শেষৰ ২টা বলত প্ৰয়োজন হৈছিল ৬ ৰানৰ। জেনিথ লিয়ানাগেৰ হাতত ষ্ট্ৰাইক। জোছ টঙৰ পঞ্চমটো বলত মাৰিলে এটা বিশাল ছয়! আৰু তাৰ লগে লগে ৰাৱালপিণ্ডিত ৰচিত হ’ল অবিশ্বাস্য ইতিহাস। হেৰী ব্ৰুকৰ দুৰ্দান্ত দ্বিশতকক ম্লান কৰি ৪৩০ ৰান অতিক্ৰমি ইংলেণ্ডক পৰাস্ত কৰিলে শ্ৰীলংকাই।
এই জয়ৰ লগে লগে গুৱাহাটীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে স্থাপন কৰা ৪০৬ ৰান অতিক্ৰমৰ অভিলেখ ভংগ হ’ল। সেইটো এতিয়া এদিনীয়া ক্ৰিকেটৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ৰান চেজৰ সফলতা।
টছত পৰাস্ত হোৱাৰ পিছত প্ৰথমে বেটিং কৰি ইংলেণ্ডে এক সুন্দৰ আৰম্ভণি কৰে। ৰুট আৰু ব্ৰুকৰ দুৰ্দান্ত বেটিঙেৰে ৰানৰ পাহাৰ গঢ়াৰ এক শক্তিশালী ভেটি গঢ়ি তোলে। এদিনীয়া খেলত ৮০০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন ইংৰাজ বেটছমেন হিচাপে পৰিগণিত হয় জো ৰুটে (৬৬ বলত ৬৯ ৰান)।
অৱশ্যে অধিনায়ক ব্ৰুকেই সকলো লাইমলাইট কাঢ়ি ল’লে। তেওঁৰ বেটৰ পৰা আহিল মাত্ৰ ১১৪টা বলত ২০২ ৰানৰ বিধ্বংসী ইনিংছ। ২১টা চাৰি আৰু ১০টা বিশাল ছয়। শুভমন গিলৰ অভিলেখ ভংগ কৰি এতিয়া তেওঁ এদিনীয়াত দ্ৰুততম দ্বিশতক অৰ্জনৰ অধিকাৰী। লগতে উইল জেকছৰ সৈতে ২৫টা বলত অপৰাজিত ৬৬ ৰান। মুঠতে ইংলেণ্ডে ৫০ অভাৰত ৪২৯/৪ ৰান সংগ্ৰহ কৰে।
সন্মুখত টাৰ্গেট ৪৩০ ৰানৰ পাহাৰ। মাত্ৰ ২৪ ৰানত ২ টা উইকেট হেৰুৱাই সংগ্ৰাম কৰি আছিল শ্ৰীলংকাই। তাৰ পৰাই আৰম্ভ হৈছিল প্ৰত্যাৱৰ্তন। প্ৰথমে পৱন ৰত্নায়কে আবিষ্কা ফাৰ্নাণ্ডো (৯৭)ৰ সৈতে ১৬৬ ৰানৰ পাৰ্টনাৰশ্বিপ স্থাপন কৰে। আবিষ্কাই তিনি ৰানৰ বাবে শতক বঞ্চিত হ’লেও পৱন ৰৈ নাথাকিল। ১০৬ বলত ১৩০ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলিলে। তাৰ পিছত দাছুন শানাকাৰ ৫০টা বলত ৯৭ ৰানৰ বিস্ফোৰক ইনিংছ। তেওঁ ইংলেণ্ডৰ বলাৰ ছেম কাৰানক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰে। কাৰানে ৯ অভাৰত ১০৩ ৰান খৰচ কৰে।
শেষ ৮ অভাৰত ১০০ ৰানৰ প্ৰয়োজন হৈছিল। শানাকা উভতি যোৱাৰ পিছত দলটোৰ শক্তিশালী নিয়ন্ত্ৰণ ল’লে লিয়ানাগে। ২৭টা বলত অপৰাজিত ৬১ ৰান সংগ্ৰহ কৰা লিয়ানাগে অবিশ্বাস্য জয় কাঢ়ি আনিলে। শেষৰ অভাৰত জোছ টঙে দুটা উইকেট দখল কৰি শ্ৰীলংকাক চাপ দিছিল যদিও লিয়ানাগৰ বিশাল ছিক্সাৰে ২ উইকেটত জয় নিশ্চিত কৰে।
এনে পৰাজয়ৰ পিছত ইংৰাজ অধিনায়ক ব্ৰুক অত্যন্ত হতাশ। তেওঁ কয়, ‘এখন অসাধাৰণ মেচ। শ্ৰীলংকাই আমাক সম্পূৰ্ণৰূপে পৰাভূত কৰিলে। মোৰ ইনিংছটো ভাল হ’লেও দলটোৱে পৰাস্ত হোৱাৰ বাবে ইয়াৰ কোনো মূল্য নাই।’





