ৰাভা হাছঙৰ ১০০ বছৰ পুৰণি সংগঠন নিখিল ৰাভা জাতীয় পৰিষদে আজি আছুৰ প্ৰতিনিধি সভা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ ৰাভাই কয়, “আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ খিলঞ্জীয়া সন্দৰ্ভত এটা শব্দও কোৱাৰ অধিকাৰ আজিৰ দিনত নাই বুলি ভাবোঁ। আমি ৰাভা হাছঙৰ মানুহে দীৰ্ঘদিন ধৰি বৰদুৱাৰ বাগান, ৰাণী আৰু উকিয়ামত চেটেলাইট চিটি, এৰ’চিটি আৰু বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সংগ্ৰাম কৰি আছোঁ। এই প্ৰকল্পসমূহৰ ফলত ২০ হাজাৰৰ অধিক ৰাভা, গাৰো, আদিবাসী, বড়ো, ভাষিক অসমীয়া আদি জনজাতীয়-জনগোষ্ঠীয় মানুহে মাটি-ভেটি হেৰুৱাব। ইয়াৰ বিৰুদ্ধে সংগ্ৰাম কৰি আমাৰ সতীৰ্থ জেললৈ পৰ্যন্ত গৈছে। কিন্তু আজিলৈ আছু তথা সমুজ্জ্বল ভট্টাচাৰ্যৰ এই সন্দৰ্ভত এটা বাক্যও মুখেৰে ওলোৱা নাই।”
তেওঁ লগতে কয়, “তেওঁ কেৱল ইস্ত্ৰি কৰা কাপোৰ পিন্ধি চৰকাৰৰ লগত হিচাপ-নিকাচ কৰি খিলঞ্জীয়াৰ কথা মাজে মাজে মুখেৰে কৈ থাকে। যদি আছু নেতৃত্বই সঁচাকৈ খিলঞ্জীয়াৰ কথা ভাবে, তেন্তে আমাৰ ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামৰ অংশীদাৰ হওক। আমি তেওঁলোকৰ প্ৰতি এই আহ্বান জনালোঁ। আমাৰ মানুহৰ যে মাটিৰ পট্টা নাই, সেই বিষয়ে চৰকাৰক জনাওক। ভোগদখলী মানুহক মাটিৰ পট্টা দিবলৈ চৰকাৰক দাবী জনাওক। অন্যথা গুৱাহাটীত বহি খিলঞ্জীয়াৰ কথা কৈ আভুৱা ভঁৰা বন্ধ কৰক।”





