• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সৰুসজাইৰ কোটিটকীয়া পেণ্ডেলৰ পৰা খিলঞ্জীয়াৰ কথা কোৱাৰ পৰিৱৰ্তে আছু নেতৃত্বই ৰাভা হাছং অথবা কাৰ্বি আংলংলৈ আহক

আদানী তাপবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে কোকৰাঝাৰৰ পৰ্বতজোৰাত ভূমি হেৰুওৱা বড়ো জনজাতীয় যুৱকে গাত পেট্ৰ’ল ঢালি প্ৰতিবাদ কৰাৰ সময়ত আছু কিয় মনে মনে আছিল? : ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2026 9:13 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আছু নেতৃত্ব আৰু সমুজ্জ্বল ভট্টাচাৰ্যই খিলঞ্জীয়াৰ প্ৰকৃত সুৰক্ষাৰ কথা যদি সঁচাকৈ ভাবিছে, তেন্তে ৰাভা হাছং, কাৰ্বি আংলং, ডিমা হাচাও, মিকিৰ বামুণী, বিটিআৰ আৰু কাজিৰঙাৰ ভূমি হেৰুওৱা খাটিখোৱা ৰাইজৰ লগত একে শাৰীত থিয় হ’ব লাগে। সৰুসজাইৰ কোটিটকীয়া বৃহৎ পেণ্ডেলৰ পৰা খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা ক’লেই নহ’ব, বাস্তৱত আছু নেতৃত্বই সেই কাম হাতে-কামে কৰি দেখুৱাব লাগে। আজি সৰুসজাইত অনুষ্ঠিত আছুৰ প্ৰতিনিধি সভাৰ পাছত আছু নেতৃত্ব আৰু সমুজ্জ্বল ভট্টাচাৰ্যলৈ এই আহ্বান জনাইছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে।

 

Apply Now

এক বিবৃতিযোগে সংগ্ৰাম সমিতিৰ উপদেষ্টা তথা জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, আহ্বায়ক প্ৰণৱ দলে, কৃষ্ণ গগৈ আৰু সুব্ৰত তালুকদাৰে কয় যে যোৱা ২ বছৰত অসমৰ পাহাৰ-ভৈয়ামত খিলঞ্জীয়া তথা জনজাতীয় মানুহৰ ২ লাখ বিঘাতকৈ বেছি মাটি আদানীয়ে কাঢ়ি ল’ব বিচাৰিছে। লাখ লাখ থলুৱা মানুহক মাটি-ভেটিৰ পৰা চিৰদিনৰ কাৰণে বিতাড়িত কৰাৰ বিৰুদ্ধে স্থানীয় মানুহ যেতিয়া ৰাজপথলৈ ওলাই আহিছে, সেই সময়ত আছু নেতৃত্ব চূড়ান্তভাৱে নিমাত। আদানী তাপবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে কোকৰাঝাৰৰ পৰ্বতজোৰাত ভূমি হেৰুওৱা বড়ো জনজাতীয় যুৱক এজনে যেতিয়া গাত পেট্ৰ’ল ঢালি পৰ্যন্ত প্ৰতিবাদ কৰিছিল, সেই সময়তো আছু নেতৃত্ব আৰু সমুজ্জ্বল ভট্টাচাৰ্যৰ মুখেৰে মাত এষাৰ ওলোৱা নাছিল। কাজিৰঙা ৰক্ষাৰ যুঁজত খিলঞ্জীয়া মিছিং যুৱক প্ৰণৱ দলেৰ ওপৰত এনএছএ (NSA) লগোৱাৰ পাছতো অন্ততঃ কাজিৰঙা ৰক্ষাৰ স্বাৰ্থত আছুৰ এটা বিবৃতিও নাহিল। বৃহৎ পুঁজিপতিৰ পৰা চান্দা লৈ নিৰ্মিত মঞ্চৰ পৰা কেৱল কাগজে-কলমে আৰু মুখেৰেহে খিলঞ্জীয়াৰ কথা ক’ব পাৰি। কিন্তু বাস্তৱত আছু নেতৃত্ব চৰকাৰ তথা বৃহৎ পুঁজিপতিৰ স্বাৰ্থতহে কাম কৰা এটা সংগঠনলৈ ৰূপান্তৰিত হৈছে বুলি ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

 

এছআইআৰ প্ৰসংগত আছুৰ শেহতীয়া স্থিতি সন্দৰ্ভত সংগঠনটোৱে কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু উৎপল শৰ্মাৰ মাজত দিল্লীৰ অধিক ঘনিষ্ঠ আৰু বিশ্বাসভাজন কোন হ’ব পাৰে, তাক লৈহে এক অঘোষিত প্ৰতিযোগিতা চলিছে যেন লাগিছে। বিজেপিৰ ৰাজনৈতিক স্বাৰ্থত নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতাক লৈ দেশজুৰি প্ৰশ্নৰ সন্মুখীন হোৱা মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো প্ৰশংসাৰ পাত্ৰ, সদৌ অসম ছাত্ৰ সন্থাৰো প্ৰশংসাৰ পাত্ৰ। এছআইআৰক মুখ্যমন্ত্ৰীয়েও সমৰ্থন কৰে, আছুৱেও সমৰ্থন কৰে। সৰুসজাইত ৰজাঘৰীয়াৰ জকমকীয়া বৃহৎ সমাৱেশ অনুষ্ঠিত হয়, মোদী-অমিত শ্বাহৰ ৰাজনৈতিক সভাও সৰুসজাইতে অনুষ্ঠিত হয়। এতিয়া ছাত্ৰ সন্থাৰ সভাও সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলৈ আৰম্ভ কৰিছে। এই দৃশ্যবোৰ অসমৰ ৰাইজে নেদেখাকৈ থকা নাই, সকলো দেখি আছে, সকলো বুজি আছে।

 

প্ৰশ্ন হয়, অসমৰ জাতীয় সংগঠনৰ ৰাজনৈতিক নিৰপেক্ষতা আৰু স্বকীয় স্থিতিৰ এই পৰিৱৰ্তনৰ আঁৰত কি আছে? আছুৰ সভাপতি উৎপল শৰ্মাই যদি সঁচাকৈয়ে অসমৰ ৰাইজক নিজৰ অভিভাৱক বুলি গণ্য কৰিলেহেঁতেন, তেন্তে ৰজাঘৰীয়াৰ ৰাজনৈতিক প্ৰভাৱৰ প্ৰতীক হৈ পৰা সৰুসজাই ষ্টেডিয়ামৰ পৰিৱৰ্তে ৰাভা হাছঙৰ বৰদুৱাৰ বাগান অথবা আন কোনো ষষ্ঠ অনুসূচী অঞ্চল অথবা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত উচ্ছেদৰ আশংকাত হাহাকাৰ চলি থকা স্থানত ছাত্ৰ সন্থাৰ সভা অনুষ্ঠিত কৰাৰ কথাহে বিবেচনা কৰিলেহেঁতেন। জাতীয় সংগঠনৰ নেতৃত্বৰ পৰা ৰাইজে দিল্লীৰ আনুগত্য নহয়, অসমৰ স্বাৰ্থৰ প্ৰতি দায়বদ্ধতা আশা কৰে। অন্ততঃ আছুৰ নেতৃত্বই এই কথাটো মনত ৰখা উচিত। এছআইআৰৰ পৰা অসমত আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব অসমৰ খিলঞ্জীয়া তথা জনজাতীয় ৰাইজ। আছুৱে যদি সঁচাকৈ খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা ভাবিছে, তেন্তে এই কথা আদৰণীয়। কিন্তু খিলঞ্জীয়াৰ কথা এফালে কৈ আনফালে চৰকাৰৰ কথাৰ লগত উঠা-বহা কৰি থাকিলে পৰৱৰ্তী প্ৰজন্মই আছুক কেতিয়াও ক্ষমা নকৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সৰুসজাইৰ কোটিটকীয়া পেণ্ডেলৰ পৰা খিলঞ্জীয়াৰ কথা কোৱাৰ পৰিৱৰ্তে আছু নেতৃত্বই ৰাভা হাছং অথবা কাৰ্বি আংলংলৈ আহক

সৰুসজাইৰ কোটিটকীয়া পেণ্ডেলৰ পৰা খিলঞ্জীয়াৰ কথা কোৱাৰ পৰিৱৰ্তে আছু নেতৃত্বই ৰাভা হাছং অথবা কাৰ্বি আংলংলৈ আহক

November 24, 2026 9:13 am
আমেৰিকাৰ এই চহৰখনত অস্ত গৈছে সূৰ্য; সূৰ্যোদয়ৰ বাবে অপেক্ষা কৰিব লাগিব আৰু ৬৫ দিন

আমেৰিকাৰ এই চহৰখনত অস্ত গৈছে সূৰ্য; সূৰ্যোদয়ৰ বাবে অপেক্ষা কৰিব লাগিব আৰু ৬৫ দিন

November 24, 2026 8:26 am
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ৬বিধ উপকাৰী খাদ্য: খাদ্যতালিকাত কি কি অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিলে এইমছ-প্ৰশিক্ষিত চিকিৎসকে?

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ৬বিধ উপকাৰী খাদ্য: খাদ্যতালিকাত কি কি অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিলে এইমছ-প্ৰশিক্ষিত চিকিৎসকে?

November 24, 2026 7:25 am
অবৈধ সুৰাৰ ব্যৱসায়ৰ নতুন কৌশল : পানীৰ সলনি দমকলৰ পৰা ওলাল দেশীয় সুৰা! ‎

অবৈধ সুৰাৰ ব্যৱসায়ৰ নতুন কৌশল : পানীৰ সলনি দমকলৰ পৰা ওলাল দেশীয় সুৰা! ‎

November 23, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সৰুসজাইৰ কোটিটকীয়া পেণ্ডেলৰ পৰা খিলঞ্জীয়াৰ কথা কোৱাৰ পৰিৱৰ্তে আছু নেতৃত্বই ৰাভা হাছং অথবা কাৰ্বি আংলংলৈ আহক

সৰুসজাইৰ কোটিটকীয়া পেণ্ডেলৰ পৰা খিলঞ্জীয়াৰ কথা কোৱাৰ পৰিৱৰ্তে আছু নেতৃত্বই ৰাভা হাছং অথবা কাৰ্বি আংলংলৈ আহক

November 24, 2026 9:13 am
আমেৰিকাৰ এই চহৰখনত অস্ত গৈছে সূৰ্য; সূৰ্যোদয়ৰ বাবে অপেক্ষা কৰিব লাগিব আৰু ৬৫ দিন

আমেৰিকাৰ এই চহৰখনত অস্ত গৈছে সূৰ্য; সূৰ্যোদয়ৰ বাবে অপেক্ষা কৰিব লাগিব আৰু ৬৫ দিন

November 24, 2026 8:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd