• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

আছুৰ পৰা এজিপি হৈ বিজেপিলৈ যোৱা সকলক ৰাইজে এশিকনি দিবনে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 11, 2024 12:17 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত জোড়ো অভিযানেই বোলক বা অসম নাগৰিক সমাজেই বোলক, আমি এই নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে আৰু ইণ্ডিয়া এলায়েঞ্চৰ সপক্ষে প্ৰচাৰ চলাইছোঁ মূলতঃ দুটা কথাৰ কাৰণে- তাৰে এটা হ’ল সাংবিধানিক প্ৰমূল্যৰ সুৰক্ষা আৰু আনটো হ’ল গণতান্ত্ৰিক অনুষ্ঠানবোৰৰ স্বতন্ত্ৰতা আৰু স্বকীয়তা বৰ্তাই ৰখা। যোৱা ২২-২৪ মাৰ্চলৈ আমি যোৰহাট, শিৱসাগৰ, তিতাবৰ আৰু বকতাত নাগৰিক সভা অনুষ্ঠিত কৰাৰ পিছত এইবাৰ অজিত কুমাৰ ভূঞা, শান্তনু বৰঠাকুৰ আৰু মই গৈছিলোঁ ডিব্ৰুগড়ক কেন্দ্ৰ কৰি ওচৰ-পাঁজৰৰ ঠাইবোৰত নাগৰিক সভা কৰিবলৈ।

অজিতদা আৰু মই ৬ তাৰিখে দুপৰীয়া ১২ বজাৰ বিমানেৰে ডিব্ৰুগড় পাইছিলোঁগৈ। সেইদিনাই সন্ধিয়া আমি চাবুৱালৈ গ’লোঁ। তাত প্ৰায় ১০০ জনমান মানুহৰ এখন নাগৰিক সভা কৰিলোঁ। ভাল লগা কথাটো হ’ল, যিসকল মানুহ সভালৈ আহিছিল তেওঁলোক আছিল সমাজৰ বিভিন্ন অংশৰ লোক। কোনোবাজন বা অৱসৰপ্ৰাপ্ত চিকিৎসক, কোনোবাজন শিক্ষক বা অধ্যাপক। আনহাতে, সভাখনত ৰাইজৰ দল, কংগ্ৰেছ, অসম জাতীয় পৰিষদ, অসম জাতীয় দল আৰু বিভিন্ন ধৰ্মীয় বা যুৱক সংগঠনৰ প্ৰতিনিধিও উপস্থিত আছিল। মূলতঃ সভাত উপস্থিত থকাসকল আছিল মিশ্ৰিত।

Apply Now

আমি বক্তৃতা দিয়াৰ পিছত, সভাত উপস্থিত থকা স্থানীয় লোক সকলে আমাক বহু প্ৰশ্ন সুধিছিল। তাৰে এটা আছিল ভি ভি পেট সম্পৰ্কীয়। তেওঁলোকে ভাবিছিল নাগৰিক সমাজৰ প্ৰতিনিধি সকলৰ হাতত যেন সকলো প্ৰশ্নৰেই উত্তৰ থাকিব! ক’ত থাকিব আমাৰ হাতত সকলো প্ৰশ্নৰ উত্তৰ? তেওঁলোকৰ বহু প্ৰশ্ন আমাৰো প্ৰশ্ন। অজিতদা আৰু মই সভাখন কৰি ওভতি অহাৰ আগতে শান্তনুও হোটেল পাইছিলহি। আমি সামগ্ৰিকভাৱে উজনিৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিছিলোঁ। তাত আন ৰসাল কথাও ওলাইছিল।

দেওবাৰে মানে ৭ তাৰিখে পুৱা আমি গৈছিলোঁ ডিগবৈলৈ। ডিগবৈ সাহিত্য সভা ভৱনত সভা। গৈ দেখোঁ মানুহ বেছি নাই। কিন্তু সময়ত মানুহ আহিল। সভাঘৰ ভৰি পৰিল। তাতো সভাত উপস্থিত থকা লোকৰ চৰিত্ৰ একেই। নাগৰিক সমাজৰ মুখিয়াল লোকৰ লগত বিৰোধী ঐক্যৰ প্ৰতিনিধিসকল। ভাল লাগিল সভাখন কৰি। দুপৰীয়াৰ ভাতসাজ খালোঁ ‘নামদাং গেষ্ট হাউচ’ত। কি সুন্দৰ খাদ্য? মূৰ্গীৰ জোলেই চাব নে মাছেই চাব নে পিটিকাই চাব বা ভজা মাছেই চাব! এই খাদ্যৰ কথাটোও গুৰুত্বপূৰ্ণ। প্ৰতিখন ঠাইৰ ভাষা সংস্কৃতিৰ যেনেকৈ এটা নিজস্ব বৈশিষ্ট্য আছে তাৰ খাদ্যৰো তেনেকৈ এক নিজস্ব বৈশিষ্ট্য আছে। কিন্তু, সি এতিয়া আক্ৰান্ত হৈছে বিশ্বায়ানৰ দ্বাৰা। সকলো বৈচিত্ৰ্য নাশ কৰাৰ এক প্ৰক্ৰিয়া।

আচৰিত কথা, ভাৰতৰ স্বাভিমানৰ কথা কোৱা বিজেপিৰ কিন্তু বিশ্বায়নৰ সৈতে কোনো বিৰোধ নাই। যি সামান্য বিৰোধ আছে সি কেৱল নামতহে। হিন্দুত্বৰ আগ্ৰাসনো এক ধৰণৰ দেশীয় বিশ্বায়নেই। সেয়ে খাদ্যৰ কথাটো গুৰুত্বপূৰ্ণ। পৰম তৃপ্তিৰে ভাত খাই পইছা দিয়াৰ সময়ত গৰাকীয়ে ক’লে গুৱাহাটীৰ কোনো সদাশয় লোকে হেনো আমাৰ বিলৰ পইছা দিব। ৱাহ! মানুহ আছে। সমাজ আছে। এইবাৰ ওলালোঁ আমি তিনিচুকীয়ালৈ। তিনিচুকীয়াৰ সভাখনৰ আহ্বায়ক আছিল ৰাণা চাংমাই আৰু বংকিম গগৈ। আগৰ দৰে সভাৰ চৰিত্ৰ একেই। তিনিচুকীয়াত মানুহ অলপ ক’ম হৈছিল যদিও মানুহখিনি বৰ মনোযোগী আৰু চিৰিয়াছ আছিল। তেওঁলোকৰ আটাইকেইজন সভাৰ শেষলৈকে আছিল। সকলোৱে কথাবোৰ মনোযোগেৰে শুনিছিল।

মই নাগৰিক সমাজৰ কৰ্তব্যৰ বিষয়ে ক’লোঁ। শান্তনুৱে সংবিধানৰ বিষয়ে ক’লে আৰু ঠায়ে ঠায়ে নাগৰিক সমাজ গঠন হ’লে চৰকাৰে দমন-নিপীড়ণ চলালে সকলোৱে যে একমুখে প্ৰতিবাদ কৰিব পাৰিব সেই কথাটোৰ ওপৰত গুৰুত্ব দিলে।অজিতদাই সামগ্ৰিকভাৱে বৰ্তমানৰ পৰিস্থিতিটো ব্যাখ্যা কৰিলে। ৰাণা চাংমায়ে সুন্দৰকৈ সভাখন চলাইছিল। আনৰ বক্তব্যৰ মাজে মাজে দিয়া তেওঁৰ টিপ্পনীবোৰ বৰ প্ৰাসংগিক আৰু তাৎপৰ্যপূৰ্ণ আছিল। শান্তনু নিশাৰ ৰাজধানীৰে গুৱাহাটীলৈ ওভতি গৈছিল। অজিতদা আৰু মই ডিব্ৰুগড়লৈ ওভতিছিলোঁ।

আমাৰ শেষৰ সভাখন অনুষ্ঠিত হৈছিল সোমবাৰে আবেলি ডিব্ৰুগড়ত। এই সভাখনক লৈ আমি অলপ চিন্তিত হৈ আছিলোঁ।ডিব্ৰুগড়ত সংগঠকৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু, তাৰ কেইজনমান লোকৰ পৰা পোৱা সঁহাৰিয়ে আমাক সাহস দিছিল। তেওঁলোক আছিল শ্ৰদ্ধেয় ডঃ নগেন শইকীয়া, ডঃ পৰমা মহন্ত, বিশিষ্ট চিকিৎসক সীমান্ত কোঁৱৰ আৰু ফাডাৰ লুইছ। সভাত সভাপতিত্ব কৰিছিল ডঃ মহন্তই, সভাখন উন্মোচন কৰিছিল শইকীয়াচাৰে। বক্তা হিচাপে আছিলোঁ অজিতদা, সীমান্ত কোঁৱৰ,শৈলেশ ধানোৱাৰ আৰু মই। সকলোৱে অতি আগ্ৰহেৰে আমাৰ কথাবোৰ শুনিছিল। আচৰিত কথা যে গা ভাল নথকা সত্ত্বেও শইকীয়া চাৰ সভাখনৰ শেষলৈকে আছিল।

আমি ৯ তাৰিখে ডিব্ৰুগড়ত সংবাদ মেল এখন কৰি আমাৰ এই যাত্ৰাৰ সামৰণি মাৰিছিলোঁ। সংবাদ মেলৰ সবিশেষ আজিৰ কাকততবোৰত ওলাইছে। সেইদিনাই আবেলিৰ বিমানেৰে আহি গুৱাহাটী পাইছিলোঁ। যি দেখিছোঁ সমাজৰ জনা-বুজা মানুহ কিন্তু বিজেপিৰ বিৰুদ্ধে জকি আছে। ডিব্ৰুগড় এৰিবৰ সময়ত এম ডি কে জি কলেজৰ প্ৰাক্তন অধ্যক্ষ দিলীপ ভূঞাই কোৱা কথা এষাৰ এতিয়াও কাণত বাজি আছে- ‘সেই যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ পৰা ২২ জন ব্যক্তি এম এল এ হোষ্টেললৈ গৈছিল তেতিয়াই আৰম্ভ হৈছিল আমাৰ সমস্যাৰ।’ আছুৰ পৰা এজিপিহৈ বিজেপিলৈ যোৱা প্ৰতাৰক সকলক ৰাইজে কি প্ৰতুত্তৰ দিয়ে সেইটোহে আচল কথা এতিয়া।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd