আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত ১০০ ৰানতকৈ কম ৰানত অল আউট হোৱাটো সঁচাকৈয়ে লজ্জাজনক। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত বাংলাদেশৰ ক্ষেত্ৰত সেয়াই হৈছে। ৪০ ৰানত মাত্ৰ ১ টা উইকেট হেৰুওৱা বাংলাদেশ দলটোৱে অৱশেষত ৯১ ৰানতে অল আউট হয়।
কাগিছ’ ৰাবাদাৰ পৰা আৰম্ভ কৰি এনৰিকে নৰ্চিয়াৰ দৰে বলাৰৰ শক্তিৰ সন্মুখত বাংলাদেশৰ বেটছমেনসকলে সম্পূৰ্ণৰূপে আত্মসমৰ্পন কৰিবলগীয়া হয়। তাতেই গঢ়ি উঠিল লজ্জাজনক নতুন অভিলেখ।
চেঞ্চুৰিয়ানৰ ছুপাৰস্প’ৰ্ট পাৰ্কত অনুষ্ঠিত দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত বেটিং কৰিবলৈ নামে বাংলাদেশে। বেটছমেনসকলে পিটচত তিষ্ঠিব নোৱাৰি ৯১ ৰানতে অল আউট হোৱাৰ পিছত ছুপাৰস্প’ৰ্ট পাৰ্কত প্ৰথমে বেটিং কৰা দল হিচাপে সৰ্বনিম্ন স্ক’ৰৰ অভিলেখ গঢ়ে টাইগাৰ বাহিনীয়ে। অৱশ্যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত ১০০ ৰানৰ সীমা অতিক্ৰম কৰিব নোৱাৰাটো বাংলাদেশৰ বাবে এইটো চতুৰ্থবাৰ ঘটিছে। অৰ্থাৎ বাংলাদেশৰ বাবে এই ঘটনা নতুন নহয়।
কোৱা বাহুল্য যে টছত জয়লাভ কৰাৰ পাছত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক আইডেন মাৰ্ক্ৰামে বাংলাদেশৰ বিৰুদ্ধে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত শুদ্ধ বুলি প্ৰমাণিত হৈছে। আনহাতে অভিজ্ঞ বেটছমেন মুছফিকুৰ ৰহিম অবিহনে খেলপথাৰত নামিছিল বাংলাদেশ দল। দলটোৱে মেহিদী হাছান মিৰাজক বাদ দি চাৰিজন বেগী বলাৰৰ সৈতে খেলাৰ সিদ্ধান্তও লয়। কিন্তু ইয়াৰ দ্বাৰা ক্ৰিকেট দলটোৰ কোনো লাভ নহ’ল।
উল্লেখ্য যে বাংলাদেশৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ প্ৰতিজন বলাৰে উইকেট দখল কৰে। অৱশ্যে সৰ্বাধিক উইকেট লাভ কৰে ৰাবাদা আৰু মাৰ্কো জেনচেনে। এই দুগৰাকী বলাৰে তিনিটাকৈ উইকেট দখল কৰে। ইয়াৰ উপৰিও নাৰ্কিয়াই দুটা আৰু মুল্ডাৰ আৰু হাৰ্মাৰে এটাকৈ উইকেট দখল কৰে।





