩০ লাখ আছিল, তেন্তে ২০১৮ চনত সেয়া মাত্ৰ সৰ্বাধিক ৪০ লাখহে হ’ব পাৰেনে?

এনে প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে আমি দুই পৰস্পৰ-বিপৰীত যুক্তি-পদ্ধতিৰ কথা মনত পেলোৱা ভাল হ’ব। আমি এক আনুমানিক সিদ্ধান্ত ল’ব পাৰোঁ আৰু বাস্তৱ ক্ষেত্ৰৰ তথ্য-পাতিক আওকাণ কৰি উক্ত সিদ্ধান্ততে জোৰকৈ খামুচি ধৰিব পাৰোঁ। তাৰ বিপৰীতে, আমি বাস্তৱৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি তাৰ ভেটিত একোটা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ। এই দ্বিতীয় পদ্ধতিটো বিজ্ঞানসন্মত আৰু বস্তুনিষ্ঠ, কিন্তু প্ৰথমটো অন্ধবিশ্বাসৰ সমতুল্য।

যিদৰে অবৈধ বাংলাদেশীক ভোটবেংক হিচাপে ব্যৱহাৰ কৰা আৰু কৰিব খোজাসকলে ৪০ লাখৰ সংখ্যাটোক বিৰাটাকাৰ দেখিছে। তেনেকৈ মগজত এক কোটিমান অবৈধ বাংলাদেশীৰ ছায়া দশকৰ পিছত দশক কঢ়িয়াই ফুৰা লোকসকলে এই সংখ্যা অতি ক্ষুদ্ৰাকাৰ যেন পাইছে। নিজ নিজ ৰাজনৈতিক মতাদৰ্শ আৰু স্বাৰ্থৰ হেঁচাত এচাম মানুহে আজি এই ক্ষেত্ৰভিত্তিক সুবিশাল হিচাপ-নিকাচে উলিয়াই দিয়া সংখ্যাটো নাকচ কৰিব খুজিছে আৰু নিজ নিজ আন্দাজী সংখ্যাকে আচল সংখ্যা বুলি প্ৰতিপন্ন কৰাৰ মানসিকতা দেখুৱাইছে।

এই সাধাৰণ কথাটো উভয় শিবিৰে হৃদয়ংগম কৰা নাই যে অসমত কিমান স্বদেশী আৰু কিমান বিদেশী আছে সেইটো নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ আগলৈকে পদ্ধতিগতভাৱে, বস্তুনিষ্ঠভাৱে আৰু বিজ্ঞানসন্মতভাৱে কেতিয়াও কৰা হোৱা নাছিল। গতিকে, আগতে নানা মুনিয়ে অবৈধ বাংলাদেশীৰ সংখ্যা সম্পৰ্কে যিবোৰ সিদ্ধান্ত দিছিল, সেইবোৰ আছিল আনুমানিক মাত্ৰ। কিছুমানে কয় যে অমুক তমুকৰ দৰে দায়িত্বশীল ব্যক্তিয়ে উল্লেখ কৰা সংখ্যা ভিত্তিহীন হ’ব পাৰেনে? পিছে, উক্ত দায়িত্বশীল ব্যক্তিসকলে ক’ত, কেতিয়া, কি পদ্ধতিৰে অবৈধ বাংলাদেশীৰ গণনাৰ দৰে বিৰাট কাম এটা সমাপন কৰিছিল সেইকথা আমি বাৰু জানোনে? আৰু যদি তেওঁসকলে কিবাকৈ বিজ্ঞানসন্মত গণনা কৰিছিলেই, তেন্তে নাগৰিকপঞ্জী উন্নীতকৰণৰ দৰে বিৰাট-পৰ্বৰ প্ৰয়োজনীয়তা কি আছিল? প্ৰায় ৫৫ হাজাৰ বিষয়া-কৰ্মচাৰীয়ে প্ৰায় তিনিবছৰ দেহে-কেহে লাগি ১২২০ কোটি টকাৰ ব্যয়সাপেক্ষ এই বৃ্হৎ কৰ্মযজ্ঞ সমাপন কৰিছে। আগতে কেতিয়া হৈছে এনেকুৱা কাম? ৰাজ্যপাল বা মুখ্য মন্ত্ৰীয়ে কেইজনমান চোৰাংচোৱাৰ খবৰৰ ভিত্তিতে কৰিব পৰা কাম নেকি এইটো?

এইকথা ঠিক যে নাগৰিকপঞ্জীৰ খচৰাত আনকি চূড়ান্ত নাগৰিকপঞ্জীতো কিছু ভুল-ত্ৰুটি বা আঁসোৱাহ বা আপত্তিজনক কথা ৰৈ যাব পাৰে। কিন্তু, তাৰ পিছতো স্বদেশী-বিদেশী সন্দৰ্ভত আমি পাব পৰা সবাতোকৈ বিজ্ঞানসন্মত, বস্তুনিষ্ঠ আৰু সঠিক হিচাপ আমাক কেৱল নাগৰিকপঞ্জীয়েহে দিব পাৰে, আনে নোৱাৰে। ইয়াক ত্ৰুটিপূৰ্ণ কৰাৰ বাবে আমি চেষ্টা কৰিব পাৰোঁ, দাবী কৰিব পাৰোঁ, কিন্তু আমাৰ নিজ নিজ স্বাৰ্থৰ অনুকূল একোটা কাল্পনিক সংখ্যাৰ কথা কৈ আমি নাগৰিকপঞ্জীক উৰাই দিব নোৱাৰোঁ।

কিছুমান মানুহে এটা প্ৰশ্ন তুলিছে। এনে হ’ব পাৰে নেকি যে একাংশ প্ৰকৃত বিদেশীয়ে বিদেশী বুলি চিনাক্ত হোৱাৰ ভয়ত নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱাৰ বাবে আবেদনেই নকৰিলে? ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে এই প্ৰশ্নৰ মীমাংসা কৰা দুৰূ্হ হ’ব। সেয়ে এইক্ষেত্ৰত আমিও যৌক্তিক অনুমানৰ ভিত্তিতে কথাটোৰ বিচাৰ কৰি চাব লাগিব। প্ৰথম কথা, অসমৰ আজিৰ পৰিস্থিতিত কোনোবাই স্বেচ্ছাই নাগৰিকপঞ্জীৰ বাহিৰত থাকি যাবলৈ বিচাৰিব বুলি ভাবিবলৈ টান।

দ্বিতীয়তে, তেনে মানুহ যদি আছেও তেন্তে তেওঁলোকৰ সংখ্যা অতি নগণ্য হ’ব লাগে। এটা হিচাপ কৰিলে কথাটোৰ যুক্তিযুক্ততা বুজিব পৰা যাব। ২০০১ চনৰপৰা ২০১১ চনলৈ এই দহবছৰত জনসংখ্যাৰ বৃদ্ধি ৪৫,৩০,৮৬৫জন। গতিকে এবছৰত সেই বৃদ্ধি হ’ব ৪,৫৩,০৮৬জন। হিচাপৰ সুবিধাৰ্থে জনসংখ্যা বৃদ্ধিৰ হাৰ একেই আছে বুলি ধৰি ল’লে ২০১১-ৰপৰা ২০১৫-লৈ এই চাৰিবছৰত জনসংখ্যাৰ বৃদ্ধি হ’ব পাৰে ৪,৫৩,০৮৬ x ৪= ১৮,১২,৩৪৪জন। ২০১১ চনৰ লোকপিয়লে দেখুওৱা ৩,১১,৬৯,২৭২জন সংখ্যাটোৰ সৈতে এই ১৮,১২,৩৪৪জন যোগ দিলে যোগফলটো হ’বগৈ ৩,২৯,৮১,৬১৬জন। আমি মনত পেলাই চাওঁ যে ২০১৫ চনত নাগৰিকপঞ্জীৰ বাবে আবেদন কৰা লোকৰ সংখ্যাটো আছিল ৩,২৯,৯১,৩৮৫জন! দুয়োটা সংখ্যা প্ৰায় মিলি গৈছে। অৰ্থাৎ বহুসংখ্যক মানুহে নাগৰিকপঞ্জীৰ বাবে আবেদন নকৰাকৈ থাকি গ’ল বুলি ভাবিব নোৱাৰি। (যোৰহাটৰ জনৈক ৰিজু শইকীয়াই ফেচবুকত কৰা এই লেখীয়া অংক এটাৰ প্ৰেৰণাতে ময়ো এই অংকটো কৰিছোঁ, অৱ্শ্যেই কিছু সাল-সলনি কৰি। মই তেখেতৰ ঋণ স্বীকাৰ কৰিলোঁ।)

সেয়ে যুক্তিপূৰ্ণ সিদ্ধান্ত এয়ে হ’ব যে অসমৰ প্ৰায় গোটেইখিনি মানুহেই নাগৰিকপঞ্জীৰ বাবে আবেদন কৰিছে আৰু নাগৰিকপঞ্জীয়ে ধাৰ্য কৰি দিয়া মানুহখিনিয়ে হ’ব বিদেশী। ইতিহাসৰ অমোঘ বাৰ্তা এয়ে যে আমাৰ সকলো অনুমান (speculation) ধোঁৱাচাঙত তুলি আমি নাগৰিকপঞ্জীক স্বীকাৰ কৰি ল’ব লাগিব আৰু তাৰ আধাৰতে ভৱিষ্যতৰ বাটত খোজ পেলাব লাগিব।

আমাৰ পূৰ্বৰ বহু আশংকাকে যদি ই অসাৰ প্ৰতিপন্ন কৰে, বহু ভাষ্যকে যদি অতিশয়োক্তি বুলিও দেখুৱায়, তৎসত্ত্বেও আমি নাগৰিকপঞ্জীক নেওচিব নোৱাৰোঁ। কাৰণ কিবা ত্ৰুটি থাকি গ’লেও ইয়াৰ হিচাপেই আটাইতকৈ প্ৰণালীবদ্ধ, বস্তুনিষ্ঠ আৰু বিজ্ঞানসন্মত। আহক, নাগৰিকপঞ্জীৰ আধাৰত অসমীয়া জাতিক নতুনকৈ গঢ়োঁ আৰু ইয়াৰ পৰা বাদ পৰাসকলক লৈও অসম তথা ভাৰতৰ হানি নোহোৱাকৈ যথাসম্ভৱ মানৱোচিত পদক্ষেপৰ প্ৰয়াস কৰোঁ।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক